পৃষ্ঠা:Mor Sowarani.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ মোৰ সেৱৰণ কমিচনাৰ মিঃ ফুলাৰ বাহাদুৰে নিশ্চয় মোক সাক্ষাৎ নিদিয়াকৈ নাথাকে। তেখেতে হাঁহি হাঁহি মোৰ কথা উৰাই দি কলে যে মোৰ প্ৰাইভেট পত্ৰহে নালাগে এলাপেচা চকাৰী কাৰত- পত্ৰও সেইকেদিনত চেক্ৰেটৰী চাহাবসকলৰ ওচৰকে চাপিব নোৱাৰে, চীফ কমিচনাৰৰ কাষ চপাটো যে নিলগৰ কথা। মই মনে মনে হতাশ হলো; কিন্তু বাহ্যিক দৃঢ়প্ৰতিজ্ঞ হৈ কলো যে তথাপি মোৰ চেষ্টাৰ ক্ৰটি নহব। দুপৰীয়া ভোজনৰ পাচত গোহাঞিদেৱৰ সৈতে মোৰ উদ্দেশ্যলৈ বাহিৰ হলো। কিন্তু বহু ঘূৰি ঘূৰিও কোনো প্ৰকাৰৰ ভাল উপায় কৰিব পৰা নহল। সদৌশেহত চাহাবসকলৰ ক্লাবৰ চেক্ৰেটৰীয়ে অলপ আশ্বাস দি কলে, যদি কোনো উপায়ে মই নিজে ফুলাৰ বাহাদুৰক এবাৰ গা দেখা দিব পাৰে তেন্তে কিজানি কিবা লাভ হবও পাৰে। চীফ চাহাব ক্লাব পায়হিহে লাগে। শুনিয়েই গোহাঞিদেৰ ছিটিকি আঁতৰি পৰিল। মই মৰসাহ দি এখুজি দুখুজিকৈ ক্লাব ঘৰৰ মাজৰ বাৰাণ্ডাত আগবাঢ়ি গৈ আছে, এনেতে ফুলাৰ চাহাব ভমক কৰে মোৰ আগতে ওলালহি। দেখাদেখিত দুয়ো চকথাই উঠিলো; কিন্তু ঠৰ লাগিবৰ সময় নাই, লৰালৰিকৈ দু-আষাৰমান কথা পাতি তেখেতে মোক পিচদিনা পুৱা দহবজাত দহমিনিট সাক্ষাৎ দিবলৈ মান্তি হৈ চাত কৰে ভিতৰ সোল, মধ্যে আনন্দত উলাহিত হৈ ওলাই আহিলো। পিচদিনা নিৰ্ধাৰিত সময়ত সাক্ষাৎ কৰি শুভ সমিধান পালো, মই তেজপুৰত পাঙ্গি যোৱা উদ্দেশ্য সিদ্ধি হোৱাৰ প্ৰতিশ্ৰুতি পোৱা হ'ল। তেজপুৰ হাইস্কুলত পুনৰপি পুজাৰ বন্ধুৰ পাচত স্কুল খোলাৰ লগে লগেই ডিৰেক্টৰৰ অফিচৰপৰা হুকুম আহি পৰিল মোক পুনৰপি তেজপুৰ হাইস্কুলত আগৰ পদতে দিয়া হৈছে বুলি। সেই হুকুম দেখি মোৰ বিপক্ষদল বিশেষকৈ হেডমাষ্টৰ বাবু জয় পৰিল। সিবিলাকৰ ভিতৰত আকৌ ফু-ফুফা-ফা চলিবলৈ ধৰিলে। মই তালৈ আওকাণ কৰি এইবাৰ গা-গহীনাই কৰ্তব্যত মনপাৰি ধৰিলো। সেইভাৱেই আৰু তিনিমাহমান তেজপুৰ হাইস্কুলত মাষ্টৰী পদত ৰাপ লগাই কাম কৰিলো। সেই সময়ৰ ভিতৰতে মই অসমীয়া আৰু বঙ্গালী ছাত্ৰবৰ্গৰ বৰ প্ৰিয়পাত্ৰ হৈ উঠিছিলো। আগৰ খেপত শ্ৰমান অন্নদাকুমাৰ পদ্মপতি, শ্ৰীমান বসন্তকুমাৰ বৰুৱা, শ্ৰীমান ভূমিধৰ শৰ্মা প্ৰমুখ্যে কেজনমান, আৰু দ্বিতীয় খেপত চন্দ্ৰনাথ শৰ্মা, ক্ৰমান দণ্ডিনাথ কলিতা, শ্ৰীমান বেণুধৰ দাস, শ্ৰীমান ফণীন্দ্ৰমোহন লাহিৰী প্ৰভৃতি জনচেৰেক প্ৰতিপন্ন ছাত্ৰক পঢ়াই সুখ পাইছিলো, আৰু সিবিলাকেও মোৰ সাহিত্য-জীৱনৰ আৰু বিবিধ দেশহিতকৰ কাৰ্যৰ চিনাকি লোৱাৰ চিনাকি পাই সন্তোষ পাইছিলো। সি যি হওক, সেই কালত মোৰ আপদ-সম্পদ গাড়ীৰ ঘিলা ঘূৰাদি তল-ওপৰ হৈ ঘূৰিছিল; তাৰ ফলস্বৰূপ মোৰ আকৌ জঞ্জাল বাঢ়িল, খিলঙৰপৰা বিশ্বস্ত বন্ধুজনে ভিতৰ বিশ্বাসত বাতৰি দিলে অলপদিনৰ ভিতৰতে মোক আকৌ আন ঠাইলৈ বদলি কৰা হব বুলি। গতিকে অন্য উপায় চিন্তিব লগা হল। আপদৰ বন্ধু হেমচন্দ্ৰ গোস্বামীদেৱৰ পৰামৰ্শ মতে এইবাৰ সেই চক্ৰান্তমূলক আগন্তুক বদলিৰ হুকুম অহাৰ আগেয়েই তিনিমাহৰ নৰিয়া বিদায় লৈ মুকলিমূৰীয়াকৈ সাম্প্ৰতিকভাৱে আঁতৰি থাকিলোঁ।