পৃষ্ঠা:Mor Sowarani.djvu/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একচৰিংশ সৰ্গ সহকাৰে এই মত প্ৰকাশ কৰিলে যে লিখিত নহলে অগত্যা মৌখিকেই হব লাগিব, নহলে উপায় নাই। তাৰ পিচত আৰু ভালেখিনি ৰাতিলৈকে আটাইটিয়ে চিন্তা-আলোচনা কৰি উঠি, সেই মৰ্মেই পিচদিনা মিঃ ফুকনৰ টেলিগ্ৰাফিক অনুৰোধ সমিধান টেলিগ্ৰাফেৰে জনাবলৈ স্থিৰ কৰা হ'ল। অসম ছাত্ৰ সম্মিলনীৰ ডিব্ৰুগড় বৈঠকত সভাপতি বাব লোৱাটোৱেই স্থিৰ হ'ল। গতিকে, তাৰ দায়িত্বই মোৰ চিন্তালোচনাৰ ঘাই ঠাই অধিকাৰ কৰিলে। নৰিয়াৰ জিৰণি পাটিত পৰি পৰি সংকল্পিত মৌখিক অভিভাষণৰ বিষয়ে ভাবিবলৈ ধৰিলো। বেজ-জ্ঞানীয়ে মোক জিৰণি লবলৈ টানি ডাঠি আদেশ-উপদেশ দিছিল। সেই অৰ্থে মই নিৰলে, নিৰৱে অকলশৰীয়াকৈ থাকিবলগীয়া হৈছিল। কিন্তু নুবুজিলো, এতিয়াও বুজা নাই, হাতে কামে নলগাকৈ কথা-বতৰা নপতাকৈ নিজানত অকলশৰীয়া হৈ থাকিলেই জিৰণি লোৱা হয় নেকি। সেই অৱস্থাৰ ছেগ ধৰি চিন্তালোচনাই হেচিহে ধৰেহিচোন, জিৰাবলৈ অকণ আহৰি নাপাওঁ। যি হওক, সেই সময়ত সেই অৱস্থাই মোক জিৰণিৰ সঙ্গ নিদি মোৰ জিৰণি ভঙ্গ কৰাত আনপক্ষে মোক এফেৰি উপকাৰ কৰাহে হৈছিল; সেই আলমতে মই মোৰ সেই কল্পিত মৌখিক অভিভাষণ গোটেইটোৰ আঁচনি এখন মনতে আঁচিললো। তাৰ পিছত তাক মনতে জুকি- য়াই লৈ তাৰ অগা-পিছা ছেদবোৰ শৃঙ্খলাকৈ গাঁথি থলো। ছাত্ৰ সন্মিলনীৰ আগন্তুক বৈঠকলৈ আৰু পাঁচদিনমান মাথোন আছে, এনেতে মোৰ মনে পতা অভিভাষণটো এবাৰ মনতে গাই চালো। দেখিলোঁ, মই মনতে আঁচি লোৱা অভিভাষণৰ কথাবোৰ মাজে মাজে ওলট পালট আৰু ঠায়ে ঠায়ে আঁচনিৰ আঁটছিগি পাহৰণিৰ আঁৰত লুকুৱা যেন পাওঁ। সেই কাৰণে, মনতে আঁকা আঁচনিখন লিপিবদ্ধ কৰি লোৱাটো বাঞ্ছনীয় বোধ কৰিলে। পিছে, আঁচনিৰ ছেদবোৰ সাঙ্কেতিকভাৱে দুই-চাৰি আষাৰ কথাৰে বান্ধিবলৈ চাওঁতে সি শেহান্তত এটা সংক্ষিপ্ত বক্তৃতাৰ টোকা হৈ উঠিল। তাৰ পিচত, তাকে বহলাই লিখি আওৰাবলৈ চাওঁতে সি এটা সৰু-সুৰা অভিভাষণ আকাৰত পৰিণত হ'ল। তাৰ পিচত তাক সেইভাগেই সন্মিলনী সম্পৰ্কীয় কাকত- পত্ৰৰ টোপোলাত ভৰাই থোৱা হ’ল, নকল কৰিবলৈ সময় নহ'ল। ডিব্ৰু যাত্ৰালৈ আৰু তিনিদিনমান আছে; ভাবিলো, গাৰ দুৰ্বল অৱস্থাত ৰেলগাড়ীৰ থেকেছনি সহিবলৈ টান হব কাৰণে, তেজপুৰ ঘাটৰপৰা একেবাৰেই জাহাজেৰেই গৈ ডি ঘাটত নামিম। এনেতে, মোৰ প্ৰিয়ছাত্ৰ ক্ৰমান (এতিয়া স্বৰ্গীয়) চন্দ্ৰনাথ শৰ্মাদেৱৰপৰা পত্ৰ পালো, বোলে মোক লগতে লৈ যাবলৈ বুলি তেওঁ আৰু মোৰ অন্যতম ছাত্ৰ প্ৰতিম মৰমৰ বান্ধৱ শ্ৰীমান সূৰ্যকুমাৰ ভূঞাদেৱ (এতিয়া ৰায়বাহাদুৰ ডক্টৰ পি. এইচ. ডি) ছাত্ৰ সম্মিলনীৰ সম্পাদক আৰু অপৰাপৰ ডেলিগেট ছাত্ৰবৰ্গ সমম্বিতে গুৱাহাটীতে মোলৈ অপেক্ষা কৰি থাকিব; মই মাথোন সন্মিলনী বৈঠকৰ দুদিনমানৰ আগতে গুৱাহাটী পাবগৈ লাগে। সেই অনুসাৰেই প্ৰস্তাৱ কাৰ্যত পৰিণত হ'ল। গুৱাহাটা পাই ৰাতিটো ৰাজবাৰীতে জিৰণি ললো। পিচদিনা পুৱা শ্ৰমান শৰ্মাদেৱ আৰু মান ভূঞদেৱ প্ৰমুখ্যে ডেলিগেট ছাত্ৰবৰ্গেৰে সৈতে মহানন্দে ৰেলগাড়ীত উঠিলো-