পৃষ্ঠা:Mor Sowarani.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱম সৰ্গ - ওলটা যাত্ৰা সেইদিনা মোক আগবঢ়াই থবলৈ অহা মোৰ সমনীয়া প্ৰিয়বন্ধু ইন্দ্ৰধৰ ৰাজখোবা আৰু শৰৎচন্দ্ৰ সেনৰে সৈতে লগ লাগি আহে নাহেকৈ এখোজ আগলৈ এখোজ পিচলৈকে আহি আহি পাঁচ মাইলমান অহাৰ পাচত, সন্ধিয়া পৰত অগত্যা বিদায় দিয়া-লোৱা কৰি চকুলো টুকি টুকি তেওঁলোক দুজন টাউনলৈ উলটিল, মই সেই একে অৱস্থাপন্ন হৈ আমাৰ গাড়ীখনৰ পিছে পিচে খোজ কাঢ়ি বহুবাট আহিলো। মাজে মাজে কেইবাবাৰো উলটি উলটি চোৱা-চুইকৈ তেওঁলোক আক মই বাট বুলিছিলো; কিন্তু অকোৱা-পকোৱা পৰ্বতীয়া বাটত ঠাইতে গা ওলায় আৰু ঠাইতে লুকায় কাৰণে, মুঠেই তিনিবাৰহে আমি নিলগৰপৰা দেখাদেখি হৈছিলোহঁক। তাৰ পাচত গৃহিণীৰ অনুৰোধ অনুসৰি ময়ো গাড়ীত উঠি ললোগৈ। গৰু খোজেৰে গাড়ী ধীৰে ধীৰে চলিবলৈ ধৰিলে। মোৰ মনৰ বিচ্ছেদজনিত বিষাদ গুচাবৰ বুদ্ধিৰে তেওঁ ছেগ ধৰি ধৰি দুপাশৰ গভীৰ গুহাৰ ফালে চাই চাই ইটো কি?—সিটো কি? কৈ প্ৰশ্ন কৰি মোক ক্ৰমাৎ বিচ্ছেদ পাহৰাবলৈ ধৰিলে। সেইভাবে গৈ গৈ জুবজা নামে এটা আজ্ঞা পালোগৈ। সিমানতে ৰাতি দুপৰমান হ’ল। মোৰ অনুমতি লৈ গাড়োৱানে তাতে গাড়ী খুলি ৰাতিটো জিৰাবলৈ যোজা কৰিলে। তাৰ লগে লগে ছেগ চাই গৃহিণীয়ে আমাৰ এমুঠি ভাতৰ দিহা লগাবলৈ বুলি গাড়ীৰপৰা নামি আহি লগুৱাক লগাই কাৰবাৰত ধৰিলে। সেই ছেগতে মই লাহেকৈ নামি গৈ জুবজা-জুৰি-নৈৰ বুকুত বুকু পাতি থকা এচপৰা পাথৰৰ আসনত বহি ললেগৈ। জোনাক ৰাতি। আকাশৰ কেনিও ক’তে মেঘ এচিকতাও নাই। চতুৰ্দশীৰ জোনে ফটফটীয়া পোহৰ মেলি চকুৰে মণিব পৰালৈকে পৃথিবীৰ সেই পৰ্বতীয় ভাগ দিন যেন পোহৰ কৰি থৈছিল। এনেকি জুৰিটিৰ নিজনি পানীত মুকলিমূৰীয়াকৈ চৰি ফুৰা শিলঘৰীয়া মাছ আৰু তাৰ সৰু সৰু পোৱালিবোৰে পাখি মেলি মেলি নাচি ফুৰা, আৰু তাৰে পৰা পুবে কহিমা টাউনলৈকে একেকঠি দীঘলী গুহাটিৰ তলি পৰিমিত ফটফটীয়াকৈ দেখা গৈছিল। প্ৰকৃতিৰ সেই গুপ্ত শোভা চাই চাই মই আপোনপাহৰা হৈ ৰ-লাগি ৰলে। তাৰ পাচত মূৰ দাঙ্গি পুবফালে চাই পঠিয়াওঁ যে মোৰ মনোমোহা কহিমা নগৰীখন আকৌ মোৰ চকুৰ আগতে! সেই কেন্টনমেন্ট চাপৰি য'ত এই একেকঠি দীঘলী গুহাটিয়ে উজাই গৈ শিতান পাতিছেগৈ; সেই মোৰ হেঁপাহৰ সাহিত্য মন্দিৰ, যি সেই চাপৰিৰ পছিম পাশত থিয় হৈ মোৰফালে তেতিয়াও চাই আছিল; সেই ওখ কিল্লাৰ মাজত কাছাৰি ঘৰ, য'ত মোৰ সেই অন্তৰতম বন্ধু দুজনে বিষয়ববীয়া চৰ্কাৰী কাম কৰে; সেই ‘বাদু চাহাৰ বগলা, সেই মোৰ এৰি অহা বহা; এই সবাৰোপৰি, সেই কহিমা পৰ্বতৰ টিং, য’ত মোৰ এৰি অহা নগা ছাত্ৰ-ছাত্ৰীবৃন্দে বাস কৰে, ব’ত মই নগ-গেনা চাই-মেলি বিমোহিত হওঁ। আৰু য'ত ..