পৃষ্ঠা:Mor Sowarani.djvu/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একপঞ্চাশত্তম সৰ্গ ২১৩ পিচদিনা পুৱা নগাওঁলৈ নিজে যাবলৈ বুলি মনস্থ কৰি ডাকঘৰৰপৰা ঘৰলৈ উলটি আহিছে, এনেতে পিচে-পিচে খেদি আহি পিয়নে টেলিগ্ৰাম এটা মোৰ হাতত দিলে। মন উগুল- খুগুল, হাত থৰ-বৰ, লৰালৰিকৈ টেলিগ্ৰাম মেলি চাওঁ যে, সাংঘাতিক সংবাদ, Gogoideu expired this morning! মই থৰমৰ খাই খাৱৈৰ ফালে হলি পৰো পৰে হওঁতেই হঠাৎ মিউনিচিপাল অভাৰচিয়াৰ অজিত বাবুৱে পিচফালৰপৰা আহি মোক থাপ মাৰি ধৰি ৰাখি গাত আউজাই লৈ ধৰি ধৰি আনি ঘৰত থৈ গলহি। মই চিঞৰি চিঞৰি কান্দি অস্থিৰ হৈ পৰিলো, ভিতৰত কান্দোনৰ কোঢ়াল লাগি উঠিল, মোৰ গাত হুচ নোহোৱা হল। মোৰ প্ৰাণপ্ৰতিম অতি চেনেহৰ মাজিউ জোৱাই, মোৰ পৰমভক্ত দ্বিতীয় ধৰ্মপুত্ৰ মান হৰিনাথ গগৈদেৱ নিলগত আচানত ঢুকাল, সন্তপ্ত পৰিয়ালৰ আমি কেৱে দেখিবলৈ নাপালো! সেই সাংঘাতিক অকাল মৃত্যুৰ পুৰ্বক্ষণত তেওঁৱে সৈতে আমাৰ গোটই পৰিয়ালৰ ছবি ভোলা ফটোগ্ৰাফ এটা বুকুত সাৱটি ধৰি আছিল হেননা। মোৰ বাছা সঁচাকৈয়ে ঢুকাল, আমাৰ “মাজিউ” আৰু এই সংসাৰত নাই; কিন্তু, সেই ৩৩ তেত্ৰিশ বছৰীয়া ভৰ-ডেকা কালৰ থুলন্তৰ পুৰুষ, স্বাস্থ্যৰ জ্বলন্ত মুৰ্তি (perfect picture of health) মোৰ প্ৰাণাধিক গগৈদেৱ আৰু এই সংসাৰত নাই’, বোলা হৃদয়বিদাৰক কথাৰ পতিয়ন মোৰ মনলৈ আজিও আনিব পৰা নাই; সঘনে সপোত দেখাৰ উপৰি, সেই আৰ্জাৰ ৰঙা সুপুৰুষ ডেকা ছায়াময়াকৈ দেখিলেও মোৰ ভ্ৰম হয়,–এদিন এজন চোলা-চুৰিয়া পিন্ধা খুলন্তৰ ৰঙামুৱা পঞ্জাবী ডেকা ‘বস্তি’-প্ৰেছ-অফিচৰ আগেদি যোৱা দেখি তেওঁকে মোৰ মাজিউ' বুলি প্ৰম হৈ কলিবাৰী ঘাটলৈকে তেওঁৰ পিচ-লাগি খেদি গৈ আছিলো। মোৰ অতি চেনেহৰ মাজিউ জোৱাই পৰম ভক্ত দ্বিতীয় ধৰ্ম-পুত্ৰ হৰিনাথ গগৈদেৱে তিনটি আমাডিমা সন্তানৰে সৈতে গাভৰু ভাৰ্যাক অনাথকৈ মোৰ বুকত এৰি থৈ, ৩৩ বছৰীয়া ভৰ ডেকা কালত ভুক কৰে সিপুৰীলৈ উৰি গুচি গল! মোৰ সাহিত্যিক সমল, অসম চেণ্টাল প্ৰেছ’, ‘লীলা এজেঞ্চি’, ‘অসম-বন্তি’ সমন্বিতে এই ঘৰ-দুৱাৰ পুত্ৰ-পৰিয়ালৰে সৈতে এই সংসাৰ তেওঁক গতাই দি যাবলৈ যি সঙ্কল্প কৰিছিলো, সি ‘আকাশ কুসুম’ত পৰিণত হল। কত বুঢ়াৰ ভাৰ কান পাতি ল'ব, এতিয়া ডেকাৰ সংসাৰ বোকোচাত ব’বলগীয়া হলো! বিধি-বিড়ম্বনা! অদৃষ্টৰ লিখন অলঙ্ঘনীয়!—এয়ে মোৰ দ্বিতীয়া কন্যা দানৰ ফলাফল।