পৃষ্ঠা:Mor Sowarani.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুস্ত্ৰিংশ সৰ্গ ৰাজনৈতিক ক্ষেত্ৰত প্ৰবেশ ৰাইজীয়া কামত এই ক্ষেত্ৰত মই আগৰেপৰা আছিলো। পিচে ৰজাঘৰীয়া শাসনকাৰ্যৰ পৰ্যালোচনাত মাথোন দেখাদেখিকৈ ভাগ লোৱা নাছিলো। ইমানলৈকে মই দেখাত সাহিত্য- ক্ষেত্ৰৰ সীমাৰ বাহিৰে আন কোনো ক্ষেত্ৰতে ভৰি দিয়া নাই। উষাৰ পঞ্চম ভাগৰ সামৰণি আধ্যা পেলাই উঠি তাৰ ঠাই কিতাপ পুথি প্ৰণয়নেৰে পুৰ্ণ কৰিব লগা হোৱাত সেই ছেগতে মোৰ কেইবাখনো নাটক পুথি প্ৰচাৰিত হয়। তাৰ ভিতৰত ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনী', ‘লাচিত বৰফুকন’, ‘টেটোন তামুলি এইকেইখন ঘাই। কিন্তু ইয়াৰ ভিতৰত প্ৰথম দুখনৰ কথা আগেয়ে কেতিয়াবাই আৰ নিচেই শেহৰখনৰ বিষয়ে অলপতে যোৱাবাৰত মাথোন সুমৰি অহা হৈছে; মাজৰ দুখনৰ কথাও আগেয়ে উনুকিয়াই অহা আছে যদিও তাৰ বহল বিবৃতি দিবলৈ এতিয়াও বাকী ৰৈছে। সি যি হওক, সাহিত্য ক্ষেত্ৰৰ এই কেউটা বন্ধন পানীতে পাখি মাৰি ঠোট জুবুৰিয়াই গা কোটালি উলাহত উলীকৃত হৈ আছে! এনেতে অযাচিতে ৰাজনৈতিক ক্ষেত্ৰৰ অভিমুখে মোৰ ওপৰত এটা সঙ্কেতৰ ডাক পৰিলহি। পুৰ্ববঙ্গৰ লগৰপৰা সাজোৰ ছিঙ্গি অসমক আকৌ সুকীয়াকৈ প্ৰাদেশিক শাসনৰ এক্তিয়াৰ দিয়াৰ লগতে সেই শাসনকাৰ্য পৰ্যালোচনাত সহায় কৰিবলৈ এটা নতুন পদ্ধতিৰ অৱতাৰণা কৰা হয়। অৰ্থাৎ বঙ্গৰ লগ এৰাৰ পাচত অসমে লেফটেনেন্ট গৱৰ্ণৰ বা দুৱলীয়া লাট চাহাবৰ ঠাইত আকৌ আগৰ চীফ কমিচনাৰ পালে, কিন্তু সেই আপাহতে অসমৰ এটি নতুন সম্ভাৰ লাভ হল এখন চীফ কমিচনাৰী কাউন্সিল বা ব্যৱস্থাপক সভা। সেইজন পোনপ্ৰথম চীফ কমিচনাৰ আছিল চাৰ আচঁডেল আল, যাৰ নাম “আৰ্ল ল কলেজে” আজিও জিলিকাই ৰাখিছে। তেওঁ ইংৰাজী ১৯১২ চনৰ ১২ এপ্ৰিল তাৰিখে অসমলৈ আহে। আহি খিলঙৰ গদীত বহিয়েই অসম উপত্যকাৰ জিলা কেৱনৰ গণ্যমান্য লোকসকলেৰে সৈতে চিনাকি হোৱাৰ অভিপ্ৰায়ে ভৈয়ামলৈ নামি গুৱাহাটীত কেদিনমানৰ কাৰণে থিত, লয়হি। তাতে সেই উদ্দেশ্যে অসম উপত্যকাৰপৰা মুখিয়াল আৰু অগ্ৰগণ্য লোকসকল সমবেত হলগৈ। সেই আলমতে ৰায়চাহাব ভবানীচৰণ ভট্টাচাৰ্য ডাঙ্গৰীয়া আৰু মই নিমন্ত্ৰিত হৈ দৰং তেজপুৰ, লক্ষীমপুৰৰ প্ৰতিনিধি হিচাপে গুৱাহাটীত আদৰণী সভাত যোগ দিলোগৈহঁক। প্ৰথমদিনা গুৱাহাটীত চাৰ্কিট হাউচতে নতুন চীফ কমিচনাৰ অনাবেল চাৰ আৰ্চভেল আৰ্ল চাহাব বাহাদুনে সমবেত প্ৰতিনিধিৰ প্ৰত্যেক সমষ্টিকে সুকীয়া সুকীয়াকৈ ভিতৰুৱা সাক্ষাৎ (private interview)দি, সিবিলাকৰে সৈতে প্ৰাদেশিক আৰু সাম্প্ৰদায়িক তত্ত্বগ্ৰাহী আলাপ আলোচনা কৰি চিনাকি হৈ লয়। সেই ছেগতে মই অসমৰ, বিশেষকৈ খাচ অসম উপত্যকাৰ সামাজিক, ৰাজনৈতিক আৰু আৰ্থিৰ অৱস্থা, অসমীয়া ভাষা আৰু সাহিত্যৰ আধুনিক আৰু পুৰণি কালৰ অৱস্থা, অসম বুৰঞ্জী বিষয়ক তথ্যানুসন্ধান, এইবোৰৰ বিষয়ে পাৰমানে চমুকৈ এটা বিবৃতি