পৃষ্ঠা:Mor Sowarani.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. যৰিংশ সৰ্গ ভূমি গমিৰি-গহপুৰ কৰংপুৰহে। মোৰ চেমনীয়া কাললৈকে এই অঞ্চল উত্তৰ লক্ষীমপুৰৰ এলেকাত আছিল, ডিব্ৰুগড় সদৰৰ অধীনত। আপীলাদি ভাঙৰ গোচৰ সংক্ৰান্তত ডিব্ৰুগড়লৈ যোৱ-অহা কৰাত এই অঞ্চলৰ প্ৰজাৰ মহা আহকাল গুচাবৰ কাৰণেহে তিনি কুৰিমান বছৰৰ আগতে গহপুৰ, কলংপুৰ, গমিৰি সমন্বিতে ছয়দুৱাৰ অঞ্চল শাসনৰ সুচনাৰ্থে তেজপুৰ সদৰৰ এলেকাভুক্ত কৰা হয়। আজিকোপতি সেই অঞ্চলৰ জীয়ৰী-গাভৰুৱে বিহু হাটত টকাৰ তালত এইবুলি আক্ষেপসূচক বিহুগীত গোৱা শুনা যায়, যেনে—‘গহপুৰ ঐ, কলংপুৰ ঐ, ডিবৰ জিলাখন কিমান দূৰৈ। এনে মূলত দুকুৰি বছৰৰ আগৰেপৰা তেজপুৰত নিগাজীকৈ থিতাপি হোৱা শ্ৰীযুত পদ্ম গোহাঞি বৰুৱা যদি আজিও ‘ন-তেজপুৰীয়া হৈয়ে ৰ'ল, তিনিকুৰি বছৰৰ আগেয়ে তেজপুৰত থিতাপি হোৱা মইনো ‘ন-তেজপুৰীয়া নহম কিয়?” ইয়াৰ মাজতে তেখেতৰ বক্তব্য শেষ নৌহওঁতেই, তেজপুৰীয়া’ দলৰ এজন ডেকাই বহি থকাৰেপৰা মাত লগালে, “আঁত, আপুনিও।” সেই মাত শুনি, আগৰৱালা ডাঙৰীয়াই হাঁহি মাৰি এইবুলি কৈ নিমাত হৈ বহিল, “বেচ, তেনেহলে দৰৰ বাহিৰে নিলগৰ আঁতিগুৰীয়া ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, কায়স্থাদি সকলোৱেই ন-তেজপুৰীয়া।” এনেতে, মই অতি বিনীতভাৱে দুয়ো দলৰ প্ৰতি হাতঘুৰি অনুৰোধ কৰিলে মোক সেই বাদ-বিসম্বাদ আৰু দলাদলিৰ মাজলৈ টানি বিপাঙ্গত নেপেলায় যেন, কিয়নো, মই মাথোন উমৈহতীয়া কৰ্মচাৰী। কিন্তু কাৰৰ যুক্তি-তুতিলৈ কেৱে কাণ নিদিয়া হল; তৰ্কযুদ্ধৰ জুই ভৌ-ভৌৱাই জলিবলৈ ধৰিলে। সদৌশেহত মুখামুখি এৰি হতাহতি হোৱাৰ উপক্ৰম দেখা গ’ল। এনে অৱস্থাত মই ততালিকে থিয় হৈ, সভা-সমিতিৰ নিয়ম-কাৰণৰ দোহাই দি, সভাপতিৰ অনুজ্ঞা জ্ঞাপনেৰে সভা ভঙ্গ কৰাই কাকত-পত্ৰাদি লৈ ওলাই আহিলে, অপৰাপৰ সমজুৱাসকলৰৰ এভাগক দিহাদিহি যোৱা দেখিলোঁ। পিছে, তাৰ পাছত, তেজপুৰীয়া’ দলে আকৌ চাপি সেই ঠাইতে আকৌ এটা বৈঠক পাতি, বাজে কাগজত কাৰ্যবিবৰণী লিখি ‘ন-তেজপুৰীয়া’ সভ্যসকলৰ নাম কাটি, নতুনকৈ এখন সভা গঠন কৰি গুচি গ'ল। এই নীতি- বিগৰ্হিত কাৰ্যৰ সম্ভেদ পাই, অপৰাপৰ বিজ্ঞজনৰ পৰামৰ্শ লৈ, কেদিনমানৰ পাছত, অ, আ, উ. সা. সভাৰ জৰুৰী অধিবেশন আহ্বান কৰিলো, সেই আহ্বান গ্ৰহণ কৰি নন-তেজপুৰীয়া’ দল চাপিলহি, কিন্তু অপৰপক্ষ দলৰ কেৱেই নাহিল। তাৰ পাছত দেখে যে সভাৰ নামঘৰৰ দুৱাৰত নতুনকৈ তলা ছবি লগাই সভাঘৰ বন্ধ কৰি থোৱা হৈছে। মই অগত্যা টোলৰ ভিতৰত বাহিৰতে সেই জৰুৰী বৈঠক বহুৱাই, সেইদিনাৰ আলোচ্য বিষয় পৰিপাটিকৈ আলোচনা কৰালোঁ। সেই বৈঠক সিদ্ধান্তমতে, সভাৰ নামঘৰ আৰু থিয়েটাৰ ষ্টেজ চাল- নাৰ্থে সাতজন সদশ্যেৰে সৈতে এখন কমিটী গঠিত কৰি, কাছাৰিৰ হেডক্লাৰ্ক মৌলবী জোনাব আলি চাহাবক (যোৰহটীয়া) চালন সমিতিৰ সভাপতি, গড়কাপ্তানী অফিচৰ পেখনীয়া হেডক্লাৰ্ক কৃষ্ণৰাম দাসদেৱক (নগঞ) সম্পাদক আৰু সেই অফিচনে বৰ্তমান হোক যুত নাৰায়ণচন্দ্ৰ বৰদলৈক (গুৱাহটীয়া) সহকাৰী সম্পাদক পতা হল। তাৰ পাছত, সেই চালন সমিতিয়ে, নামঘৰ পুনঃ মোলাৰৰ অৰ্থে বিবাদীয়া বিষয়টো আদালতত তুলিৰলৈ