পৃষ্ঠা:Mor Sowarani.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাত্ৰিংশ সৰ্গ 1 আগেয়ে সুমৰিবলগীয়া কথা এটা পাকনাগি অলপ পিচ পৰিল। তাহানিয়েই এদিন জগন্নাথ বৰুৱা বাহাদুৰে কথাপ্ৰসঙ্গত মন্তব্য প্ৰকাশ কৰা শুনিছিলো যে অসমীয়াত অসমৰ বুৰঞ্জী সম্পূৰ্ণকৈ ওলোৱা নাই যদিও জনদিয়ে লেখকৰ কাপে সেই অভাৱ ভালেখিনি পুৰ কৰিছে। সেইক্ষণত মোক চকুৰ আগতে পাই তেখেতে সন্তোষৰ মিচিকিয়নিৰে সৈতে মোৰ ফালে চাই মোকে। সেই জনদিয়েকৰ লেখত সঙ্কেতেৰে ধৰি ললে। তাৰ পাচত তেখেতে অন্তৰৰ আক্ষেপ প্ৰকাশি শ্ৰোতাকেইজনৰ প্ৰাণত লাগি যোৱাকৈ কবলৈ ধৰিলে যে, হিন্দু বুৰঞ্জী এখনহে কিন্তু তেতিয়ালৈকে কোনো অসমীয়া কাপে আঁচিবলৈকে ধৰা নাই। মন্তব্যটি মোৰ মনত লাগি ৰ'ল। কিন্তু তাৰ কোনো সমিচাৰ নিদি মনতে কিবা এটা সংকল্পৰ আঁচ মাৰি থৈ মনে মনে থাকিলো। গল কথা গুচিল। কিন্তু সেই সংকল্প আঁচটো মচা নগল, মুগুচিল। সি পুৰণি হোৱাৰ লগে লগে ক্ৰমাৎ ভাঠ হৈ আহিল; যথা সময়ত সি কাৰ্যত মলিয়াই উঠি ফলিয়াবলৈ ধৰিলে। চাই চিন্তি দেখিলো অসমীয়া ‘ভাৰত বুৰঞ্জী’ পঢ়াশলীয়া পুথিত হিন্দু ৰাজত্বৰ বিবৃতি যৎকিঞ্চিৎ আছে যদিও হিন্দুৰ আদ্যোপান্ত বুৰঞ্জীমূলক বিৱৰণ তাত ধাৰাবাহিককৈ সন্নিবিষ্ট হোৱা নাই। পঢ়াশলীয়া ছাত্ৰই তাৰপৰা ভাৰতবৰ্ষত হিন্দু ৰাজত্বৰ বিষয়ে অলপ আভাস পালেও, হিন্দুৰ আঁতি-গুৰি আৰু স্থিতি- বিস্তৃতিৰ সম্যক জ্ঞান উপলব্ধি কৰিব নোৱাৰে। গতিকে, অসমীয়া ভাষাত সেই অভাৱ নেদেখা কৰাৰ প্ৰেৰণা মোৰ মনত উজাৰ খাই উঠিল; তাৰ লগতে, সেই মোৰ মনত লাগি যোব। বি. এ. জগন্নাথৰ মন্তব্যটিয়ে লগ লাগি সেই প্ৰেৰণা প্ৰৱল কৰি তুলিলে। ফলত মাহচেৰেকৰ মূৰত মোৰ ‘হিন্দু বুৰঞ্জী’ পোহৰলৈ ওলাল। যাৰ মন্তব্যই মোৰ মনত এই বিষয়ক গুটি পচাইছিল, সেই ৰায় জগন্নাথ বৰুৱা বাহাদুৰৰ নামেই হিন্দু বুৰঞ্জী উছৰ্গা কৰা হল। এই পুথি নগাওঁ টেক্সটবুক কমিটীয়ে অসমীয়া পঢ়াশালিৰ পাঠ্যপুথিকৈ মঞ্জুৰ কৰিছিল কিন্তু শিক্ষা- বিভাগীয় কৰ্তৃপক্ষে সুকীয়াকৈ আৰু চলিত ভাৰত বুৰঞ্জীৰ ওপৰঞ্চিকৈ চলাবলৈ আওহেলা কৰাত ইয়াৰ আধাখিনি কাটত শলিয়াই সহায় কৰিলে। সিকিভাগ কাটনত সৰ্বসাধাৰণীয়া গ্ৰাহক পাঠকে হাত লগালে, অৱশিষ্ট সিকি অংশ মোৰ “লীলা এজেঞ্চি”ৰ আলমাৰীয়ে মৰমেৰে সামৰি থৈছে। যি হওক যাৰ যহত মোৰ এই শাক সেন্দুৰ' লাভ, তেওঁক তাৰে সৈতে তুই কৰিব পাৰিলে যে সেইবাবে আনে আওকাণ কৰিলেও মই আপোনাকে আপুনি ধন্য মানিছে। ‘টেটোন আলি কিছুমান দিনৰপৰা আমাৰ বাষ্টেজত’ ধেমেলীয়া নাটৰ অভাৱ অনুভৱ কৰি আহিছিলো। হাতত যিকেইখন সেইবিধৰ নাট আছিল, তাৰ ভাও দি দি আমাৰ ভাৱৰীয়াসকলৰ