পৃষ্ঠা:Mor Sowarani.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুচাৰিংশ সৰ্গ ২৪১ পিছে, মান যোগেশ্বৰ বৰুৱাদেৱে মোৰ লগ নেৰি পিছে পিছে খেদি লগতে ঘৰ পালেহি। মই ‘লীলা এজেফি অফিচত সোমাই টেলিগ্ৰাম সমিধান লিখিবলৈ বহিলো, তেৱো কাষতে বহি লৈ নিটাল মাৰি মোলৈ চাই ৰল। মই সমিধানটো এইবুলি লিখি উঠি বৰুৱাদেৱক পঢ়ি watan "Renounced with thanks title conferred does not suit me" i off শুনাই তেওঁক সুধিলে, “ঠিক হৈছেনে?” তেওঁ উত্তৰ দিলে, “হৈছে, কিন্তু” মই মুখি ধৰি উদ্বেগেৰে কলো, “কিন্তু কি আকৌ!” তেওঁ পুৰাকৈ কলে, “কিন্তু নিয়মমতে ঠিক হোৱা নাই, কিয়নো, অসম গৱৰ্ণমেণ্টৰ প্ৰতি প্ৰত্যাহাৰ কৰাটো অবৈধ হব, যিহেতু খিতাপটো অসম গৱৰ্ণমেণ্টৰ নহয়, ভাৰত গৱৰ্ণমেণ্টৰহে।” মই কলো, “তেন্তে ভাৰত গৱৰ্ণমেণ্টলৈকে পোনহাতে সমিধান দিয়া যাওক। তেওঁ কলে যে, সেইদৰেও ঠিক নহব, কাৰণ, তেনেহলে লোকেল গৱৰ্ণ মেন্টক অমান্য কৰা হব। এইদৰে তেওঁ টেঙৰালি কৰা যেন ভাবি, মই আগৰভাৱেই লিখিত টেলিগ্ৰামটো দিবলৈ ওলালো; এনেতে ডেকাবৰুৱাদেৱে গিৰি কৰে উঠি ক'লে, “দিয়ক তেন্তে, মোৰ হাততে দিয়ক, মই বহালৈ যাওঁতে বাটতে টেলিগ্ৰাফ অফিচত সোমাই দি যাওঁগৈ, ৰছিদখন আবেলিকৈ দি মহি।” এইবুলি, মোৰ হাতৰপৰা টকাটোৰে সৈতে লিখি লোৱা টেলিগ্ৰামখন ঠাপমাৰি লৈ বৰুৱা বোপাদেৱ বেগাবেগিকৈ ওলাই গুচি গ'ল। পিছে, আবেলি তেওঁ নহা দেখি, ফুৰিবলৈ যোব। লাচতে মই তেওঁৰ বহা পালোগৈ। গৈ শুনিলো, বোলে দুপৰ ভাটা দিওঁতেই তেওঁ মফচললৈ ওলাই গ'ল; চাৰি পাঁচদিনমানৰ মূৰতহে উলটি আহিব। মই মনৰ উগুল-থুগুল ভাৱত মনে মনে গুচি আহিলো। তাৰ পাছত দুদিনমানৰ পাছৰপৰা গুণগ্ৰাহী বন্ধুবৰ্গৰপৰা সন্তোষ জ্ঞাপক (congratulatory) টেলিগ্ৰাম আৰু চিঠি-পত্ৰাদি আহিবলৈ ধৰিলে; তাৰ ভিতৰত Mr. (পাছত Sir William) Reid, Mr. Botham, Mr. Majid, Rai Bahadur Handique, Rai Bahadur Ghanasyam Barua -9769 সিবিলাকৰ টেলিগ্ৰামত ‘Rai Saheb’ খিতাপ “First Instalment” মাথোন বুলি মোক প্ৰবোধ দিছিল। মোৰ কিন্তু একোতে ভাল নালাগিল; মই সেই খিতাপ প্ৰত্যাহাৰ কৰি অসম গৱৰ্ণমেণ্টলৈ দিয়া মোৰ টেলিগ্ৰামকে সাব্যস্ত কৰি, কালৈকো উত্তৰ নিদিয়াকৈ কেদিনমান গুণি ভাবি নিটাল মাৰি আছোঁ, এনেতে মফচলৰপৰা ঘূৰি অহাৰ পাছত এদিন আবেলি সেই ৰঙিয়াল ডেকাবৰুৱাদেৱে মোৰ ঘৰত মোক দেখা দি, মোৰ টকাটো ওলোটাই দি, হাঁহি মুখে এইবুলি কলেহি, “টেলিগ্ৰামটো দিবলৈ সত নগল, ক্ষমা কৰিব।” মই সেই বিষয়ে তেওঁক আৰু একো নকৈ মনে মনে থাকিলে, কিয়নো, সময়ৰ সেতত, মোৰ মনত পোন চাতেই উতলি অহা বিৰক্তি ভাব জমাৎ শাম কাটি আহিছিল, বিশেষকৈ মিঃ ৰী চীফ ছেক্ৰেটৰী চাহাবে তেওঁৰ পাছৰ চিঠিত “I hope better chance will come before long” বুলি লিখালৈ চাই। অনৰেী মেজিটেৰ বিষয়-বাব ইং ১৯১৪ চনতে মিঃ বীভ (পাছত Sir William Reid ) চীফ ছেটেৰী চাহাবে এনৰেৰী মেজিস্ট্ৰেটৰ বিষয়-বাব মোক বাচি চাইছিল। তেতিয়া মই কাউন্সিললৈ সঘনে