পৃষ্ঠা:Mor Sowarani.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যষ্ঠ সৰ্গ পোন প্ৰথম পঢ়াশলীয়া পাখি প্ৰণয়ন সেই প্ৰশ্নমূলক সমস্যা ভাঙিবৰ অৰ্থে পাণীন্দ্ৰনাথ গগৈদেৱে আৰু মই সুকীয়া সুকীয়াকৈ নানা ফালৰপৰা মতামত, উপদেশ আৰু পৰামৰ্শ সংগ্ৰহ কৰিবলৈ লাগি গলেহঁক। মই সেই উদ্দেশ্যে সেই কালৰ প্ৰবীণ সাহিত্যিক মোৰ সৰল হিতাশী পৰম শ্ৰদ্ধাস্পদ ফণিধৰ চলিহা ডাঙৰীয়া আৰু সেই সময়ৰ অসম শিক্ষা বিভাগৰ গুৰিধৰোতা ভূতপুৰ্ব স্কুল ইন্সপেক্টৰ (পাচত Director of Public Instruction, Assam) মিঃ জে, উইলচন চাহাবৰ লগত বিস্তৰ লিখালিখি কৰি আৰু তেওঁৰপৰা পোৱা সজ আৰু সাৰুৱা উপদেশ অনুসৰি গমি চাওঁ যে আমি যি ঘৰ সাজিবলৈ উথপথপ লগাইছোহক তালৈচোন ভেটি চোঙ্গোৱা হোৱাই নাই ,এইখিনিতে কবলগীয়া যে ওপৰত নাম লোৱা বিচক্ষণীয়া আগৰ স্কুল পৰিদৰ্শক দুগৰাকীৰ মই বৰ প্ৰিয়পাত্ৰ আছিলো। দুয়োগৰাকীয়ে একেআষাৰে মোলৈ এই সিদ্ধান্ত দি পঠিয়ালে যে প্ৰথমে আমাৰ দেশৰ মজলীয়া আৰু ওখখাপৰ পঢ়াশালিৰ পাঠ্যৰ উপযোগী পুথি, বিশেষকৈ সাহিত্য পুথিৰ উপস্থিত অভাব গুচাবলৈ আমাৰ উদ্যম হব লাগে; তাৰ পাচতহে বাঞ্ছিত ফল লাভলৈ আশা কৰা উচিত হব। আমি চালোইক, কথা সঁচা; আনৰে সৈতে ফেৰ পাতিবলৈ আমাৰ ভাষাত ঘাইকৈ ওখখাপৰ সাহিত্য পুথি এখনেই নাই। সেই কালত অসমৰ মজলীয়া ছাত্ৰবৃত্তি পঢ়াশালিত প্ৰথম শ্ৰেণীত যিকেখন বঙ্গলা সাহিত্য পুথি চলিছিল, তাৰ শাৰীত থিয় কৰিবলৈ আমাৰ ভাষাত এখনো উপযুক্ত সাহিত্য পুথি বিচাৰি নাপাওঁ। এই কথাত গগৈদেৱে আৰু মই মনে মনে বৰ লাজ আৰু মনস্তাপ পালে। সেই আপাহতে আমাৰ যুটীয়া পুৰুষাৰ্থৰ বলেৰে বঙ্গভাষাৰ সেই শ্ৰেণীৰ সাহিত্য পুথিৰ শাৰী পূৰাব পৰাকৈ এখন ওখখাপৰ অসমীয়া সাহিত্য পুথি যুগুত কৰি উলিয়াবলৈ বুলি আমি দুয়ো দুইৰ ওচৰত প্ৰতিশ্ৰুত হলেহঁক। সেই অঙ্গীকৃত যুটীয়া সঙ্কল্পব ফল হৈছে দুকুৰিমান বছৰৰপৰা একেৰাহে এতিয়ালৈকে মজলীয় ছাত্ৰবৃত্তি আৰু তাৰ সমনীয়া শ্ৰেণীবোৰত চলি থকা অসমীয়া ওখখাপৰ সাহিত্য পুথি সাহিত্য সংগ্ৰহ। অসমীয়া সাহিত্যত ইয়াক বৰ্তমানলৈকে অদ্বিতীয় বা শীৰ্ষস্থানীয় পঢ়াশলীয়া পাঠ্যপুথি বুলিলে বঢ়াই কোৱা নহব বোধ কৰে৷ , কিয়নো আধুনিক অসমীয়া সাহিত্যত আজিলৈকে এই ‘সাহিত্য-সংগ্ৰহ’ পুথিৰ সমনীয়া স্কুল সাহিত্য পাঠ্যপুথি দ্বিতীয় এখন ওলোৱা নাই এথোন। অৱশ্যে ইয়াৰ নাম্নাচকৈ কেইখনমান পঢ়াশলীয়া সাহিত্য পাঠ্যপুথি প্ৰচাৰিত হৈছে, কিন্তু সাহিত্য-সংগ্ৰহ’ত সন্নিবিষ্ট হোৱা মৌলিক (original) ৰচনাৰ চানেকি সেইবোৰত নাই। তেনেকুৱা চানেকি আজিকালি প্ৰবন্ধাকাৰে পাবলৈকো নাই। কিয়নো আজিকালিৰ অসমীয়া লেখকসকলৰ সৰহভাগেই অনুকৰণপ্ৰিয় আৰু পৰৰ ভাষাত ওলোৱা পৰৰ ভাবত ভেজনি আৰু গঢ়িলা লৈ লিখাত অভ্যস্ত। সেইবাবেই ‘সাহিত্য-সংগ্ৰহ' পুথিৰ দ্বিতীয় ভাগ এটা উলিয়াবলৈ অসম শিক্ষা বিভাগীয় কৰ্তৃপক্ষৰপৰা সাঙ্কেতিক অনুৰোধ পায়ো মই বহু প্ৰবন্ধেও সেই বিষয়ত কৃতকাৰ্য হৈ উঠিবগৈ নোৱাৰিলে। অৰ্থাৎ তদৰ্থে নতুনকৈ ওলোৱা উচ্চতৰ অসমীয়া মৌলিক ৰচনা যথেষ্ট সংগ্ৰহ কৰিবলৈ বিচাৰি নাপালো। সেই কাৰণে হাইস্কুলৰ দুটা ওপৰ