পৃষ্ঠা:Mor Sowarani.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম সৰ্গ bt সেইঘৰত মই আলহী নহয়, পৰিয়ালৰ এজনহে। ইগৰাকী সিগৰাকীৰপৰা “পদ্মযোপাটি সম্বোধন শুনি মোৰ প্ৰাণ শীতল হল, ভালেমান পৰলৈকে বাহিৰৰ কথা মই পাহৰি গৰ্সে। অলপ পাচতে বৰকটকীদেৱৰ দিহামতে নৰ্মাল স্কুলৰ বিৰাম নামে বুঢ়া চকীদাৰে এখন গাড়ীতকৈ লগুৱাটোৱে সৈতে মোৰ বয়বস্তু আটাইখিনি ঠিকে-ঠাকে আনি মোক চাই দি গলহি। সেইদিনাই দুপৰীয়া ভোজনৰ পাচত খৰপোচকৈ গৈ বৰকটকীদেৱক দুখন বিষয়বাবৰ কান সলনি দিলোগৈ; এখন তেজপুৰ নৰ্মাল স্কুলৰ হেডমাষ্টৰী” গৱৰ্ণমেন্ট বিষয়বাব, আৰু ইখন “তেজপুৰ অসমীয়া ভাষা আলোচনী সভাৰ সম্পাদকৰ ৰাইজীয়া বিষয়বাব। সেই একেদিনাই আবেলি তেজপুৰ টাউনবাসী অসমীয়া ভদ্ৰলোকসকলে এখন চাহখোৱা মেল পাতি বৰ- কটকীদেৱক বিদায়-সম্ভাষণ জনোৱাৰ পাচত, তেওঁক সন্ধিয়াপৰত শিললৈ বুলি আগবঢ়াই নি জাহাজত তুলি থৈ আহিলোগহঁক। পিচদিনাৰপৰা মই পোনেই চৰকাৰী বিষয়ববীয়া কৰ্তব্য আগত লৈ কাৰ্য আৰম্ভ কৰিলো। তেজপুৰ নৰ্মাল স্কুলৰ হেডমাষ্টৰৰ আসন গ্ৰহণ কৰোতেই জয়জয়তে মোৰ কাণত বাজি যোৱ পোন প্ৰথম আসেৱাহ এটা গুচাই ললো; ছাত্ৰ-গুৰু- বৰ্গৰপৰা মোক কোনোৱে চাৰ, কোনোৱে বাবু বুলি সম্বোধন কৰাত মোৰ আচহুৱা কাণত সি বেজবেজাই বাজি উঠিল। কিয়নো গাঁৱলীয়া গুৰুৰ মুখত চাৰ শব্দটো অশোভন আৰু বাবু মাতষাৰ আপচু যেন মোৰ বোধ হ’ল। ভাবিলো অসমীয়া ব্যৱস্থাৰে পুৰৈপাত মোহাৰি সানি সেই পোৰণি বা বেজবেজনি তেতিয়াই ততালিকে মাৰি নললে সি অভ্যাসত সোমাই লৈ পাচত মোক সততে আমনি কৰি থাকিব; সেই কাৰণে সেই প্ৰথম দিনাই মই মোৰ গুৰু- ছাত্ৰবৰ্গক সংশোধন কৰি বুজাই দিলো যে অসমীয়া স্কুলৰ অসমীয়া শিক্ষকক চাৰ বা বাবু বোলাটো আপচুজনক কথা; এতেকে তেতিয়াৰপৰা সিবিলাকে শিক্ষাগুৰুক “গুৰদেৱ” বুলি সম্বোধন কৰিব লাগিব। ফলিতাৰ্থত, তেতিয়াৰেপৰা তেজপুৰৰ গাঁৱলীয়া পঢ়াশালিবোৰত নিজ শিক্ষকক “গুকদেৱ” সম্বোধন কৰাৰ ৰীতি প্ৰচলিত হবলৈ ধৰিলে। ইমানৰেপৰা মোৰ তেজপুৰীয়া জীৱন। তেতিয়াৰেপৰা এতিয়ালৈকে এই ক্ষুদ্ৰ জীৱনৰ প্ৰায় অৰ্ধশতাব্দী বছৰীয়া কাহিনী সুমৰিবলৈ আগলৈ আছে। ভালে কালে জীয়াই থাকে যদি এই সেঁৱৰণীত” এই ক্ষুদ্ৰ জীৱনৰ অন্তকাললৈকে বিবৃতি পূৰাই থৈ যাবলৈ হাবিয়াস থাকিল। (ইং ১৮৯৬ চনৰ ডিচেম্বৰ মাহ)। • আৱাহন, আহিন, ১৮৫৫,৩ বছৰ, ১২ সংখ্যা প্ৰকাশিত।