পৃষ্ঠা:Mor Sowarani.djvu/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চাশত্তম সৰ্গ ২৭৭ ইজনৰ কাষ চাপিলগৈ। তাৰ সভেদ পাই পিচদিনা মধ্যে অনতিপলমে চিভিল চাৰ্জন কৰ্ণেল বিচি চাহাবক দেখা কৰিলেগৈ। মিঃ আৰ্মচনক কোৱা কথাখিনিকে কৰ্ণেল বিচিৰ আগতে দোহাৰি কলো। এওঁ এজন মুকলিমুখীয়া মানুহ। ভাল পাওক বা বেয়া পাওক তালৈ নাচাই তেওঁ পেটৰ কথা যাৰে তাৰে মুখৰ আগত কৈ পেলায়। মোৰ মুখৰ কথাখিনি মন পাৰি শুনি লৈ, তেওঁ ঘপহকৰে কৈ পেলালে যে, সেই বিষয়ে অলপতে মনোমোহন বাৰুৱেও তেওঁক টুকুৰিয়াই চাইছিলগৈ, কিন্তু তেওঁ তেওঁৰ আগত একো খাতাং মত প্ৰকাশ নকৰিলে। আচলতে তেওঁক ভোট দিবলৈ তেওঁৰ মন নাই। তাৰ পাছত, কৰ্ণেলে মোক এইভাৱে সমিধান দিলে যে, তেওঁ গৱৰ্ণমেন্ট তৰফীয়া নমিনেটেড মেম্বৰ হেতুকে, গৱৰ্ণমেণ্টৰ নীতি (policy) অনুসৰি যোগ্যজনৰ হকহে সমৰ্থন কৰিব। গৱৰ্ণমেণ্টৰ নীতি মতে ৰাজকীয় বা ৰাজহুৱা বিষয়-বাব পাল বাটি (by rotation) পাব লাগে; গতিকে, একাদিক্ৰমে বহু বছৰ সেই বিষয়-বাব এদনীয়াকৈ ভোগ কৰি থকা বঙালী কমিউনিটী’ক তেওঁ ভোট নিদিয়ে। তেজপুৰ মিউনিচিপালিটীত অসমীয়া, বঙালী, মাৰোৱাৰী আৰু ফুৰোপীয়ান কমিউনিটীৰ দাবী প্ৰৱল। মাৰোৱাৰী কমিউনিটীত চেয়াৰমেন হবলৈ উপযুক্ত লোক নাই, গতিকে তেওঁ এইবাৰ অসমীয়া প্ৰাৰ্থীৰ সপক্ষেহে ভোট দিব, নহলে যুৰোপীয়ান কমিউনিটীৰ প্ৰতিনিধি মেম্বৰ মিঃ আৰ্মচনক প্ৰাৰ্থী হবলৈ প্ৰস্তাৱ কৰিব। এই সমিধানত উলাহিত হৈ মই গিৰিাই কৈ পেলালো যে ইতিমধ্যত মিঃ আৰ্মচনে মোক চেয়াৰমেনৰ কাৰণে প্ৰাৰ্থী প্ৰস্তাৱ কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে থৈছে। সেই কথাত কৰ্ণেল ৰিচিয়ে বৰ ৰং মনেৰে কৈ পেলালে যে, তেনেহলে তেওঁ অতি আনন্দেৰে মিঃ আৰ্মচনৰ প্ৰস্তাৱ সমৰ্থন কৰিব, কিয়নো তেওঁ বেচকৈ জানে যে গৱৰ্ণমেণ্টৰ ঘৰত মোৰ বৰ নাম, বিগত কাউন্সিলত মোৰ কৃতিত্বৰ কীতি জিলিকি আছে; গতিকে মিউনিচিপাল চেয়াৰমেনৰ বিষয়-বাব যে মই দক্ষতাৰে চম্ভালিব পাৰিম তাত সংশয় নাই, ইত্যাদি। দুয়োজন যুৰোপীয়ান মেম্বৰৰ সমৰ্থন প্ৰতিশ্ৰুতি লাভ কৰি মোৰ জয়লাভৰ আশা আৰু টনকিয়াল হৈ উঠিল। কিন্তু সিমানতো নিশ্চিন্ত হব নোৱাৰিলো। কিয়নো, যুৰৰপীয়ান দুজন মোৰ ফলীয়া হোৱাত উভয় পক্ষ সমৰ্থন ভোট সমান সমানহে হ’ব, গতিকে নিৰ্বাচন সভাত (election meeting) বহা প্ৰেচিডেন্টজনৰ একটীয়া ভোটৰ (casting vote) ওপৰতহে ফলাফল নিৰ্ভৰ কৰে। সেই বিষয়ত দুয়োপক্ষ সচকিত। সিপক্ষে সিবিলাকৰ মাজৰ এজনক প্ৰেচিডেন্ট প্ৰস্তাৱ কৰিবলৈ সষ্টম হৈ আছে, ইহাতে ময়ো আমাৰ ফলীয়া এজন কোবাল মেম্বৰক প্ৰেচিডেন্ট প্ৰস্তাৱ কৰিবলৈ মনে মনে পাঙি আছে। এনেতে চেয়াৰমেন ইলেকচন মিটিঙৰ বৈঠক আৰম্ভ হল। পুৰণি চেয়াৰমেন মনোমোহন বাৰুৱে যথাৰীতি নিজৰ আৰু পুৰণা বোৰ্ড মেম্বৰসকলৰ পদ ইস্তফা দি আসন এৰি দিয়া মাত্ৰকে সিপক্ষে তকিব নোৱাৰাকৈ মই ততালিকে মিঃ আৰ্মচন প্ৰেচিডেন্ট প্ৰস্তাৰ কৰিলো; তেতিক্ষণে কৰ্ণেল বিচিয়ে সেই প্ৰস্তাৱ সমৰ্থন কৰিলে। গতিক দেখি বিপক্ষ দল অবাক হল। সেইভাৱে কেই- মিনিটমান চকু চোৱা-চুইকৈ নিটাল মাৰি ৰোৱাৰ ছেগতে মিঃ আৰ্মচন প্ৰেঢ়িভেন্টৰ আসনত্ব