পৃষ্ঠা:Mor Sowarani.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সেৱৰণী 1 খোজা। তদুত্তৰত মই এই কেইখন অফিচ আৰু বিভাগৰ নাম ললো-১) নতুনকৈ সৃষ্টি কৰা চুপাৰিটেনডিং ইং অফিচ, (২) নতুনকৈ পতা স্কুল ইনস্পেক্টৰ অফিচ, (৩) দুই উপত্যকাৰ ডিভিনেল কমিচনাৰৰ অফিচ দুখন, (৪) ফৰে কাৰভেটৰৰ দুৱলীয়া অফিচবোৰ, (৫) এচিচটেন্ট চুপাৰিটেনডেন্ট পুলিচ বিষয়াবিলাক। আনবিলাক অফিচ আৰু বিষয়াৰ বিষয়ে যি কি নহওক, ভিভিনেল কমিচনাৰৰ অফিচৰ ওপৰত সঙ্কোচনী মন্তব্যৰ কুঠাৰ পৰাত কৰ্ণেল গৰ্ভনৰ ৰাজহংস গ্ৰীবা ঘোৰ খাই উঠিল, তেওঁৰ পোন্দোৱা চকু মোৰ ফালে পোন হৈ পৰিল, মই তেখেতৰ আপোনভাবমূলক সেই কষ্টচিতীয়া ক্ৰোধদৃষ্টিলৈ আওকাণ কৰি, ওপৰত নাম লোৱা প্ৰত্যেক অফিচ আৰ বিষয়াৰ অনাৱশ্যকতা যুক্তিৰে সৈতে ব্যাখ্যা কৰিবলৈ ধৰিলে। বিশেষকৈ স্কুল ইনস্পেক্টৰ, চুপাৰিটেনডিং ইঞ্জিনীয়াৰ আৰু ভিভিনেল কমিচনাৰ এই এজেন্সি অফিচ কেখনৰপৰা উপকাৰতকৈ কিমান অপকাৰ হৈছে তাৰ বহুল ব্যাখ্যা দিলো। দৰাচলতে এই কেইখন যে পলমকাৰী (delaying) অফিচ সেই বিষয়ে উপস্থিত সমজুৱাসকলৰ মনত লাগি যোৱাকৈ কোৱা হল; যিহেতু ডেপুটা ইনস্পেক্টৰ, একজিকিউটিভ ইঞ্জিনীয়াৰ, ডেপুটী কমিচনাৰ এইবিলাক দুৱলীয়া অফিচাৰ পোন- পটীয়াকৈ খিলং হেডঅফিচবিলাকেৰে সৈতে সম্বন্ধীয়া কৰিলে চকাৰৰ খৰচ ভালেমান কুমি, অথচ কাম সোনকাল হব। সন্তোষৰ বিষয়, মোৰ যুক্তিত দুয়ো উপত্যকাৰ স্বাধীনচিতীয়া প্ৰতিনিধি সমজুৱাসকলে ডাঠি ভিৰ দি উঠিলে। গতিকে মোৰ প্ৰস্তাৱ বিবেচনাধীনকৈ গৃহীত হল। লগে লগে অফিচিয়েল মণ্ডলীৰ গৰ্গৰণি উঠিল, বিশেষকৈ কৰ্ণেল গৰ্ডনৰ। তাৰ সমিধানত চাৰ আচঁডেল আল বাহাদুৰে হাঁহি হাঁহি ৰহইচ লগাই কোৱা শুনিলো, “Yes we find him a culprit because he had the courage of his conviction!" uta পাচত মোৰ সেই প্ৰস্তাৱ কাউন্সিলত দুবাৰৰ উঠিছিল, কিন্তু তাৰ গুণ নধৰিল, সি বিবেচনাধীন হৈয়ে ৰ'ল। ইহাতে কাৰ্যক্ষেত্ৰত কুঠাৰ থৈ কলম-কাৰী লোৱা হল, কাৰণ চাহ গছ যেন সৰু সৰু লিৰিকা, লেইকা কেৰাণী, মহৰি, পণ্ডিত, মাষ্টৰ, চাপৰাচী, চকীদাৰ আদি গছ-গছনিত সঙ্কোচনী কুঠাৰ (retrenchment axe) নহে। তদুপৰি আমি আঙ্গুলিয়াই দেখুৱা অফিচত আৰু গোটাদিয়ে অলাগতিয়াল অফিচাৰ বোগহে হল। যেনে—এচিষ্টেন্ট স্কুল ইনস্পেক্টৰ, এচিষ্টেন্ট পুলিচ চুপাৰিনটেনডেন্ট, অসম চেক্ৰেটৰীয়েটত এচিষ্টেন্ট চেক্ৰেটৰী ইত্যাদি। মঞ্চে ডেপুটে অসমৰ প্ৰথম কাউন্সিলৰ চাৰিবছৰ ছমহীয়া আয়ুস ইং ১৯১৭ চনৰ অন্তত অন্ত পৰাৰ লগে লগেই ভাৰতক নামনিমিতকৈ স্বায়ত্ত শাসনৰ অধিকাৰ দান কৰাৰ প্ৰস্তাৱনা লৈ বিলাতৰপৰা ভাৰত মন্ত্ৰী মহামান্য মিঃ মন্টেগু ভাৰতত উপস্থিত হলহি। প্ৰাদেশিক গৱৰ্ণমেন্টবিলাকৰ হৈ চৈ লাগি গল। প্ৰত্যেক প্ৰদেশৰ অগ্ৰগণ্য প্ৰতিনিধি দেশনেতাসকলৰ সাক্ষ্য গ্ৰহণ কৰাৰ বিৰাট আমোজন কৰা হল। সেই আলমতে অসমৰ দুমদা উপত্যকাৰ ১৪ জন বাহুবনীয় লোকেৰে গঠিত দুটা ডেপুটেচন কলিকতাত গৱৰ্ণৰ জেনেৰেলৰ ৰানত গৈ সাক্ষাৎ দিয়া