পৃষ্ঠা:Mor Sowarani.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৮ মোৰ সোঁৱৰণী বহুৱাই লৈ, বিবিধ বিষয়ক কথা-বাৰ্তা পাতি আমনি ভাঙিবলৈ ধৰিলে। কথা-প্ৰসঙ্গত মোৰ নিৰ্বাচন বিষয়ক কথা ওলাল। পোনেই মই নিৰ্বাচনত কৃতকাৰ্য হোৱা শুনি তেওঁ সৰল চিতেৰে আনন্দত উৎফুল্ল হল; তাৰ পাচত, মনটি অলপ আমোলাই, তেওঁ এইবুলি মনোভাৱ ব্যক্ত কৰিলে, “এই সুখ সংবাদত মোৰ হৰ্ষ-বিষাদ উভয় মিহলি।” মই মুহূৰ্তমান থমক খাই সুধিলো, “কিয়? হৰ্ষৰ অৰ্থ পাইছে বাৰু, বিষাদ কি বাবে? মই কাউন্সিললৈ যোৱাত কিবা অপকাৰ অনুভৱ হৈছে নেকি?” আগৰৱালাদেৱে ততালিকে এইবুলি প্ৰশ্ন কাটিলে, “নহয় ডাঙৰীয়া, আপুনি কাউন্সিললৈ পুনৰপি যাবলৈ পোৱাত আমাৰ অপাৰ আনন্দহে, সেইটো ৰাইজৰ ভাগ্য বুলিহে ভাবিছে। আপুনি পোন-প্ৰথম কাউন্সিল সভাত চাৰি বছৰে সমূহ ৰাইজৰ হৈ, দেশৰ উন্নতিৰ হকে খাটি যিবোৰ উপকাৰ সাধি দিলে, সেইবোৰ আমি পাহৰিব নোৱাৰোঁ; কিন্তু, আপুনি কৰ্মভূমি এৰি জন্মভূমিৰপৰা নিৰ্বাচিত হৈ অহাৰ বাবেহে বিষাদ লাগিছে। আপুনি আপোনাৰ আচল কৰ্মজীৱন আমাৰ তেজপুৰতে পাৰ কৰিলে। সেই জীৱন ছেদত আপুনি আপোনাৰ কৰ্মভূমি তেজপুৰৰ উন্নতি আৰু তেজপুৰীয়া ৰাইজৰ উপকাৰৰ অৰ্থে যি কৰিলে তাৰ কীৰ্তিচিন জিলিকি ৰৈছে, আৰু আগলৈকো ৰ'ব। এইটো জনাজাত কথা যে, প্ৰথম কাউন্সিললৈ যদ্যপি আপুনি আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি স্বৰূপেহে চৰকাৰৰ মনোনয়ন মতে নমিনেটেড মেম্বৰ হৈ গৈছিল, তথাপি, আমি জাননা, আৰু সকলোৱে স্বীকাৰ কৰে-যে, সেই কাউন্সিল সভাত আপুনি নিজ জাতিৰ হৈ চাৰিভাগৰ এভাগ মাথোন খাটিছিল, অপৰ চাৰিভাগৰ তিনিভাগ সদৌ অসমীয়া ৰাইজৰ হকে অহহাপুৰুষাৰ্থ কৰিছিল। সেই হেতুকেহে এইবাৰ আপুনি জন্মভূমিৰ প্ৰতিনিধিত্ব নলৈ, কৰ্মভূমিৰ প্ৰতিনিধিত্বেৰে নিৰ্বাচিত হোৱা হলে, বিষাদবিহীন হৰ্ষলাভ কৰিলোহেঁতেন!” শ্ৰীযুত দীনেশ্বৰ আগৰৱালা মৌজাদাৰ এজন ধীৰ প্ৰকৃতিৰ চিন্তাশীল সাধুলোক বুলি তেওঁৰ প্ৰতি মোৰ বৰ আস্থা; গতিকে তেওঁ গহীন-গভীৰ আৰু সৰলভাৱে মনোভাৱ ব্যক্ত কৰা কথাখিনি মোৰ অন্তৰত বৰকৈ লাগিল। টকা মাৰি ৰৈ মই সেই সৰল বন্ধুজনক এইবুলি সমিধান দি তেওঁৰ বিষাদ মোৰ আশ্বাসেৰে মচি পেলালো, বোলো, “বাক, এইবাৰেই নিবাৰ নহয়, আগলৈ আৰু বাৰ আছে; অহাবাৰত মই মোৰ কৰ্মভূমি’ তেজপুৰৰ প্ৰতিনিধিত্ব লৈ কাউন্সিল নিৰ্বাচনত থিয় হম।” মোৰ সমিধানত পতিয়ন গৈ তেওঁ আশ্বস্ত হোৱা যেন লাগিল। তাৰ পাছত, বিবিধ বিষয়ক কথা- বাৰ্তা পাতি আহি থাকোতেই সন্ধিয়া লাগিল, জাহাজত বিজুলী চাকি জলি উঠিল, আমি দুয়ো জাহাজৰ মজিয়াত ইমূৰৰপৰা সিমূৰলৈ ফুৰণ ছলেৰে এঘণ্টামান টলি থাকি নিজ নিজ বিছনাত পৰিলোঁগৈহঁক। পিচদিনা, ৰাতিপুৱা শুই উঠি দেখে যে, জাহাজ তেজপুৰ ঘাটত লাগি আছেহি। তেজপুৰ ঘাটত নামি পাৰলৈ উঠি পোনেই মোৰ মিউনিচিপালিটীৰ শোভা দেখি (সেই সময়ত মই তেজপুৰ মিউনিচিগালিটীৰ চেয়াৰমেন) মন ফৰকাল লাগিল। বৰপুখুৰী, পদুমপুখুৰী, ৰেলপুখুৰী, পাৰ্ক পুখুৰীৰ শীতল দৃশ্যই মোৰ অন্তৰ শত কৰিলে; চাৰি-আলি, তিনি-আলি মূৰে মূৰে মোৰ যকৃত তিনিকুণীয়া ফুলনিবাৰী কেইখনিয়ে অকীয়াকৈ অলপ পৰ