পৃষ্ঠা:Mor Sowarani.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৪ মোৰ সোঁৱৰণী লৰিব নোৱাৰাত সিহঁত অলপ পিচ পৰিল। মোৰ ধাতু নাই, সেই ছেগতে সিফালে সি দুটি প্ৰাণীৰ কি বিলাই হৈছে ভাবিবলৈকে উশাহ নোপোৱা হলো, আহি থাকোতে এটা আৰ্তসূচক ৰিঙ্গি শুনিলো “৪ দৌতা। আহিছেনেও!” বৰুণৰ সেই ৰিঙ্গি শুনি গাত যি অলপ তত, আছিল সিও হেৰাল! সেইছোৱা বাট কেনিনো আহিলো কব নোৱাৰে। যি হওক, মানুহ চাইটা আহি পোৱাত আমি তিনিওৰৰ গা অলপ গহীন লাগিল। তাৰ পাচত প্ৰিয়াক গাড়ীৰ ভিতৰত বহুৱাই লৈ মানুহৰ হতুৱাই গাড়ী টনাই নি কেঞাগোলাৰ আগত আলিৰ ওপৰতে ৰখালোগৈ। সেই সদাশয় মাৰোৱাৰী ভদ্ৰলোকজনে তেওঁৰ গোলাৰ গাদীত গৈ শুবলৈ আমাক জনাইছিল , পিচে প্ৰিয়াৰ অনিচ্ছা হোৱাত সেই পৰম উপকাৰী আপদৰ বন্ধুজনৰ অনুৰোধ ৰাখিব নোৱাৰি তেওঁৰ অনুমতি লৈ গাড়ীত শুই থাকিলোহঁক। পিচদিনা পুৱাতে লগুৱা ল'ৰাটোক টাউনলৈ পঠিয়ালে, বাইদেউ-ভিনীহিদেৱক জনাই আমাৰ নিমিত্তে অন্য উপায় যুগুতি কৰিবলৈ বুলি। ইফালে মাৰোৱাৰী বন্ধুজনৰ শুশ্ৰুষা গ্ৰহণ কৰি আমিও সকাহ পাই এফেৰি জিৰাবলৈ ধৰিলে। তাৰ পাচত আবেলি চাৰিমান বজাত আন এহাল গৰুৰে সৈতে আগৰ গাৰোৱানটোকে লগত লৈ বৰুণ ওলালহি। আগৰহাল গক চিটিকি পলাই আহি কো গোলাতে ৰৈছিলহি; এতিয়াও সিহঁতক গোলাৰ জিম্মাতে গতাই থৈ আমি আকৌ বাৰ্ট খেদিবলৈ ধৰিলোহঁক। পাচত অনা গৰুহাল চোকা আক বলী। গতিকে সন্ধিয়া নৌ লাগোতেই আমি নামবৰ হাবি পাৰ হৈ গৈ ৰাতি এৰমান যোৱাত বৰপথাৰ পালোগৈ। তাতে ৰাতিটো জিৰালো। ইয়াৰ পাচত, ইয়াৰ নামনাচ আৰু কেইবাটাও আপদ- বিপদ এৰাই গৈ নিৰ্ধাৰিত দিনতকৈ এদিন পলমে কহিমা ওলালোগৈ। পলম হোৱাৰ বাবে উদ্বিগ্ন হৈ বাটলৈ চাই থকা চেকেণ্ড মাষ্টৰ জ্যোতিৰ্ময় সেন বাবুৱে আগবাঢ়ি গৈ টাউনৰ সীমাৰ সিপাৰৰপৰা আমাক আদৰি আনিলেগৈ। তাৰ পাচত মোৰ বহাৰ পদূলিমূৰ পাই দেখে যে কলাপুলি এষোৰৰ দুপাশে মোৰ সমনীয়া বন্ধু খাজাঞ্চি ইন্দ্ৰধৰ ৰাজখোৱা আৰু একাউন্টেন্ট শৰৎচন্দ্ৰ সেন থিয় দি আমাৰ অপেক্ষাত ৰৈ আছে। মই দুইৰে সৈতে কোলা- কুলি কৰি দুইকো মোৰ চেনেহৰ আলিঙ্গন দিলো। সেইক্ষণতে পিতৃব্য-প্ৰতিম ৰায়বাহাদুৰ যাদৱচন্দ্ৰ বৰুৱা, অগ্ৰজ যেন পুলিচ ইনস্পেক্টৰ গৌৰিনাথ গগৈ আক ডেপুটি কমিশ্যনাৰৰ কাছাৰিৰ চুপাৰিন্টেন্টে কেশৱচন্দ্ৰ বৰুৱা প্ৰমুখ্যে আন আন বন্ধুবৰ্গও আহি চাপিলহি। সিবিলাক সকললটি কাছাৰিলৈ যোৱা পোছাকেৰেই আহিছিল, কিয়নো তেতিয়া পুৱা ১১ বাজে বাজে। সিবিলাকে লৰালৰিকৈ বিদায় লৈ আঁতৰ হোৱাত মই প্ৰিয়াক গাড়ীৰ পৰা নমাই ভিতৰলৈ লৈ গলো, তাতে দেখোগৈ যে ৰায়বাহাদুৰৰ ভাৰ্য বৰুৱাণী প্ৰমুখ্যে কেইবাগৰাকীও মহিলাই কন্যাক আদৰিবলৈ সাজু হৈ আছে। মই সিবিলাকৰ হাতত এওঁক গতাই দি ক্ষন্তেকলৈ আজৰি হলো , আৰু সেই ছেগতে ঘৰ-ৰখীয়া নগা চৌকীদাৰটোক বাহিৰৰ লাগতিয়াল কাম-বনত দিহা দি ললল। ইতিময়ত, সিফালে চেকেণ্ড মাষ্টৰ বাবুৱে আধাঘণ্টামানলৈ স্কুল ছুটী দি ছাত্ৰবৃন্দক সিহঁতৰ গুৰু ভাৰ্যা ন-কন্যা চাবলৈ বুলি এৰি দিলেগৈ,