পৃষ্ঠা:Mor Sowarani.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুঃপঞ্চাশত্তম সৰ্গ সদৌ শেহৰবাৰ মাতৃৰণ দৰ্শন শ্ৰীকৃষ্ণ ৰচনা আৰম্ভণৰপৰা সামৰণলৈকে এইছোৱা মোৰ সোঁৱৰণীৰ মাজত ভালেমান ঘটনা ঘটিছিল; শ্ৰীকৃষ্ণ’ আখ্যান একেকঠিকৈ পাঠকে পঢ়িবলৈ সুচল কৰাৰ অৰ্থে সেইবোৰ পিচ পেলাই থৈ এই মহৎ আৰু শকত গ্ৰন্থ প্ৰণয়নৰ কাৰ্য আগ কৰা গৈছিল। এতিয়া, সেই ঘটনাৱলীৰ ঘাই-ঘাই গোটাচেৰেকৰ মাথোন চমু বিবৃতি সেঁৱৰণীৰ পাতত আঁচি থোৱা হল: মোৰ অতি বৃদ্ধা আইতাই, ৯৩ বছৰীয়া বয়সত, অতি আথৰ অৱস্থাত তেখেতৰ নিলগত থকা সন্তান তিনিক চপাই লৈ এবাৰ চাই লবলৈ তেখেতে ইচ্ছা প্ৰকাশ কৰিলে। সেই ইচ্ছা অনুসৰি, তেখেতৰ সদৌ নুমলীয়া জীয়েক শ্ৰীমতী সোণফেৰি আইদেৱে (ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈৰ ভাৰ্যা নাৰায়ণী আইদেউ) যোৰহাটৰপৰা ততালিকে উত্তৰ লক্ষীম- পুৰলৈ গৈ, মাতৃ-চৰণ দৰ্শনকৰি আহিল , বাকী আছিলে। আমি দুই, শ্ৰীমতী আইকণ আইদেউ (সূৰ্যকান্ত বৰুৱা, বি-এ, ই-এ-চিৰ ভাষা তোষেশ্বৰী আইদেউ) আৰু মুই। ইতিমধ্যতে মোৰ মাজিউ সহোদৰা ভনী শ্ৰীমতী আইকণ আইদেৱে গুৱাহাটীৰপৰা প্ৰস্তাৱ কৰি মোলৈ লিখিলে যে, আইদেৱে জাহাজেৰে উজাই আহি তেজপুৰ সোমাই মোৰে সৈতে লগলাগি লক্ষীমপুৰলৈ যাব। সেই সময়ত মোৰ গাৰ অৱস্থা বৰ বিষম—মেলেৰীয়া অৰত পৰি জুৰুলা। তথাপি, মাতৃৰ আহ্বানত, মাতৃ-চৰণ দৰ্শন পলম কৰিব নোৱাৰি, অনতিপলমে লক্ষীমপুৰ যাত্ৰালৈ ময়ো সাজু হলো। সেই সময়ত, মিউনিচিপাল চেয়াৰমেনৰ বিষয়ববীয়া কৰ্তব্য পানীল সংস্কাৰৰ ব্যৱস্থাত মই বৰ ব্যস্ত, তদুপৰি, অনৰেৰী মেজিষ্ট্ৰেট আদালতত সোধ কৰিবলগীয়া গোটাদিয়েক বৰ জৰুৰী মোকৰ্দমা আছিল; কিন্তু মাতৃ-চৰণ দৰ্শন ধাউতিৰ আগত সেইবোৰ চিন্তালোচনা টিকিব নোৱাৰি তুৰন্থে উটি গল। তাৰ পাছত, ১৯২৪ চনৰ ৯ অক্টোবৰ তাৰিখে দুপৰীয়া আইকা আইদেউৰে সৈতে বদতি ঘাটেদি লক্ষীমপুৰলৈ যাবলৈ বুলি জাহাজত উঠিলোগৈ। জাহাজ গৈ বিশ্বনাথ ঘাট নৌ-পাওঁতেই মোৰ তীৰ-কঁপে অৰ উঠি আহিল; জ্বৰৰ প্ৰকোপ দেখি আইদেউ আৰু অন সহযাত্ৰী বান্ধৱ কেইবাজনো বিচুৰ্তি হল। মই কিন্তু হতাশ আৰু বেচ হোৱা নাছিলো, পাৰ্শমানে মনোবলেৰে জৰ শাম কটোৱাৰ ভাবত ৰলো; সেই ভাবতে যুগুত ব্যৱস্থা কৰাই লৈ, মই বিছনাৰপৰা উঠি গৈ, দীঘলীয়া ‘টাব’ বা টিনৰ চৰিয়াত এচৰিয়াকৈ তপত পানী ঢালাই লৈ, তাত দীঘল দি পৰি ডিঙিৰ গুৰিলৈকে বুৰাই, মূৰত ব্ৰহ্মপুত্ৰৰ কেঁচা পানী অজস্ৰ ঢলাবলৈ ধৰিলে। মই ডাক্তৰী ঔষধ অগ্ৰাহ কৰি এই আহৰিক ব্যৱস্থাত ধৰা দেখি সহযাত্ৰীবৰ্গ আচৰিত হৈছিল কিন্তু ফলত সেই সাংঘাতিক জৰে ক্ৰমাৎ শাম কাটি আহিবলৈ ধৰিলে। এনেতে বিশ্বনাথ ঘাট পাওঁ- পাওঁ হওঁতেই, বালি-চটত লাগি হঠাতে জাহাজখন থমকাখাই ৰ'ল, আমি পানীৰ মাজতে ডেৰ দিনৰব লগাত পৰিলে। তাৰ পাছত তৃতীয়দিনা বদতি ঘাটত নামি সন্ধিয়া দুখন