পৃষ্ঠা:Mor Sowarani.djvu/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তপঞ্চাশত্তম সৰ্গ ৩৪৩ ভোৰতালৰ তাল-মান মিলাই, বেহেলা, চেতা, তানপুৰা, পেঁপা, মুকলী, খৰী আদি সম্মিলিত বাদনৰ ঐক্য সুৰৰ চেৱে চেৱে গম দি সেই খুলন্তৰ নমস্য পণ্ডিত গায়ক গৰাকীয়ে গভীৰ আধ্যাত্মিক ভাবৰ বিমোহন গীত গাই তাৰ কলি সামৰণৰ ছেদে-ছেদে “ৰাম-ৰাম” নামৰ মোখনী লগাই, সমবেত ৰাইজক দোহাৰিবলৈ দি, কি যে এটি মৰ্মস্পৰ্শী হৃদয়গ্ৰাহী সমজুৱা ভাবৰ হেনোলনি তুলিছিল, সেই বিষয় স্বৰূপকৈ বৰ্ণাবলৈ কথা বিচাৰি নাপাওঁ। কিন্তু সুমৰি চালে সি আজিকোপতি মোৰ মন-প্ৰাণ ৰসময়ী ভক্তিভাবত তন্ময় কৰি তোলে। মঙ্গলাচৰণ গীত-বাদ্যৰ সামৰণৰ লগে লগে বিৰাট সভা মণ্ডপ ক্ষন্তেক নিজম পৰিল। তন্ময়ী আনন্দ উপভোগৰপৰা সাৰ পাই ধৰ্মপ্ৰাণ ভক্ত জনমণ্ডলীয়ে আনন্দাশ্ৰু টুকিবলৈ ধৰিলে। সেই ছেগতে, অসম হিন্দু-মহাসভা বৈঠকৰ আদৰণী সভাৰ সভাপতি শ্ৰীশ্ৰীগড়মূৰীয় সত্ৰাধিকাৰ গগাস্বামী প্ৰভুৱে বেদীপাৰ্শ্বস্থ আসনৰপৰা উঠি সুগভীৰ মৰাল গতিৰে অগ্ৰসৰ হৈ সুসজ্জিত ওখ বক্তৃতা-ভেটিত থিয় দি সসম্ভমে তেখেতৰ জ্ঞানগৰ্ভ অসমীয়া অভিভাষণ সুললিত সুৰেৰে পাঠ কৰিবলৈ ধৰিলে। ভিন্ ভিন্ প্ৰদেশ সেই বিৰাট জন-সমাজৰ মাজত ভালেমানে অসমীয়া ভাষা নুবুজা হেতুকে, সভাপতিৰ অভিভাষণৰ প্ৰতি বাক্য পাঠ ছেদে-ছেদে তাৰ ইংৰাজী তৰ্জমা শুনাই যাবলৈ বুলি এজন বিশিষ্ট গ্ৰেজুৱেট বক্তা নিয়োগ কৰা হৈছিল; কিন্তু তেওঁৰ কণ্ঠস্বৰ ক্ষীণ আৰু তৰ্জমা খৰতৰ আৰু নিয়াৰি নোহোৱা হেতুকে, মোৰ প্ৰস্তাৱ অনুসৰি, সেই কাৰ্যৰ বাব মিঃ তৰুণৰাম ফুকন বাৰিষ্টাৰ চাহাবৰ ওপৰত অৰ্পিত হয়। প্ৰত্যুৎপন্নমতি স্বৰূপ- অনুবাদক উচ্চকণ্ঠী সুবক্তা ফুকনদেৱে সমবেত শ্ৰোতা ৰাইজে বিশদকৈ শুনাকৈ শুৱলা ইংৰাজী ভাষাত সুস্পষ্ট উচ্চাৰণেৰে পাঠৰ লগে লগে বাক্যৰ ছেদে-ছেদে বিৰতি নোহোৱাকৈ সেই গভীৰ আধ্যাত্মিক ভাবৰ অভিভাষণটিৰ সৰল ব্যাখ্যা দি যাবলৈ ধৰিলে। শোতা মণ্ডলীয়ে একাণপতীয়াকৈ মনপাৰি শুনি শুনি তন্ময়ভাবত বিমোহিত হোৱা প্ৰত্যক্ষে দেখা গৈছিল। ডেৰঘণ্টামান পাঠ কৰি সেই আৱাহন-সমিতিৰ সভাপতিৰ অভিভাষণৰ সামৰণি মাৰি সভাপতি গোসই প্ৰভুৱে পুলকিত চিত্তেৰে বক্তৃতামঞ্চৰপৰা নামি নিৰূপিত নিজাসনত পুনৰপি উপবিষ্ট হ’লহি। আৱাহন-সমিতিৰ সভাপতিৰ অভিভাষণ পাঠৰ সামৰণি পৰাত, সমবেত ৰাইজৰ নিস্তব্ধতা ভাঙি, জাউৰি-জাউৰি হাত চাপৰিৰ আনন্দধ্বনিৰ উলাহত আপুত হৈ হিন্দু-মহাসভা বৈঠকৰ নিৰ্ধাৰিত মূল সভাপতি হিন্দুশাস্ত্ৰবিশাৰদ ভাৰত-ভাস্কৰ সুপ্ৰখ্যাত পণ্ডিত মদনমোহন মালব্য মহোদয়ে হাতত সভাপতিৰ অভিভাষণ লৈ ধীৰ-গম্ভীৰ গজেন্দ্ৰ-গমনেৰে গতি কৰি বক্তৃতা মঞ্চত সনম্ৰ নমঃকাৰেৰে জিলিকি উঠিলগৈ; সমবেত ৰাইজৰ উৰুলীকৃত উচ্চৰৰ মাৰ গৈ কঁহপৰি জিমষোৱাৰ সদৃশে ক্ষন্তেকমান নিজম পৰিল। অভাৱসুলভ কোকিলকণ্ঠীয়া সুৰেৰে বয়োজ্ঞানবৃদ্ধ পৰম শ্ৰদ্ধেয় পণ্ডিত মালব্যদেৱে সভাপতি- অভিভাষণৰ পাতনি ধীৰ-গহীন-গম্ভীৰ অৰেৰে পাঠ কৰিবলৈ ধৰাত সমবেত ৰাইজে একাণ- পতীয়া মনযোগেৰে শুনিবলৈ ধৰিলে।