পৃষ্ঠা:Mor Sowarani.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যষ্ঠ সৰ্গ তাৰ ভিতৰত নিতান্ত লাগতিয়াল বিষয় ‘অসমীয়া ল'ৰাৰ ভূগোল’ এখন লিখাৰ বাৰ লবলৈ গগৈদেৱে মনস্থ কৰি থৈছিল; কিন্তু তেওঁৰ দৰেই মোৰো সঙ্কল আছিল পঢ়াশলীয়া ভূগোল আৰু অসমৰ বুৰঞ্জী’ পুথি দুখন লিখিবলৈ। গতিকে অসমীয়া সাহিত্যৰ লানিটো সম্পূৰণ কৰাৰ উদ্দেশ্যে সাহিত্য-সংগ্ৰহৰ পৰা তললৈ নমাই আনি আক তিনিছোৱা অসমীয়া পঢ়াশলীয়া সাহিত্য পুথি যুগুত কৰাৰ ভাৰ মোৰ গাত পৰিল। আৰু তাৰৰ তললৈ (ক-খ পুথিলৈকে) তিনিছোৱা উলিওৱাৰ বাৰ গগৈদেৱে গাত ললে। সেই সঙ্কল্পৰ ফল স্বৰূপে পাণীন্দ্ৰনাথ গগৈ প্ৰণীত ‘অসমীয়া ল'ৰাৰ ভূগোল’ আৰু ল'ৰা-শিক্ষা’ তিনিছোৱা আৰু মোৰ প্ৰণীত নীতিশিক্ষা’ তিনিছোৱা, ‘ভূগোল দৰ্পণ’ আৰু অসমৰ বুৰঞ্জী প্ৰচাৰিত হয়। মোৰ নীতিশিক্ষা’ তিনিছোৱা আৰু তাৰ অগাপিচাকৈ লিখি প্ৰচাৰ কৰা ‘ভূগোল- দৰ্পণ’ আৰু অসমৰ বুৰঞ্জী’ পঢ়াশলীয়া অসমীয়া পুথি কেইখনৰ বিষয়ে পাচত ঘঠাইত আকৌ সুমৰি চোৱা যাব। ইয়াৰ পাচত মোৰ প্ৰণীত পঢ়াশলীয়া অসমীয়া সাহিত্য-পুথিৰ লানি বা ‘চিৰিজ'টো (series) গুৰিৰপৰা আগলৈ সম্পূৰণ কৰাৰ উদ্দেশ্যে ময়ো আদি পুথি তিনিছোৱা প্ৰণয়নত সঙ্কল্প আগত ললে;--তাৰ কাৰ্যফল হৈছে মোৰ আদি-শিক্ষা তিনিছোৱা। এয়ে সেয়ে অৰ্থাৎ ‘আদি-শিক্ষা’ তিনিছোৱা, নীতিশিক্ষা’ তিনিছোৱা আক ‘সাহিত্য-সংগ্ৰহ’ এই আটাইকেইখন পুথি একে কঠিকৈ ধৰি মোৰ পঢ়াশলীয়া সাহিত্য লানি বা ‘চিৰিজ’টো সাতখপীয়াকৈ সম্পূৰণ হৈ উঠাত মোৰ সাহিত্য-সাধনাৰ এভাগি লাগতিয়াল আংশিক ফল পূৰঠ হৈ উঠিল বুলি ভাবি প্ৰাণত এফেৰি নিৰ্মল সুখ উপভোগ কৰিছে।* • আৱাহন, জে, ১৮৫৩, ৩ বছ, সংখ্যা প্ৰকাশিত।