পৃষ্ঠা:Mor Sowarani.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ মোৰ সেৱৰণী নাই।” তেখেতৰ সেই আক্ষেপসূচক কথাষাৰে মোৰ হিয়াত বৰকৈ বিন্ধিলে, আন্তৰিক উদ্বিগ্নতা হেতুকে তাত বৰকৈ মন দি ৰব নোৱাৰি লৰালৰিকৈ গ্ৰন্থখনি লুটিয়াই-মেলি একাণপতীয়াকৈ চাবলৈ ধৰিলে। মোক সেই অৱস্থাত মনোমতকৈ ৰবলৈ মুছেগ দিয়াৰ অভিপ্ৰায়ে তেখেতে ততালিকে মোৰ লগৰীয়া গোৰ্সইদেৱৰে সৈতে হাঁহি ধেমালিকৈ আন বিষয়ক কথাবাৰ্তা পাতিবলৈ ধৰিলে। দেখিলো সেই প্ৰকাণ্ড গ্ৰন্থখন পাতেপতি চাৰি-পাঁচখনকৈ লগোৱা অনেক স্লিপ ( slip) বা চুদী কাকতেৰে ঠাহ খোৱা। ওপৰে ওপৰে হলেও, হেঁপাহ পলুৱাই অভিধানখন লুটিয়াই চাবলৈ গলে নিচেই চমুকৈয়ে। দিন-দহেকৰ নেৰা-নেপেৰা কাম। গতিকে, মোৰ সেই উড়নীয়া সাক্ষাতত সেই আশা দুৰাশা বুলি এৰি, তাৰপৰা মূৰ দাঙ্গি ওজাদেৱক এই বুলি এটি প্ৰশ্ন কৰিলো, “পিচে, এই লিখাই লিখানে, অভিধানখনি নকল কৰোৱা হব?” তেখেতে হাঁহি হাঁহি সমিধান দিলে, “নকল কৰিব পৰা হলে কৰিলোহেঁতেন, কিন্তু নকল কৰোৱাৰ সপক্ষ মই নহওঁ।” আমাৰ খৰতকীয়া গোৰ্মইদেৱে মুখ পাতি ধৰিলে, “কিয়?” প্ৰশ্নোত্তৰ হল, “আনে নকল কৰাত নিৰ্ভৰ কৰিব নোৱাৰি , কিয়নো ই আন পুথি নহয়, অভিধান। অভিধানত বৰ্ণবিন্যাস আৰু আখৰ- জোটনি এই দুটা ঘাই বস্তু; ইয়াত হেৰফেৰ ঘটিলেই গোটেই মিছা হব। ইও সেই ব্ৰন্সন অভিধানৰে অন্যতম তাঙৰণৰ তুল্য হব! গতিকে আনৰ হাতক মই পতিয়াব নোৱাৰো। এতেকে এই জীৱনত সেই কৰ্ম নহবগৈ বুলিয়েই ধৰিব। আৰু অকল এইখনেই নহয় , আৰু এখণ্ড এই হাতেৰেই যুগুতকৈ থোৱা আছে।” এই বুলি ঘপহ কৰে উঠি লৰালৰিকৈ ভিতৰ খোটালিলৈ সোমাই গৈ, “সংক্ষিপ্ত হেমকোষ” নামেৰে পঢ়াশলীয়া অভিধানখন আনি ওজাদেৱে মোৰ আগত থলেহি। মই দেখি মুগ্ধ হলো। সেই হাতে লিখা অমূল্য গ্ৰন্থ দুখণ্ডৰে সৈতে তাৰ কা সাহিত্যিক ঋষিজনক ৰিজাই চাই চাই মই বিভোৰ হলো। মোক ভাবে ধৰি মোৰ মুখৰ মাত হেৰুৱালে। ক্ষন্তেকমানৰ মূৰত মাথোন ইয়াকে সুধিলো, “কোনখন আগ?” উত্তৰ আহিল, “ডাঙ্গৰখনতে আৰম্ভণ; সৰুখন তাৰে টোকা মাথোন।” ভালকৈ তত, ধৰিব নোৱাৰি মই অলপ টকা মাৰি ৰোৱা দেখি, তেখেতে আকৌ এই বুলি ভাজি কলে, “অৰ্থাৎ আমাৰ গাঁৱলীয়া পঢ়াশালি বিলাকৰ কাৰণে এখনি সৰু অভিধানৰ প্ৰয়োজন আছে। সেইবোৰত ই চলিব পাৰিব , ডাঙৰ নোহোৱা হেতুকে ইয়াৰ ব্যয় তাকৰ হব, এতেকে ইয়াক অনেকে কিনাৰ সম্ভৱ। সেয়ে হলে ইয়াৰ বাবে কৰা শ্ৰম আৰু ব্যয় নিৰ্থক নহয়। ডাঙৰখন বৰ ডাঙৰ হ’ল। ওৱেবষ্টাৰৰ ইংৰাজী অভিধান তাৰ আহি। সেই পুথিকে চানেকি কৰি লিখি থাকোতে সি ইমান ডাঙ্গৰ হৈ পৰিল যে ৰবিন্ কুচোৰ নাৱৰ দৰে তাক অকলৈ লৰোৱ। অসম্ভৱ হল। আমাৰ অকল ধন নাই এনে নহয়, ছপাষন্ত্ৰও নথকাৰ নিচিনা। যৎসহ ভাজি তাক কলিকতাত ছপালেও, আজিকালি আমাৰ দেশী শোকসকলৰ নিজ ভাষালৈ যিহে আদৰ, তালৈ চাই উচিত মূল্য দি তাক কিনোতা যে সৰহ ওলাব, এনে আশা কৰিব নোৱাৰি। এইবিলাক কাৰণতে সি আজিলৈকে পোহ দেখা নাই, ভিতৰতে ভেঁকুৰিছে। আগৰখন পাচ কৰি, পাচৰখন আগ কৰিবলৈ চোৱাৰ এয়ে ঘাই