পৃষ্ঠা:Mor Sowarani.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সোঁৱৰণী দিলে। আহাজত উঠি তেজপুৰলৈ উলটি আহিলো। অহাৰ আগতে কৰ্ণেল গৰ্ডন কমিচনাৰৰ বলাত ভুমুকি এটা মাৰিছিলো কিন্তু তেখেতক লগ নাপালো। গুৱাহাটীৰপৰা উলটি আহি এসপ্তাহমানৰ ভিতৰতে আকৌ উলটি গুৱাহাটী পালোগৈ শিলং যাত্ৰী কাউন্সিল মেম্বৰসকলক বিশেষকৈ, মিঃ মাণিকচন্দ্ৰ বৰুৱা আৰু ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱাক লগ ধৰিবৰ কাৰণে। ১৯১২ চনৰ ৩১ ডিচেম্বৰৰ দিনা পুৱা ন বজাত গুৱাহাটী পাণবজাৰ মটৰ ষ্টেচনত গৈ দেখে যে বৰুৱায়, কৰ্ণেল গৰ্ডন, মিঃ তৰুণৰাম ফুকন, মৌলবী চৈয়দ মহম্মদ চাদুল, খানবাহাদুৰ আব্দুল মজিদ প্ৰভৃতি দুয়ো উপত্যকাৰ ইণ্ডিয়ান আৰু ইউৰোপীয়ান কাউন্সিল মেম্বৰসকলৰ ভালেমান সমবেত হৈ আছেগৈ, মইহে সবাতকৈ পিচ। মই গৈ পোৰ। মাত্ৰকে ৰায়বাহাদুৰ বৰুৱাই বেগাবেগিকৈ মোৰ টিকেটটো কিনাই দি মোক সিবিলাক দুই বৰুৱাৰ মাজতে মটৰ গাড়ীৰ প্ৰথমখন বেঞ্চতে বহিবলৈ ঠাই নিৰূপিত কৰি এনেতে গাড়ীত উঠাৰ আগতে কৰ্ণেল গৰ্ডনেৰে সৈতে মোৰ চকুৱে চকুৱে পৰিল। সেই দেখাদেখি হোৱা মাত্ৰে তেখেতে দুখোজ আগবাঢ়ি আহি মৰমেৰে সৈতে মোৰ হাত জোকাৰি এই বুলি সম্বোধন কৰিলে, “Good morning Padmanath, you have come to the post after all, I am so very pleased!" cea Ted Thanks Sis' বুলি তেখেতৰ মুখলৈ চাই আনন্দৰ হাঁহি এটি মাৰিলে॥ মোৰ সেই হাঁহিয়ে কিন্তু তেখেতক হঠাতে তো পেলালে। তাৰ কাৰণ দুয়ো মনতে বুজি মনে মনে থাকিলোহঁক। তাৰ পিচ মুহূৰ্ততে মটৰে উকি মৰাত লৰালৰিকৈ আটাইটিয়ে নিজ নিজ নিৰ্ধাৰিত ঠাইত বহি ললোহঁক। কো-ওঁ-উ শব্দৰে মটৰে ছুটি মেলিলে। তাহানিতে টজাত চৰি শ্বিলং যাত্ৰা কৰাৰপৰা আজিৰ মটৰত চৰা শিলং যাত্ৰাৰ উন্নতি দেখি মই মনে মনে উলাহিত হৈ মনতে ভাবি থলো, অন্যতম বাৰবছৰীয়া যুগ এটাত আৰু বা কি উন্নতি হবলৈ আছে! কিজানি আকাশী যাত্ৰা কৰিবলৈ পাওঁ। সেই সুচলতে শিক্ষা বজাই পাক ধৰি ধৰি পৰ্বতৰ গা কাষৰীয়া পকোৱাপকি পকীবাট বগাই উঠি মাজবাটৰ আজ্ঞা নংপুত নামি যুগুতকৈ থোৱা ‘খানা’ত বহিলোগৈহঁক। সেই ছেগতে অচিনাকী মেম্বৰসকলেৰেও চিনাচিনি হৈ তাতে আনন্দৰ এঘণ্টা উপভোগ কৰিলে। তাৰ পাচত শিলং পথৰ দুয়ো কাষৰ, বিশেষকৈ টপা পৰ্বত পোৱাৰপৰা ওপৰছোৱাৰ স্বাভাৱিক দৃশ্যৰ সৌন্দৰ্যত বিমোহিত হৈ গৈ গৈ এনে লাগিছিল, যেন সেই বাটছোৱাৰ অন্ত নপৰ। তাৰ পাচত সন্ধ্যা পৰত শ্বিলং পাই মোৰ বাল্যবন্ধু ৰাজকুমাৰ সিদ্ধেশ্বৰ গোহাঞিদেৱৰ ঘৰত আলহী সোমালোগৈ। মোৰ সোৱঁৰণীত ই এটা অপুৰ্ব আনন্দৰ দিন। পিচদিনা ১৯১৩ চনীয়া নতুন বছৰৰ প্ৰথম দিনটো জিৰাই লৈ তাৰ পিচদিনা ২ জানুৱাৰী তাৰিখে আগবেলা ১১ বজাত, পোনপ্ৰথম অসম কাউন্সিলৰ পোনপ্ৰথম বৈঠকত উপস্থিত হলোগৈহঁক। তেতিয়া চীফ কমিচনাৰেই কাউন্সিলৰ প্ৰেচিডেন্ট। পোনেই এজন এজনকৈ যথাবিধি সংকল্প লৰ্লোহঁক। নিৰ্ধাৰিত নিয়মে প্ৰেচিডেন্টে উদ্বোধনী বক্তৃতা দিয়াৰ পাচত ইণ্ডিয়া কাউন্সিললৈ আমাৰ কাউন্সিলৰপৰা এজন প্ৰতিনিধি সদস্য নিৰ্বাচন কৰি পঠিওৱাৰ বাৰ আহিল। তাৰ নিমিত্তে মিঃ মাণিক আৰু মিঃ ফাৰ্বচ দুজন প্ৰাৰ্থী ওলোৱাত দুটা দলৰ