পৃষ্ঠা:Mor Sowarani.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সোঁৱৰণী সদৌ তেজপুৰবাসীয়ে আনন্দ উপভোগ কৰিছিল। বন্ধুজনৰ অনুৰোধত বিয়া সাদিনীয়াকৈ পতা হৈছিল। অসমীয়া জাতীয় ঢাল-খোল, গায়ন-বায়ন, কালি, মৃদঙ্গ আদিৰ উপৰি, সাতদিন কলিকতাৰ চেনাই’ নামে জুৰীয়া বাদনে টাউনখন পুলকিতকৈ ৰাখিছিল। ইয়াৰ যশাভাগ ঘাইকৈ মোৰ সেই কালৰ অসমীয়া, বালী, মাৰোৱাৰী, দেচোৱালী বন্ধু-বান্ধৱ- সকলহে আৰু তাৰ আটাইতকৈ আগৰ ভাগৰ গৰাকী মোৰ প্ৰিয়তম ছাত্ৰ কৰ্মবীৰ অগীয় মান চন্দ্ৰনাথ শৰ্মা। পোৰথম অসম সাহিত্যিক মিলণী সিফালে কলিকতাত মই মন্টেগু চেমফোৰ্ড ডেপুটেচনৰ কাৰ্যত লাগি থাকোতেই ইফালে শিৱসাগৰত এটি সাহিত্যিক উদ্যোক্তা দলৰ উদ্যোগত সদৌ অসম সাহিত্যিক সন্মিলনী’ এখন প্ৰতিষ্ঠা কৰাৰ যো-জা চলে। সেই দলটিৰ ঘাই নেতা মই জনাত এইকেইজন-১) যুত শৰৎচন্দ্ৰ গোস্বামী, (২) শ্ৰীযুত কুলধৰ চলিহা, (৩) শ্ৰীযুত সিদ্ধেশ্বৰ গোহই, (৪) ডঃ হৰেকৃষ্ণ দাস, ৫) শ্ৰীযুত ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, (৬) শ্ৰীযুত ৰাধিকানাথ শৰ্মা। সেই বাৰৰ ‘অসম এচোচিয়েচন’ৰ বছৰেকীয়া অধিবেশন সেই বছৰেকীয়া বৰদিনৰ বন্ধত শিৱসাগৰত বহাটো স্থিৰ হৈ আছিল। সেই ছেগতে সঙ্কল্পিত সাহিত্যিক সন্মিলনী’খনো তাৰ লগতে পাতিবলৈ স্থিৰ কৰি সেই পোনপ্ৰথম অসম সাহিত্যিক সম্মিলনীৰ সভাপতি মোকে পাতিবলৈ অপ্ৰতিদ্বন্দ্বীয়াকৈ স্থিৰ কৰা হয়। মন্টেগু ডেপুটেচন লোৱাৰ নিৰ্ধাৰিত দিনা পুৱা কলিকতাত আলহী বহাত আমি উখল-মাখলকৈ ওলাইছো, এনেতে ইফালৰপৰা বিজুলী বাতৰি পালেগৈ বোলে আগন্তুক সদৌ অসম সাহিত্যিক সন্মিলনী’ত সভাপতি বাৰ লবলৈ মই সষ্টম হব লাগে। অসময়ত ভমককৰে সেই বাতৰিৰ বিজুলীয় নিয়ে মোক চমক খুৱাই তুলিলে। সেইদিনা গৱৰ্ণৰ জেনেৰেলৰ ৰাজভৱনৰপৰা উলটি আহি আলহী বহ সোমোৱাৰ লগে লগেই সন্ধিয়া লাগিল, কিয়নো তাৰপৰা বাজে বাজে নবীন বৰদলৈ দেৱৰে সৈতে মই নিউ মাৰ্কেটৰ ফালে পাক এটা মাৰি আহিবলগীয়া হৈছিল। যিহওক, ৰাতি দহমান বজাত আমি পুৱা এৰি যোৱা কথাৰ আলোচনাত বহিলোক। কিন্তু বহা যি বহাহে; বায়বাহাদুৰ ঘনশ্যাম বৰুৱাই আগধৰি তাৰ মোখনি মাৰি বহি আছিল। অৰ্থাৎ মই আহি নৌ পাওঁতেই তেখেতে মোৰ নামে সেই সভাপতি যাচনিৰ সমিধানত “Presidentship accepted” বুলি যথাঠাইলৈ বিজুলী বাতৰি দি খতম কৰি থৈছিল। মই ভিতৰি অলপ অপ্ৰস্তুত হলো যদিও বাহিৰে ফুটাই একো মাতিব নোৱাৰিলো, যেহেতু অনুজ যেন মই সততে ঘনশ্যাম বৰুৱা ৰায়বাহাদুৰৰ সদিচ্ছাধীন আছিলো। মোক চিন্তাযুত দেখি তেখেতে এইবুলি দুআষাৰমান কথাৰে সামৰণি মাৰি বিচনাত পৰিলগৈ, “চিন্তাৰ কাৰণ নাই, আমি আটাইটি ওলাইছে, বলাইক, একেটা মওপতে দুজন সাহিত্যিক সাহিত্যিক আৰু ৰাজনীতিক সভাপতি বহুৱাই মাতৃভূমিৰ উন্নতিকল্পে আলোচনা কৰিকৃতাৰ্থ হওঁগৈ। বৰদিনৰ বালৈ সময় বেছি নাই। মই জেনেৰেল চেক্ৰেটৰী হিচাপে কাকত