পৃষ্ঠা:Mor Sowarani.djvu/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিপাশতম সৰ্গ প্ৰমান দেউতাৰুণ মোৰ কোলাত আগয়া এটি আলাসৰ-নাৰু যেন হল। এখৰেলৈকো তাক এৰি মই মন স্থিৰকৈ ৰব নোৱাৰা হলো; মই সাহিত্যিক চৰ্চাৰ লিখা-পঢ়াত ময় থাকোতেও তাক মোৰ আগত আনে কোলাত লৈ থাকিলেহে মই ৰিচিত্ত হব পাৰে। তাক এৰি যাবলগীয়া হয় বুলিয়েই মই তেজপুৰ এৰি আন ঠাইত বহা সভা-সমিতিৰ ৰাজহুৱা অনুষ্ঠানত বোগ দিবগৈ নোৱাৰা হলো। এইভাবেই মই তাৰ মায়াত মোহ গলো। মান,দেউতাকৰ কেঁচুৱা, চালুকীয়া আৰু শিশুকালত তিনিটা বৰ শঙ্কাকুল ৰি পাৰ হল। প্ৰথমতে তাৰ ছমহীয়া কেঁচুৱা কালত এটা বৰ টান নৰিয়া হয়, সেই নৰিয়াত সি মোৰ হাততে হেৰায় যেন লাগিছিল; গতিকে, সেই আসন্ন অৱস্থাত মই নৰীয়াক কোলাত লৈ দিনে-ৰাতিয়ে “জীৱন ৰক্ষক মহান্তৰ” পাঠ কৰিছিলোঁ। আৰু সেই আপাহতে এৰাতি মাজনিশা মই অবিচ্ছেদ কামনাৰে “মিলন মহত্ত্ব” শীৰ্ষক এটি কৱিতা কৰিছিলো; সেই কৱিতা যথাসময়ত কাকত-কিতাপ আদিত ছপা হৈ প্ৰচাৰিত হোৱাত, সি সাহিত্যিক সম্প্ৰদায়ৰ দ্বাৰাই আদৃত আৰু প্ৰশংসিত হৈছিল, এতিয়াও কৱিতাটিয়ে মোৰ ফুলৰ চানেকিত এপাহ পাৰিজাত’ যেন হৈ ফুলি আছে। সি যি হওক, এই যাত্ৰাত মই এটা মহা চিন্তাৰপৰা নিস্তাৰ পালো। দ্বিতীয়তে, শ্ৰীমান দেউতাকৰ চাৰি বছৰীয়া বয়সত, ইং ১৯২৮ চনৰ ২৫ ডিচেম্বৰত বহিবলৈ স্থিৰ হোৱা “সদৌ অসম আহোম সন্মিলনীৰ” ৭ম বৈঠকত জেনেৰেল চেক্ৰেটৰীৰ বিষয়-বাব চলিবলৈ আৰু সভাপতিৰ আসন লোৱাৰ অৰ্থে মই গুৱাহাটীলৈ বাধ্য হৈ যাবলগীয়া হয়; গতিকে শ্ৰীমানক এৰি যাবলৈ টান পাই, ঘৰৰ ঘৰোৱাহকে লগত লৈ গুৱাহাটীলৈ যাত্ৰা কৰি বৰজোৱাই শ্ৰীমান সিদ্ধেশ্বৰ গোহাঞিদেৱৰ লগত তেওঁৰ নতুনকৈ সজা বঙলা ঘৰত থাকিলোগৈ। পিচদিনাৰপৰা ৰাজবাৰী টোল’ত মহা সমাৰৰহেৰে আহোম সন্মিলনীৰ কাৰ্য সমাধা কৰি উঠি, পিচদিনা সপৰিয়ালে গৈ কামাখ্যা তীৰ্থ দৰ্শন আৰু ভক্তি তৰ্পণ কৰি আহিলোঁ। তাৰ পিচদিনা দুয়ো পৰিয়ালৰ সদৌটি “বশিষ্ঠাশ্ৰম তীৰ্থ দৰ্শনলৈ গলোহঁক; লগত মোৰ মৰমৰ ভাগিন মান কমলাকান্তও (কমলাকান্ত বৰুৱা বি-এল, ই.এ.চি, মোৰ মাজিউ সহোদৰ ভনী আইৰণ আইদেউ আৰু মোৰ সোদৰপ্ৰতিম বৈনাই সূৰ্যকান্ত বৰুৱা ই. এ. চিৰ একেটি পুত্ৰ) গৈছিল। বশিষ্ঠাশ্ৰম মন্দিৰৰ ভেটিৰ গাইদি বৈ যোৱা সন্ধ্যা, ললিতা আৰু কান্তা নামে পুণ্যসবিলা ত্ৰিতোৰ সঙ্গম স্কুল তীৰ্থত শ্ৰীমান দেউতাক মই নিজ হাতে ধৰি অৱগাহন কৰাই লৈ আমি সকলোটিয়ে স্নান কৰি, পৰম বিশুদ্ধভাৱে ভৰ দুপৰীয়া তীৰ্থ ভোজন কৰি উঠি উলটিবলৈ সষ্টম হলোহঁক; কি বশিষ্ঠাশ্ৰম মন্দিৰৰ ভিতৰত কিছুমান লাগতিয়াল প্ৰত্নতাত্ত্বিক তথ্যৰ টোকা লিখি লওঁতে মই অলপ পিচ পৰিছিলো, এনেতে মোক মটৰ গাড়ীত উঠা নেদেখি ক্ৰমান দেউতাণে কালি খণক লগাবলৈ ধৰিলে। মই অগত্যা লৰালৰিকৈ ওলাই আহি গাড়ীত উঠিলো। মোৰ প্ৰতি তাৰ অমায়িক আৰু স্বাভাৱিক আসক্তি দেখি সকলোটিয়ে তথা লাগিছিল। বশিষ্ঠাশ্ৰমৰপৰা উলটি অহাৰ পাছত, পাৰেলি দেউতাৰুণৰ তীৰ কঁপে আৰ উটি আহিল। সফিয়াৰপৰা এৰ