পৃষ্ঠা:Mor Sowarani.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টবিংশ সৰ্গ ১৭৫ পাচত বৰুৱাদেৱৰ আদেশমতে লগুৱা পাচনি দুজনে নি মোক চকাৰী আলহী ঘৰত দিহা লগাই থৈ শুশ্ৰুষা কৰিবলৈ ধৰিলে। মোৰ লগত মগনীয়াৰ জোলোঙা ব্যাগটোত বাজে একো নাছিল, কিন্তু চৰ্কাৰীকৈ আটাইবিধৰ যোগান ধৰা হল; মোৰ একোৰে অভাৱ নাথাকিল। আবেলি বেলিকা আলহী ভোজন কৰি উঠি মই ইফাল সিফালকৈ খোজ চলাই বিষয়াসকলৰ থকা-মেলা আলেখলেখ চাবলৈ ধৰিলে। তাৰ পাচত ৰাণী নিবাসলৈ চকু পৰিল। দেখিলে তেজপুৰ বৰফাটেক সদৃশ এটা ওখ প্ৰকাণ্ড পকী গড়ৰ মাজত ৰাণীৰ বসতি। সেই গড়নগৰৰ ভিতৰত ক’ত কি আছে বাহিৰৰপৰা একো বুজা নাযায়। গড়ৰ ভিতৰ সোমাই ৰাণীক সাক্ষাৎ পাবলৈ মোৰ মনত কৌতূহল হ’ল। তাকে ভাবি গৈ গৈ আকৌ সেই বৰুৱা বিষয়াৰ ঘৰত সোমালোগৈ। তেখেতে আথেবেথে মোৰ শ্ৰষাৰ বিষয়ে সুধি মোৰ পৰিচয় আৰু উদ্দেশ্য সোধাৰ পাচত, মই ৰাণীৰ সাক্ষাৎ লবলৈ বাঞ্ছা কৰিলে। তেখেতে বা বুলি মোক লগত লৈ বাবু বৰদানাথ হালদাৰ দেৱান মহাশয়ৰ ঘৰলৈ গৈ তেওঁৰ অনুমতি প্ৰাৰ্থনা কৰিলেগৈ; দেৱান মহাশয়ে অনুমতি দিয়াৰ লগে লগে লগতে তেওঁৰৱ আহিল। আমি গৈ দুৱাৰমুখ পাওঁতেই বাটচ'ৰাত সন্ধিয়াৰ ডবা ঘণ্টা বাজি উঠিল, বাজে ভিতৰে অলপ উলাহ লগা যেন পালো। ভিতৰ সোমাই দেখিলো তেজপুৰ পগলাফাটেকৰ ভিতৰ ভাগৰ দৰে খনদিয়ে উদ্যানৰ মাজত ৰাণী শ্ৰীযুক্তা অভয়েশ্বৰী দেবীৰ বাসভৱন। দেৱান মহাশয় ভৱনৰ ভিতৰলৈ সোমাল, আমি বাহিৰ ঘৰ এটাতে বহুপৰ বহিলোঁ। তাৰ পাচত তেওঁ ওলাই আহি আমাক ভৱনৰ ভিতৰলৈ লৈ গলহি। মাৰলৰ নিচিনা দীঘলীয়া কোঠা এটাত এখন আঁৰকাপোৰৰ সিপাৰৰপৰা দুআষাৰ- মান মহিলা মাতে মোৰ পৰিচয় সুধিলে, ময়গা আঁৰকাপোৰখনলৈ চাই গোটাচেৰেক কথা সুধি কিবাকিবি উত্তৰ পালো। কিন্তু কাৰ মাত কেনেকৈ কম, মাথোন সুৰত অলপ বজলুৱা ঠাচৰ আভাস পালে। সি যি হওক, গড়ৰপৰা ওলাই আহি দেৱান মহাশয়ৰ পাট বলাত বহিলোগ। মোৰ উদ্দেশ্য ব্যাখ্যা শুনাৰ লগে লগে মোৰ সাহিত্যিক চৰ্চাৰ বিষয়ে তেওঁ বিশেষকৈ তত্ত্ব ললে। ইতিমধ্যত অন্যান্য বিষয়াবৰ্গও চাপিলগৈ, মজলিচত বঙ্গল কথা আখৈ ফুটিবলৈ ধৰিলে। সেই ছেগতে নগাঁৱৰ মজলিচলৈ মোৰ মনত পৰিল। চল চাই কঠীয়া পাৰিবৰ অভিপ্ৰায়ে মই বৰ স্বদেশী আন্দোলন বিষয়ক আলাপত ধৰিলো। সেই বিষয়ে মই চাই বুজি বক্তৃতাদিও যে দিওঁ তাৰ আভাস পাই পিচদিনা দুপৰত এখন সভা পাতি সিবিলাকে মোৰ বক্তৃতা এটাও শুনিলে। তাৰ পাচত দেৱান মহাশয়ো মোৰ প্ৰতি সদয় হোৱা যেন পালো। তাৰ চিনস্বৰূপ ৰাজভড়ালৰপৰা ১০০ টকাৰ বৰণি দক্ষিণাৰে সৈতে বিদায় দিয়াৰ হুকুম হল, কিন্তু বঙ্গৰ ফালৰ সাধাৰণ একোটায়ো অৱশ্যে ৫০০ টকাৰ কম নাপালেহেতেন। তাৰ কাৰণ হৈছে শ্ৰীযুত ভবানী বৰুৱাত বাজে বাকী আটাইবিলাক বিষয়া বঙ্গালী। কলিকতাত বাৰ বছৰৰ মুৰত অসমৰ ভিক্ষা বিজনীতে সাম্প্ৰতিকভাৱে শেষ কৰি কলিকতাৰ ফালে ভটীয়াই গলোগৈ। জাহাজত হঠাতে মোৰ পুৰণি বন্ধু খ্ৰীযুত গৌৰীদত্ত মিশ্ৰ পণ্ডিতদেৱক লগ পাই বৰ ভাল