পৃষ্ঠা:Mor Sowarani.djvu/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰিপঞ্চাশত্তম সৰ্গ ৩১৭ চাৰি ছোৱা (শ্ৰীৰাম-চৰিত’, ‘মহম্মদ-চৰিত’, ‘যীশু-চৰিত’, আৰু ‘বুদ্ধ-চৰিত) প্ৰণয়ন কৰিবলৈ মোৰ অপাৰগতা অনতিপলমে ৰাইজৰ ওচৰত জ্ঞাপন কৰিলে। তাৰ উদ্দেশ্য এই যে, মই সংকল্পৰ জপনা দি আৰ কৰি ধৰা সেই আপুৰুগীয়া চৰিত্ৰকেইখনি উদিয়াই দিলে অপৰাপৰ সু-লিখকসকলৰ ভিতৰত কোনো-কোনোৱে সেই মহৎ কাৰ্য সম্পাদন কৰিবলৈ আগ বাঢ়িব পাৰিব। লগতে এনে প্ৰতিশ্ৰুতিও দিয়া হল যে, মোৰ বৰ্তমান পতিত ঘাস্থ্যৰ যদি পুনৰপি উন্নতি হয় আৰু এই জীৱনে আটেগৈ যদি, মোৰ সংকল্পিত সেই অৱশিষ্ট মহৎ কাৰ্য সমাধানত মোৰ যুক্তি-বুদ্ধি আৰু তথ্য-সংগ্ৰহৰ সমলেৰে আগন্তুক সু-লেখকক সহায় কৰিবলৈকে মই আগ্ৰহেৰে আগবাঢ়িম। ফলতঃ, দেখি সন্তোষ পাইছে যে, মোৰ সেই গোহাৰিত গুটি ধৰাৰ আগন্তুক মিলিছে; ইতিমধ্যত ‘মহম্মদ-চৰিত আৰু ‘বুদ্ধ-চৰিত অসমীয়া ভাষাত জনদিয়েক সাহিত্যিকৰ দ্বাৰাই ৰচিত হৈ প্ৰচাৰিত হৈছে; শ্ৰীৰাম-চৰিত আৰু যীশু-চৰিত ৰটোতা আৰু প্ৰচাৰ কৰোতাও সময়ত নোলাবগৈনে?