পৃষ্ঠা:Mor Sowarani.djvu/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সেৱৰণী . হৰিবংশত বিছোৱা সু-বিস্তাৰিতকৈ আছে, মহাভাৰতত সেইছোৱা সমূলঞ্চে নাই; আৰু পুৰাণত যি যি অংশৰ বহল বিবৃতি আছে, মহাভাৰত আৰু হৰিবংশত সি সেই আৰে নাই, ভাগৱতৰ বোৰ আগৰ স্কৰ ঘটনা আৰু পাছৰ স্কত আগৰ ঘটনা বেমেজালিকৈ লিপিবদ্ধ হৈছে। ইত্যাদি হেতুকে হিন্দু গ্ৰন্থাদিত কথিত শ্ৰীকৃষ্ণ কাহিনী তথ্যৰ সামান্য মিলাবৰ অৰ্থে মই বহু পৰিম কৰিবলগীয়া হল; আৰু এই সামঞ্জস্য সমাধানত ভালেমান দিন লাগিল। হিন্দু শাস্ত্ৰ-গ্ৰন্থাদিৰপৰা শ্ৰীকৃষ্ণ আখ্যানৰ বিস্তৰ সমল সংগ্ৰহ কৰি লৈ উঠি, বিদেশী পশ্চিমীয়া, যুৰৰপীয়া পণ্ডিতসকলৰ শ্ৰীকৃষ্ণ সম্পৰ্কীয় সমালোচনাসূচক মতা- মত আৰু আধুনিক ভাৰতীয় তথ্যগ্ৰাহী পণ্ডিতবৰ্গৰ ৰচিত আৰু প্ৰণীত ‘শ্ৰীকৃষ্ণচৰিত্ৰ গ্ৰন্থ আৰু প্ৰবন্ধাদি বিচাৰি বিচাৰি পঢ়ি লৈ সেইবোৰৰ লগত মোৰ নিজা অভিমতৰ সামঞ্জস্য মিলাবলৈ চিন্তালোচনাত ধৰিলো। সেই পণ্ডিতসকলৰ ভিতৰত পাশ্চাত্য পণ্ডিত অধ্যাপক মেক্স মূলাৰ (Max Mullar), aforecast (Weber), feu t5016a (Wilson), feu contacto (Goldstucker), afec catalgae (Colebrooke), afeo cofraceta (Elphin- stone), afts tancat6 (Wilford), afastere catafafax (Megasthenes), enten ভাৰতীয় সুলেখক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, মিঃ ধীৰেন্দ্ৰনাথ পাল এইসকলৰ নাম বিশেষকৈ লবলগীয়া। উল্লিখিত ৰাশিকৃত গ্ৰন্থাৱলী আৰু তথ্য-ত্যাদি সংগ্ৰহ কৰি লৈ, তন্নতন্নকৈ মন পাৰি পঢ়ি লৈ জিন নিয়াই নিজা কৰি লওঁতে তিনি বছৰমান সময় লাগিল। ওপৰত লেখ দিয়া সংগৃহীত সমল নিজা চিন্তালোচনাৰ ঘোটনীৰে ঘুটি নিয়াৰিকৈ বোৱাই লৈ, ১৮৫০ শকৰ শ্ৰীকৃষ্ণাষ্টমী তিথিৰ শুভক্ষণত ‘শ্ৰীকৃষ্ণৰ আদ্যলীলা খণ্ড লিখিবলৈ চিত্ত স্থিৰ কৰি কাপ, ধৰিলো। যেই সেই কামৰে আৰম্ভণ আৰু সামৰণ টান। গতিকে, আৰম্ভণত শ্ৰীকৃষ্ণ' প্ৰণয়নৰ সাহিত্যিক-কাৰ্যত দ্ৰুতগতিৰে আগুৱাব পৰা নাছিলো। মোৰ অপৰাপৰ সদৌ সাহিত্যিক-চৰ্চা এফলীয়াকৈ থৈ সমস্তদিন ব্যাপী খাটনিৰে কথমপি দিনে একে আধ্যা মাথোন লিখি উলিয়াব পাৰিছিলো; কোনো কোনো দীঘলীয়া আধ্যা সামৰোতে দুই-তিনি দিনকৈও লাগিছিল। এইদৰে গতি কৰি, যেতিয়া এই আদ্যলীলা ৰচনাৰ মাজমান পালেগৈ, তেতিয়া অচিতে মই মলি গলো; তাত মোৰ ৰাপ এনে দকৈ বহি গল যে, পাছলৈ দিনে দহ ঘণ্টাকৈ একেৰাহে লিখিও মোৰ আমনি নালাগিছিল, ভাগৰ নালাগিছিল আৰু মই সেইবাবে পৰিান্ত বোধ নকৰিছিলো। ফলিতাৰ্থত, ‘কৃষ্ণ’ প্ৰণয়ন কাৰ্যে মোৰ দৈনিক সময়ৰ নিৰ্ঘণ্ট লৰাই পেলালে; পুৱা ৯ বজাৰপৰা ১২ বজালৈ, আবেলি ৩ বজাৰপৰা ৬ বজালৈ আৰু ৰাতি ১০ বজাৰপৰা ২ বজালৈ মই ‘শ্ৰীকৃষ্ণ ৰচনাত মগ্ন থাকে, তাৰ পাছৰপৰা পুৱা ৮ বজালৈকে ৭ ঘণ্টা শুই উঠি আকৌ সেই একে কামতে ধৰে; ২৪ ঘণ্টাৰ বাকী ৭ ঘণ্টা মাথোন খোৱা-লোৱা, ফুচকা, আলাপ-আলোচনাদি অপৰাপৰ দৈনিক কৰ্তব্য কামত নিয়োজিত হয়। এই সময়-নিৰ্ঘণ্টৰ পৰিবৰ্তনে মোক পাচে পাছলৈ সৰ্বসাধাৰণৰ ওচৰত অপ্ৰিয়কৰিপেলাইছিল; এনেকি, কোনো কোনো মোৰ সহযোগ আক সহকৰ্মী দেশহিতৈষী দেশনেই সেইবাৰে মোৰ বিৰুদ্ধে ৰাইৰীয়া অভিযোগ আনিবলৈকো বাকী থোৰা নাছিল; কিয়নো, সিবিলাকে .