পৃষ্ঠা:Mor Sowarani.djvu/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰিপঞ্চাশতম সৰ্গ কৃ, আলীলা সংকল্পৰ ‘কমিক-নৰ অনুসৰি, শ্ৰীৰাম-চৰিত’ সবাতকৈ আগ হব লাগিছিল, কিন্তু ৰামাৱতাৰৰ ব্যাখ্যান-বিবৃতি ৰামায়ণত বাজে আন আন পৌৰাণিক আৰু আধুনিক গ্ৰন্থশাস্ত্ৰ কি তথ্য সংগ্ৰহ সমালোচনাদিত বিশদ আৰু বিস্তাৰিতকৈ পোৱা নাযায়; তদুপৰি, ৰাম- চৰিত্ৰৰ অলৌকিকতা কৃষ্ণচৰিত প্ৰমুখ্যে অপৰাপৰ চৰিত্ৰৰ অলৌকিকতাতকৈ অধিকতৰ জটিল। ' আনহাতে, কৃষ্ণ-কাহিনী সম্বন্ধে মহাভাৰত, হৰিবংশ-ভাগৱত পুৰাণাদি ভালেমান শাস্ত্ৰ আৰু আধুনিক মৌলিক গ্ৰন্থাদিত বিস্তৰ বিবৃতিৰ বিশদ ব্যাখ্যান পোৰা যায়; আৰু কৃষ্ণ-কাহিনীত সংযোজিত অলৌকিকতা লৌকিকতালৈ ভাঙিবলৈ ৰামাখ্যানত নিহিত অলৌকিকতাৰ ভাঙনীতকৈ উজু হব যেন বোধ হল। গতিকে, কোমলৰপৰা কঠিনলৈ আগবঢ়া সুনীতি অনুসৰণ কৰি, শ্ৰীৰাম-চৰিত’ পাছলৈ থৈ ‘শ্ৰীকৃষ্ণ’ আগধৰি হাতত লোৱা হল। হাতত লোৱা মানে কাপ, লোৱা নহয়, লিখিবলৈ সমল সংগ্ৰহ কৰাহে। সমল সংগ্ৰহৰ আৰম্ভণত পো-প্ৰথমে শ্ৰীমদ্ভাগৱতৰ কেইও স্কন্ধ গোটাই লৈ, তাৰ মূলৰ বঙলা ব্যাখ্যাৰ সহায়েৰে মৌলিক তথ্য অধ্যয়ন কৰিবলৈ লাগি গলো; লগে লগে সেই স্কন্ধাৱলীৰ যি যি ভাগত শ্ৰীকৃষ্ণ কাহিনীৰ যত যি বিবৃতি লিপিবদ্ধ হৈ ৰৈছে, সেইবোৰ চিন লগাই লোৱা হল। তাৰ পাছত, টীকা সহ বঙলা অনুবাদৰে সৈতে পণ্ডিত প্ৰসন্নকুমাৰ বিদ্যাৰৰ দ্বাৰাই অনূদিত মূল মহাভাৰত সম্পূৰ্ণকৈ আৰু তন্ন-তন্নকৈ অধ্যয়ন কৰি, তাত সন্নিবিষ্ট শ্ৰীকৃষ্ণতত্ব সমুদায় ক’তত অকণো নেৰাকৈ আঁচি ললো। এই দুই মহাগ্ৰন্থৰ আনুষঙ্গিক বঙলা ভাষাত পয়াৰ ছন্দত ৰচিত সমস্ত ভাগৱত আৰু সম্পূৰ্ণ মহাভাৰত মন পাৰি পঢ়ি, তাৰপৰা কৱিতা-কাল্পনিক অলৌকিক অলঙ্কাৰবোৰ বাদ দি, প্ৰাকৃতিক আৰু লৌকিক সাৰাংশৰ লাগতিয়াল ভাগ টুকি ললো। ইয়াৰ পাছত, পুৰাণ-ইতিহাসৰ গৰ্ভত শ্ৰীকৃষ্ণ সংবাদ অনুসন্ধানত লাগি গলো। সেই উদ্দেশ্যে, মহামুনি বেদব্যাস প্ৰণীত পুৰাণ সংহিতা আৰু তৎপ্ৰসুত তাৰ শাখা-প্ৰশাখাৰ ১৮খন বঙ্গানুবাদ পুৰাণ গ্ৰন্থ সংগ্ৰহ কৰি লৈ তাৰ গৰ্ভত নিহিত শ্ৰীকৃষ্ণ কাহিনীৰ সাৰ সমল কি পোৱা যায় তাক বিচাৰি লবলৈ বুলি, এখন-এখনকৈ একাদি- ক্ৰমে পুৰাণসমূহ যথা (১) বিষ্ণুপুৰাণ, (২) মাৰ্কণ্ডেয় পুৰাণ, (৩) ভাগৱত পুৰাণ, (৪) ব্ৰহ্ম পুৰাণ, (৫) পদ্ম পুৰাণ, (৬) লিঙ্গ পুৰাণ, (৭) বৰাহ পুৰাণ, (৮) নাৰদ পুৰাণ, (৯) গৰুড় পুৰাণ, (১০) ব্ৰহ্মাণ্ড পুৰাণ (১১) বায়ু পুৰাণ, (১২) ব্ৰহ্মবৈবৰ্ত পুৰাণ, (১৩) ভবিষ্য পুৰাণ, (১৪) বামণ পুৰাণ, (১৫) স্কন্দ পুৰাণ, (১৬) অগ্নি পুৰাণ, (১৭) মৎস্য পুৰাণ, (১৮) কুৰ্ম পুৰাণ—এই ১৮খন পুৰাণ ছালি-জাৰি চাই যি পালো সেইবোৰ সমল গোটাই ললো। তাৰ পাছত ‘হৰিবংশ অধ্যয়ন কৰিলো। হৰিবংশ’ মুঠেই একেখন গ্ৰস্থ; ইয়াৰ গৰ্ভত ভালেমান আন গ্ৰন্থত নথকা সমল পোৱা হল। এইবোৰ পৌৰাণিক হিন্দু সাহিত্যৰ ৰাশি ৰাশি মূল গ্ৰন্থৰ ভিতৰত ঘাইকৈ মহাভাৰত, হৰিবংশ আৰু খন মাখোন পুৰাণত কৃষ্ণ-আখ্যান আৰু কৃষ্ণ উপাখ্যানৰ বিপুল তথ্য বিচাৰি পালো; কিন্তু কোনো এখনতো ধাৰাবাহিককৈ ঐকৃষ্ণ-কাহিনী লিপিবদ্ধ হোৱা নাপালো। মহাভাৰতত বিছোৱা বিস্তাৰিতকৈ আছে হৰিবংশত সেইদৰে নাই;