পৃষ্ঠা:Mor Sowarani.djvu/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

? বিংশ মৰ্গ ২২৩ নাপালে। সেই আবেলিৰপৰা অকলশৰে আহি ৰাতি গোলোগজ ষ্টেচনত ননমালৈকে কোনো চিনাকী বন্ধুৰ মুখ দেখা পোৱা নাছিলো। গোলোকগঞ্জত শেহৰাতি মোক চাৰুৰটোৰে সৈতে নমাই থৈ ৰেল ছায়া কাটি আঁতৰি গলগৈ। মই ধীৰে-শাতে গৈ ষ্টেচনৰ জিৰণিঘৰত সোমাই দেখোগৈ যে তাত জিৰণীয়া আলহীৰ নিমিত্তে কোঠা একেটা মাথোন। মাজতে এখন মেজ, তাৰ এপাশে এখন “আৰাম চেয়াৰ” আৰু আন তিনি পাশে তিনিখন মাচিয়া পৰা আছে। তাৰপৰা কেইহাতমান আঁতৰৰ বাৰৰ কাষত এখন লোৰ পালং; তাতে বিছনা পাৰি মূৰে-গাই নিহালী লৈ কোনোবা জিৰণি ভদ্ৰলোক এজন শুই আছে। ঘঁট- ঘটকৈ নাক বাজনিলৈ কাণ পাতি গুনি জানিলো, তেওঁৰ ঘোৰ টোপনি। তেওঁৰ তেনেকুৱা সুখৰ জিৰণি ভঙ্গাৰ আশঙ্কাত মই সৰহণৰ খচখচ নকৰাকৈ নীৰলে সেই আৰাম চেয়াৰখনত চিট হৈ পৰিলো , কাষতে চাকৰটোৱেও আঁঠুত মূৰ গুজি কলমতীয়াবলৈ ধৰিলে। এনেতে, হঠাৎ আৰু এজন ভদ্ৰলোক আহি সোমাই পোনচাতেই “বেচতে নাক ফোপোলা বাছাই আগধৰি আহি ঘঁট-ঘঁটকৈ মোক আহ্বান কৰিব লাগিছে,” এইবুলি লাফ মাৰি তেওঁ শুই থকা জনৰ ওপৰত ঘোঁৰা-উঠা দি বহিল। শুই থকা জনে উচাপ খাই উঠি “ও মা, খেল-গো” বুলি চেৱাৰীয়ে সৈতে মাটিলৈ বাগৰি পৰিল। তাৰপাচত দুয়োৰৰ মাজত ভব- ডবৰিকৈ কোঢ়াল লাগি উঠিল। আমিও বিচুতি খাই কাষলৈ গৈ মিট মিটকৈ জলি থকা চাকিৰ পোহৰত দেখো যে, দুয়ো যুদ্ধৰ আবেশে দুইকো আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। পিচে, মোৰ আদেশ মতে মোৰ চাকৰটোৱে চাকিৰ শলিতা (অৰ্থাৎ লাণ্টাৰ্ণৰ ফিটা) বঢ়াই দিয়াত ফটফটীয়। পোহৰত দেখে। যে দুয়োজন মোৰ পুৰণি চিনাকী মৰমৰ বন্ধু,-এই- থকা জন তাহানি শিলং ডিস্পেনচৰীৰ চাৰ্জত থকা মোৰ বন্ধু—এচিষ্টেট চাৰ্জন, ঘোঁৰা উঠোতাজন মোৰ ছাত্ৰপ্ৰতিম মৰমৰ বন্ধু ধুবুৰী চাকোলৰ একটাইজ ইন্সপেক্টৰ; এজন বঙালী, আনজন অসমীয়া। দুয়ো মোৰ মুখলৈ চাই আনৰ ভৰা কিৰিলি মাৰি উঠি, ‘ই, কি! আপুনি! কৰপৰা? কলৈ?” এই বুলি মোক গবা মাৰি ধৰিলে। মই নমতা নোবোলাকৈ থৰ লাগি ৰলো। সিবিলাক দুজনেও চোৱা-চুইকৈ বিস্ময় মানি জঠৰ হল! মোৰ চাকৰটোৱেও সেই আচৰিত ধৰণৰ সন্মিলন সপোন নে দিঠকৰ দৃশ্য ঠাৱৰাব নোৱাৰা হৈ ডেবা লাগি চাই বল। ক্ষন্তেক মানৰ পাচত মই সেই সমস্যা ভঞ্জন কৰাৰ অৰ্থে দুইকো দুপাশে লৈ মেজৰ কাষলৈ আহি তিনিও তিনিখন মাচিয়াত মুখামুখিকৈ বহি ভ্ৰমণ বিবৃতি কোৱাকুই কৰিবলৈ ধৰিলে। তাৰ ভিতৰত ঘেৰা উঠোনৰ বিবৃতিত এফেৰি ৰহস্য আছে, সেয়ে সেই ঘটনাৰ মূল। সেই ৰাতিয়েই হেনো তেওঁৰ লগৰীয়া বন্ধু এজন তাৰ পাচত আহি তাতে তেওঁক লগ ধৰিবৰ কথা আছিল; পিচে তেওঁ পিচ নপৰি আগ ধৰি আহি এই আছিল বুলি আনন্দৰ বেগত লাফ মাৰি শুই থকা জনৰ ওপৰত ঘোঁৰা উঠি ‘ভমস্যা কৰিবলৈ ধৰিছিল। তেওঁৰ বহুল বিবৃতি শুনি আমি আটাইটিৰে হাঁহিত পেটু-নাড়ী ছিগা যেন হল। চাকৰ-চাপৰাটীতেও কাপোৰেৰে মুখ ঢাকি খল-খবলৈ ধৰিলে। তাৰ পাচত তিনিও নতি সালাপ কৰি থাকোতেই ৰাতি পুৱাল।