পৃষ্ঠা:Mor Sowarani.djvu/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুশ্চৰিংশ সৰ্গ . বায়চাহাৰ খিতাপ ইং ১৯১৬ চনৰ শেহছোৱাত, পোনপ্ৰথম অসম কাউন্সিলৰ কাৰ্যকালৰ সামৰণিত, আহোম প্ৰতিনিধিশ্বৰূপ, মোৰ “অনবোেল কাউন্সিল মেম্বৰ” বিষয় বাবৰ সময় অতীত হোৱাত, মোৰ শিৰোনামাৰপৰা “অনবোেল” খিতাপ খনিৰ ক্ষতি পুৰণৰ অৰ্থে, মোৰ শুভা- কাজী অনবোেল চীফ কমিশ্যনাৰ ছাৰ আৰ্চভেল আৰ্ল চাহাব বাহাদুৰে ভাৰত-গৱৰ্ণমেন্ট প্ৰদত্ত 'ৰায়চাহাব’ খিতাপেৰে মোক ভূষিত কৰি, চৰকাৰী ৰীতি বিধিমতে, ইং ১৯১৭ চনৰ প্ৰথমদিনা মোলৈ এটা বিজুলী বাতৰি দিয়ে। সেইদিনা পুৱা মই মোৰ বৰ্তমান থকাঘৰ তেজপুৰীয়া “পদ্মকুটীৰ সজোৱা ঠাইত কুলী, মিস্ত্ৰী, ঠিকাদাৰ আৰু ৰাজমিস্ত্ৰীৰ কাম-বনৰ দিহা দি আছিলোঁ। এনেতে, মোক দেখা দিবৰ উদ্দেশ্যে, তেজপুৰ প্ৰবাসী মোৰ পুৰণি বয়সীয়া বন্ধু শ্ৰদ্ধেয় ৰায়চাহাব দেৱেশ্বৰ শৰ্মা বৰুৱা আৰু মোৰ সমনীয়া ডেকা বন্ধু শ্ৰীযুত (পাছত ৰায়চাহাব) নাৰায়ণ শৰ্মা বৰুৱা হঠাতে মোৰ ওচৰত থিয় হ’লহি; সিবিলাকক বাট দেখুৱাওঁ হৈ সেই সময়ৰ তেজপুৰত স্কুল চাব-ইন্সপেক্টৰ, মোৰ অনুজপ্ৰতিম শ্ৰীমান যোগেশ্বৰ শৰ্মা বৰুৱাদেৱে লগতে আহিছিল। আমি অভ্যাগত বন্ধুত্বয়েৰে সৈতে কুশল মঙ্গলৰ বা-বাতৰি সোধাসুধিকৈ আছছাইক, ইতিক্ষণতে টেলিগ্ৰাফ অফিচৰ হৰকৰাই বিজুলী বাতৰিৰ লেফাফা এটা মোৰ হাতত দিলেহি। সেই লেফাফাৰ শিৰোনামাত ৰায়চাহাব’ খিতাপ দেখিয়েই মোৰ ধাৰণা হ'ল যে, সেইটো ৰায়চাহাব দেৱেশ্বৰ বৰুৱা ডাঙৰীয়াৰহে টেলিগ্ৰাম; সেই ধাৰণাতে, পুৰা শিৰো- নামালৈ মন নকৰাকৈয়ে লেফাফাটো তেখেতৰ হাতলৈ পাৰ কৰিলো। ৰায়চাহাব ভাঙৰীয়াই মেলি চাই, উলাহৰ আনন্দ ধ্বনি এটি উচ্চাৰি, ততালিকে টেলিগ্ৰামটো মোৰ হাতলৈ ঘূৰাই দি এইবুলি সন্তোষ প্ৰকাশ কৰিলে, “নহয়, এইটো টেলিগ্ৰাম মোৰ নহয়, আপোনাৰহে; আপোক গৱৰ্ণমেন্টে ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত কৰিছে, বৰ আনন্দৰ বিষয়!” তেখেতৰ লগৰীয়া ই দুজনেও সেইদৰেই আনন্দ প্ৰকাশ কৰিলে। মই কিন্তু অত্যন্ত বিমৰ্ষ হলো। টেলি- গ্ৰামটো হাতত লৈ পঢ়ি চাই ৰোষ চম্ভালিব নোৱাৰি মই বৰ বিৰক্তিভাৱে এই বুলি কৈ উঠিলো, “অচিতে মোক এইদৰে লাঞ্ছিত কৰা হল কিয়? মইতো খিতাপপ্ৰাৰ্থী নাছিলো; এই থিতাপ মোৰ মূৰত খাপ নাখায়! মোৰ আৰ্জিত সাহিত্যিক সম্পদলৈ চাই দিয়া হৈছে যদি, মই কওঁ, ই চতুষ্কোণীয়া বিন্ধাত ঘূৰণীয়া শলাৰ (round thing in square hole) নিচিনা হৈছে; নাইবা, শাসন সংক্ৰান্ত ৰাজকীয় কৰ্মক্ষেত্ৰত মোৰ যৎকিঞ্চিৎ কৃতকাৰ্যতালৈ লক্ষ্য কৰি এই খিতাপ দিয়া হৈছে যদি, তাৰ দ্বাৰাই মোক শলাগৰ অপাত্ৰ বুজোৱা হৈছে। মই অনতি- পলমে ঘূৰি টেলিগ্ৰাফত এই অযথা দান প্ৰত্যাহাৰ কৰেগৈ।” এই বুলি আলহী বন্ধুদ্বয়ৰ ওচৰত বিনীতভাৱে বিদায় লৈ, উচাৰি বেগাবেগিকৈ পুৰণি বহালৈ খোজ ধৰিলে। প্ৰবাসী বন্ধু দুগৰাকীয়ে কিবা বুনি বাণী অনাবলৈ প্ৰয়াস পাইছিল, কিন্তু ছেগ নাপালে। . ..