পৃষ্ঠা:Mor Sowarani.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সোঁৱৰণী কৈছিল। সদৌ শেহত, গৱৰ্ণমেণ্ট পৰা প্ৰথম একজিকিউটিভ মেধৰ মিটাৰ ভলিউ বী, (পাছত ছাৰ উইলিয়াম ৰীড) চাহাবে এইবুলি সামৰণি মন্তব্য দিলে যে, যদ্যপি বিলিউচনটো বৰ লাগতিয়াল আৰু তাৰ সমৰ্থনত প্ৰয়োগ কৰা যুক্তি অকাট্য যেন বুজা গৈছে, তথাপি শাসন পদ্ধতিৰ লগত মিলাই ইয়াৰ গুৰুৰ বিচাৰ কৰিবলৈ গৱৰ্ণমেণ্টক যথেষ্ট সময় লাগিব। গতিকে, প্ৰস্তাৱকে (mover) ইচ্ছা কৰিলে, বিজলিউচনটো এই অৱস্থাতে (present stage) সাম্প্ৰতিকভাৱে উঠাই লব পাৰে। লগতে, মোৰ বন্ধু সদস্যকেগৰাকী- মানেও সেই পৰামৰ্শকে দিয়াত, গৱৰ্ণমেন্ট প্ৰদত্ত আখাসত বিশ্বাস মানি মোৰ ৰিজলিউনটি মই সন্তোষেৰে উঠাই ললো।