পৃষ্ঠা:Mor Sowarani.djvu/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চপঞ্চাশত্তম সৰ্গ অসম সাহিত্যিক সন্মিলনীৰ গুৱাহাটী বৈঠক (১৭) ইয়াৰ আগতে “মোৰ সেৱৰণী” পটত চিত্ৰিত হোৱা ঘটনাৰ বছৰদিয়েকৰ আগতীয়াকৈ গোটাচেৰেক উল্লেখযোগ্য ঘটনাৰ বিবৃতি অঙ্কিত হবলগীয়া আছিল; তাৰ ভিতৰত অসম সাহিত্য সম্মিলনীৰ গুৱাহাটী বৈঠক (১ম) বিশেষ। এই বৈঠকৰ তিনিমাহমানৰ আগৰেপৰা মোৰ কেইবাখনো নতুন আৰু পুৰণি কিতাপৰ নতুন নতুন তাঙৰণ কলিকতীয়া প্ৰেছত ছপোৰা কাৰ্যৰ ভিৰ বৰ ভাৰী হোৱা হেতুকে এইবাৰ সম্মিলনীৰ বৈঠকত উপস্থিত হবগৈ নোৱাৰিম বুলিয়েই ভাবি আছিলোঁ। পিচে, মূৰকত দেখিলো যে, এই বৈঠকৰ কাৰণে মোৰ সহযোগ সাহিত্যিক বন্ধু লক্ষ্মীনাথ বেজবৰুৱা সভাপতি নিৰ্বাচিত হৈছে আৰু সেই আলমতে হেমচন্দ্ৰ গোস্বামীদেৱ প্ৰমুখ্যে কেইবাজনো গুৱাহাটী নিবাসী অসমীয়া সাহিত্যিক বন্ধুৱে মোক টানি আহ্বান কৰিছে, গতিকে সেই আহ্বান অনুৰোধ পেলাব নোৱাৰি, বিশেষকৈ বহুদিনৰ মূৰত সমনীয়া সাহিত্যিক বন্ধু বেজবৰুৱাদেৱৰ লগত দেখাদেখি হোৱাৰ লালসাত মোৰ হাতৰু সেই গুৰুতৰ কাম কাতিকৈ থৈ, গুৱাহাটী যাত্ৰালৈ খৰধৰকৈ সষ্টম হলো। ইং ২৫১২২৪ তাৰিখে পুৱা দহমান বজাত গুৱাহাটী উদ্দেশে মই জাহাজত উঠিলোগৈ। অলপ পৰৰ পাছতে দেখে যে, মোৰ কেবিন’ৰ কাষতে ঠাই লই মোৰ প্ৰিয় ছাত্ৰ শ্ৰীমান দণ্ডিনাথ কলিতা বহি আছে; দেখি মোৰ মনত বৰ ৰং লাগিল; আৰু তেৱো একে উদ্দেশ্যেই মোৰ সহযাত্ৰী হোৱাৰ সম্ভেদ পাই পুলকিত হলো, ভাবিলো, বোলো, আগন্তুক সাহিত্যিক সম্মিলনীৰ বৈঠকত আলোচনা কৰিবলগীয়া বিবিধ বিষয়ক লাগতিয়াল কথাবাৰ্তা পাতি জাহাজত আমনিলগা সময়খিনি ৰংমনেৰে পাৰ কৰিব পাৰিম। এই ভাবি, সাজপাৰ সলাই, গা ধুই, মুকলিমনা হৈ, ওলাই আহি শ্ৰীমানৰ আগত থিয় দিলো; তেওঁ আথে-বেথে তেওঁৰ পাৰি থোৱা বিছনাতে মোক বহিবলৈ ঠাই দিয়াত, তাতে ৰংমনেৰে বহি দুয়ো কথাবাৰ্তাৰ আলমত মই পাঙি লোৱা সাহিত্যিক আলোচনা আৰম্ভ কৰিলো। সেই সাহিত্যিক চৰ্চাৰ ভাবত বিতোল হৈ, দিনৰ ১২ বজাৰপৰা ৩ বজালৈকে একেৰাহে দুয়ো একে বৈঠকতে বিবিধ আলোচ্য বিষয়ক প্ৰস্তাবনা তৰি আছোঁ, এনেতে অকস্মাৎ কুৰুৱাৰ কুঁজিবালিৰ কুঁজটোৰ পোন ধৰি, বালিচটত খুন্দা খাই জাহাজখন লাগি ৰ'ল! জাহাজৰ চাৰে, খালাচী আৰু অন্যান্য কৰ্মচাৰীবিলাকে জাহাজ এৰুৱাবৰ কাৰবাৰত হৈচৈ লগাই দিলে; ধাত্ৰীবিলাকেও গিৰগিৰকৈ উঠি নামি ডেকৰ গাভীত লানী পাতিলেগৈ। সেই আপাহতে আমিও ধ্যানভঙ্গ হোৱাৰ দৰে হৈ আগন্তুক আপদৰ পৰিস্থিতিৰ ক্ষণ গণিবলৈ ধৰিলেহঁক। চাৰে, মিস্ত্ৰি, খালাচীহঁতে পাৰ্শমানে যত্ন-চেষ্টা কৰিও একো কৰিব পৰা নাই, জাহাজ লাগিল যি লাগিলেই; লৰচৰেই নহয়। সদৌ যাত্ৰীয়ে, বিশেষকৈ আমি সাহিত্যিক যাত্ৰী দুজনে একমনেৰে আৰু উদ্বিগ্ন অন্তৰেৰে চাই চাই হতাশ হলেহঁক, জাহাজ নেয়। সদৌশেহত, ৰাতি দহমান বজাত নিৰাশ