পৃষ্ঠা:Mor Sowarani.djvu/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চাশত্তম সৰ্গ . মিউনিচিপাল চেয়াৰযেন তেজপুৰত মিউনিচিপালিটী সৃষ্টি হবৰেপৰা ভালেমান দিনলৈ তাত অসমীয়াৰ সংগ্ৰ নাছিল। তাৰ পাছত, মিউনিচিপাল বোৰ্ডত ছেগ বুজি একোজনকৈ অসমীয়া নমিনেটেড মেঘৰ বা কমিচনাৰ সোমাবলৈ বাট মুকলি হল; কিন্তু মেজৰ (পাছত কৰ্ণেল) হেলিডে ডেপুঢ়ী কমিচনাৰৰ আমোললৈকে নমিনেটেড আৰু ইলেকটেড দুজনতকৈ অধিক অসমীয়া কমিচনাৰে আসন পোৱা নাছিল। সেই কালত সেই দুজনৰে এজন কমিচনাৰ ময়গা হলো। তেতিয়া অফিচিয়েল চেয়াৰমেন ডেপুটী কমিশ্যনাৰ নামত হে, কামত নন-অফিচিয়েল ভাইচ- চেয়াৰমেনেই সৰ্বেসৰ্বা। সেই ভাইচ-চেয়াৰমেনৰ বিষয়-বাব তেতিয়ালৈকে বঙালী সম্প্ৰদায়ে এদনীয়াকৈ উপভোগ কৰি আহিছিল; পিচে, উক্ত আমোলতে মই নিজ কাৰ্য-কৌশল খটাই বহু প্ৰবন্ধেৰে ভাইচ-চেয়াৰমেনৰ বিষয়-বাৰ লাভ কৰাৰ আলমত তেজপুৰ মিউনিচিপালিটীৰ চন্তালন পোন্-প্ৰথমে অসমীয়াৰ হাতলৈ আহে। সেই বিষয়-বাব মই তিনি বছৰলৈ দক্ষতা আৰু সুখ্যাতিৰে সৈতে চলোৱাৰ পাচত, ভাইচ-চেয়াৰমেনৰ পদ আকৌ বঙালী সমাজৰ হাতলৈ যায়; মোৰ পাছত বাবু (পাছত ৰায় চাহাব, তাৰ পাছত ৰায় বাহাদুৰ) মনোমোহন লাহিড়ী উকীল ভাইচ-চেয়াৰমেন হয়, মোৰ আগেয়ে বাবু শ্যামা চৰণ মৈত্ৰ উকীলে সেই বিষয়-বাব চলাইছিল। মোৰ আমোলত তেজপুৰ মিউনিচিপালিটাৰ বাজে-ভিতৰে ভালেমান উন্নতি হৈছিল বুলি বছৰি অফিচিয়েল ৰািপোৰ্টত প্ৰচাৰিত হৈছিল; তাৰ ভিতৰত গণেশ ঘাট, জাহাজ ঘাট, কোল-পাৰ্ক, বৰ পুখুৰী, পদ্ম পুখুৰী, পাৰ্ক পুখুৰী ইত্যাদিৰ সংস্কাৰ আৰু হেলিডে-পাৰ্ক প্ৰতিষ্ঠা এইবোৰ লেখত লবলগীয়া। ইং ১৯১৯ চনত, যেতিয়া পো-প্ৰথমে অফিচিয়েলৰ ঠাইত নন-অফিচিয়েল চেয়াৰমেন হোৱাৰ নিয়ম প্ৰবৰ্তিত হয়, তেতিয়া তেজপুৰ মিউনিচিপালিটাৰ ভাইচ-চেয়াৰমেন মনোমোহন লাহিড়ীয়েই চেয়াৰমেনৰ গাদীলৈ উঠিল, মাথোন বাবু চন্দ্ৰকান্ত দাস উকীলক নতুনকৈ ভাইচ- চেয়াৰমেন পতা হল; অৱশ্যে ভাইচ-চেয়াৰমেনৰ বিষয়-বাব লবলৈ উপযুক্ত অসমীয়া নোলাল; মোৰু যাচিছিল, কিন্তু মই সমনীয়া বঙালী এজনৰ তলতীয়া বাৰ লবলৈ ইচ্ছা নকৰিলো। যাচি দিয়া ভাইচ-চেয়াৰমেন বাব প্ৰত্যাহাৰ কৰিলো, কিন্তু অচিতে স্বয়ং চেয়াৰমেনৰ আসন লবলৈ সুদৃঢ় সঙ্কল্প ৰাখিলো। নতুন নিয়মে নতুনকৈ নিৰ্বাচিত হোৱা চেয়াৰমেনৰ তিনি বছৰীয়া বিষয়-বাৰৰ কাল অন্ত হোৱাৰ আগৰেপৰা মই তলে-তলে কাৰবাৰ কৰি আছিলো তেজপুৰ মিউনিটিপালিটীত কেনমান সৰহকৈ কমিচনাৰ বা মেষৰ নিৰ্বাচিত আৰু নমিনেটেড কৰাবলৈ। বৰ সন্তোষ কথা, মোৰ সেই উদ্যম সফল হল; নতুনকৈ গঠিত হোৱা বোৰ্ডত মোৰে সৈতে তিনিজন নিৰ্বাচিত আৰু এজন নমিনেটে হৈ মুঠ চাৰিজন অসমীয়া মে সোমাল। মোৰ ওপৰখিকৈ