পৃষ্ঠা:Mor Sowarani.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম সৰ্গ । - মোৰ বিয়া কহিমা ইংৰাজী স্কুলখন সৰ্বাঙ্গীন পৰিপাটিকৈ পাতি লৈ মই মনৰ উলাহেৰে তাৰ উন্নতি সাধনত একাণপতীয়াকৈ লাগি আছে, এনেতে পুজনীয় পিতৃদেৱতাৰ পৰা অযাচিতে আদেশসূচক বাতৰি আহি পৰিল যে, মোৰ বিয়া। মই সেই পত্ৰ পঢ়ি উঠি বাস্তৱতে অপ্ৰস্তুত হলো। তাৰ পুৰ্বক্ষণলৈকে মোৰ বিয়া-বাৰুৰ বিষয় মোৰ মন-শ্ৰুতিতে নাছিল। মোৰ আন্তৰিক উদ্দেশ্য আছিল যে স্কুলখনৰ অৱস্থা অলপ টনকিয়াল কৰি দুটিমান ছাত্ৰক মহলাত উত্তীৰ্ণ কৰাই লৈ, আৰু নীতি-শিক্ষা’ নামে সাহিত্য লানি প্ৰমুখ্যে ধনদিয়েক স্কুলীয়া পাঠ্য-পুথি লিখা হাতৰ আধৰুৱা কাম সমাপন কৰি উঠি অন্যান্য লাগতিয়াল বিষয়ত মনোযোগ দিম। গতিকে বিয়াৰ বাতৰিয়ে হঠাতে বিধি-পথালি দি ধৰি মোৰ সংকল্পত বেমেজালি ঘটালে। মই উপায়ান্তৰ হৈ, সম্প্ৰতিকৰ নিমিত্তে বিয়া স্থগিত ৰখাবৰ উদ্দেশ্যে দেউতালৈ টেলিগ্ৰাফত প্ৰাৰ্থনা জানালো। কিন্তু তাৰ ফল নধৰিল, দেউতাই মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য কৰি বিজলীযোগে আদেশ দিলে যে, বিয়াৰ দিন হেহোঁকাব নোৱাৰি , গতিকে ই এমাহমানৰ দুটা লৈ অনতিপলমে শিৱসাগৰত উপস্থিত হবগৈ লাগে , আৰু আইতা- দেউতা স্বয় সেই উদ্দেশ্যে শিৱসাগৰলৈ যাত্ৰা কৰিব লাগিছে। একে আষাৰে কিস্তিমাত। গতিকে অগত্যা মই ৩ তালিকে ছুটাৰ কাৰণে আবেদন কৰিলে। এপষমানৰ ভিতৰতে সেই আবেদনৰ সমিধান আহিল, বিয়াৰ কাৰণে মোক এমাহব ‘অনুগ্ৰহ বিদায়’ (privilege leave) দিয়া হৈছে বুলি। ছুটীৰ হুকুম পাই স্কুলৰ চাৰ্জ চেকেণ্ড মাষ্টৰৰ জিম্মাত গতাই দি মই লৰালৰিকৈ শিৱসাগৰৰ উদ্দেশ্যে ভৈয়ামলৈ নামি আহিলো। এইবাৰ নামোত কিন্তু গা গধুৰ, মন চিন্তাযুক্ত। মোৰ মুকলিমূৰীয়া প্ৰাণ পখীয়ে সংসাৰী সজাত সোমাই মায়াজালত বন্দী হোবাৰ আগন্তুক ক্ষণ গণি উৰে মুৰোকৈ কমনীয়া চৰাইৰ দৰে ওপঙি ওপঙি শিৱসাগৰ উপেশি উৰিবলৈ ধৰিলে। আগৰ দৰে মনত বাটৰ কাহিনীৰ টোকা ধৰি যাবলৈকো পাহৰিলো। মাথোন আপোন-পাহৰা হৈ গৈ গৈ ভমক কৰে বাইদেউ ভিনীহিদেৱৰ ঘৰত ওলালোগৈ। গৈ পায়েই দেখো যে আইতা-দেউতাও তাতে উপস্থিত? মোৰ গাত তেতিয়াহে প্ৰকৃত হুচ আহিল। মই সৰক্তিৰে আই-দেউতাক সেৱা কৰি উঠি ভিতৰ সোমাই মোৰ ধাইমাতৃম্বৰূপা বাইদেউৰ বুকুত সোমালোগৈ। তাৰ পাচত ইকাণ সিকাণকৈ শুনিবলৈ পালো যে জাজীৰ চাওদাং বৰুৱাৰ ঘৰৰ জীয়াৰী এটিৰ লগত মোৰ সম্বন্ধ স্থিৰ হৈছে , আৰু পিতৃদেৱতাৰ জন্মস্থান আমাৰ পুৰ্বপুৰুষ সকলৰ প্ৰতিস্থল ৬ জয়নাথ বুঢ়াগোহাঞি পুথাও দেউতাৰ ঘৰত থাকি বিয়া পাতিবলৈ যোজা হৈছে। শুনিশো যি শুনিলো, বিয়া বিষয়ে মই আৰু কাৰৰ লগত কথা-বাৰ্তা নাপাতিলে॥ মাথোন গুৰুজনৰ আদেশ পালন কৰিবলৈ সাজু হৈ থাকিলো। পিচদিন আইতা আৰু দেউতা আগধৰি