পৃষ্ঠা:Mor Sowarani.djvu/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সেৱৰণ Lakhimpur Government High School নামে অভিহিত হ’ল। তাৰ পাছত সেই নতুন হাইস্কুলটিৰ ক্ৰমোয়তিয়ে মোৰ চকুত চমক লগাবলৈ ধৰিলে; এতিয়া তাৰ টনকিয়াল অৱ দেখি মোৰ অন্তৰত আনন্দ উপচি পৰিছে। . ডেপুটী প্ৰেচিডেন্ট শূন্য আসল পুৰণাৰ্থে পুৰপি নিৰ্বাচন বিফৰ্ম কাউন্সিলৰ তৃতীয় বছৰেকীয়া বৈঠকৰ আৰম্ভণত ডেপুটী প্ৰেচিডেন্ট বিষয়াৰ আসন লৈ আকৌ অৰিয়া-অৰি লাগি উঠিল। দুবছৰৰ আগেয়ে নিৰ্বাচিত হোৱা ডেপুটী প্ৰেচিডেন্ট খানবাহাদুৰ মৌলবী মহিবুদ্দিন আহমদ চাহাবৰ অকাল মৃত্যুত সেই পদ আকৌ খালি হয়; আৰু সেই শূন্য আসন পুৰ্ণ কৰাৰ অৰ্থে পুনৰপি প্ৰাৰ্থী নিৰ্বাচনৰ ছেগ অচিতে আহি পৰিল। সেই ছেগতে, মিঃ নীলমণি ফুকন, ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱা প্ৰমুখ্যে কেজনমান ডেকা বন্ধুৰ প্ৰস্তাৱ আৰু অনুৰোধত মই আকৌ প্ৰাৰ্থী থিয় হবলগীয়া হ’ল। কিন্তু, এইবাৰ অসম উপত্যকাৰ কেইবাজনো প্ৰাৰ্থী ঈৰ্ষ। আৰু ইচ্ছাৰ প্ৰেৰণাত প্ৰতিদ্বন্দ্বী উঠাৰ আগন্তুক দেখা গল,—তাৰ ভিতৰত বৰপেটাৰ শ্ৰীযুত লোহিতচন্দ্ৰ নায়কক অত্যধিক উত্ৰাৱল দেখা গল। গতি-গোত্ৰ দেখি, মই মোৰ নিৰ্বাচন উঠাই লবলৈ আগবাঢ়িলো; পিচে, প্ৰস্তাৱক আৰু সমৰ্থকসকলে ভিতৰুৱা মেল পাতি আলোচনা কৰি, এই সিদ্ধান্ত দিলে যে, যিহেতু শ্ৰীযুত নায়কৰ সমৰ্থন ভাগ্য (chance) অতি ক্ষীণ, অথচ মোৰ সফলতাৰ সম্ভাৱনা অত্যধিক, সেই হেতু নিৰ্বাচন প্ৰচেষ্টা মিঃ নায়কে মোৰ হকে এৰি দিব লাগে। সেই সিদ্ধান্ততে ৰাতিটো পাৰ হবলৈ মাথোন বাকী। শ্ৰীযুত লোহিত নায়ক, ৰায়চাহাব মনোমোহন লাহিড়ী, শ্ৰীযুত ডালিমচন্দ্ৰ বৰা, বাবু হীৰালাল বসু (মঙলদৈৰ মুক্তিয়াৰ), বাবু বিৰাজমোহন দত্ত (ধুবুৰীৰ) আৰু মই সেই যাত্ৰাত এটা হিন্দু আশ্ৰমত একেলগে আছিলোগৈ; মই অকলশৰীয়াকৈ এটা সুকীয়া কোঠাত আৰু সিবিলাক আন এটা ডাঙৰ খোটালিত একেলগে। ৰাতিটোৰ ভিতৰত কি মন্ত্ৰণা চলিল কব নোৱাৰো, পিচদিন দুপৰীয়া কাউন্সিল চেম্বাৰ্চত সদৌ সদস্যবৰ্গে আসন লোৱাৰ পাছত, ডেপুটা প্ৰেচিডেন্ট বিষয়াৰ আসন পুৰাবৰ কাৰণে প্ৰাৰ্থী মনোনয়ন আহ্বান কৰা মাত্ৰকে হীৰালাল বাবুৱে মনোমোহন বাবুৰ অনুমোন আৰু বিৰাজমোহন বাবুৰ সমৰ্থনেৰে তেওঁৰ মনোনয়ন শ্ৰীযুত লোহিত নায়কৰ নামে দাখিল কৰিলে; তেতিক্ষণে গুৱাহাটী মটৰ কাৰখানাৰ অধ্যক্ষ মুৰৰপীয়ান মেম্বৰজনে তেওঁৰ প্ৰস্তাৱ মিঃ নীলমণি ফুকনৰ অনুমোনৰে সৈতে মোৰ নামে দাখিল কৰিলে; ইতিমধ্যত, হঠাতে চাহকৰ (tea planters) সম্প্ৰদায়ৰ এটনি প্ৰতিনিধি ডিব্ৰুগড়ৰ মিঃ ৰফি চাহাবে অপৰ এজন যুবোপীয়ান মেম্বৰৰ অনুমোদনেৰে সৈতে সেই সমাজভুক্ত সদস্য ৰায়বাহাদুৰ শ্ৰীযুত শিৱপ্ৰসাদ বৰুৱাৰ নামে মনোনয়ন দাখিল কৰিলে। সিফালৰপৰা সিটো উপত্যকাৰ (Surma Valley) হিন্দু-মুছলমান সদৌ সদস্য একেমুঠীয়া হৈ, খানবাহাদুৰ বখত, মজুমদাৰৰ নামে তৃতীয়জন প্ৰাৰ্থী মনোনয়ন ছেগ বুজি দাখিল কৰা হল। এনেস্থলত ফলাফল কি হব, আগধৰি জানিব পৰা হল। এই প্ৰসঙ্গত, নিৰ্বাচনত গুপুত মত (ballot) লোৱা নিয়মৰ আৰ লৈ এজন