পৃষ্ঠা:Mor Sowarani.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. বড়বিংশ মৰ্গ বিশেষত্বৰ বাবে। নাগপুৰ নগৰৰপৰা দহ মাইলমান অন্তৰত প্ৰকৃতিৰ চাহ বাগিচা যেন সমান নিমজ গছনিৰ আগেৰে পাতি থোৱা সুপ্ৰশস্ত এখনি শীতল পাটী দেৱতাৰ জিৰণিৰ কাৰণে যেন প্ৰতিষ্ঠিত; তাৰ সমমাজত চকচকীয়া বগা শিলৰ তিনিটি প্ৰতিমূৰ্তি দূৰৈৰপৰা ৰিণিকি ৰিণিকি জিলিকি আছে; মোৰ প্ৰাণে উদ্বাউল দি তালৈ উৰি যাব খোজে। সেই- ভাৱেই গল এপষমান। তাৰ পাচত এদিন নৰ্মাল স্কুলৰ চুপাৰিনটেনডেন্ট জনৰ লগত আলাপ কৰোতে জানিব পাৰিলে সেয়ে পুৰাণ প্ৰসিদ্ধ পঞ্চবটী পুণ্যবন; তাতে শ্ৰীৰামচন্দ্ৰই সীতাদেৱী আৰু অনুজ লক্ষ্মণৰে সৈতে বনবাস খাটিছিল; সেই ৰিণিকি জিলিকি থকা প্ৰন্তৰ মূৰ্তি তিনিটি সীতা, ৰাম-লক্ষ্মণৰ প্ৰতিমূৰ্তি। পিচফালে যি এটা ফলমূলৰ দ’ম দেখা যায় সেইবোৰ তাহানি লক্ষ্মণে নাখাই থৈ যোৱা ফলাহাৰ। অৰ্থাৎ ফলাহাৰ ভোজনৰ সময়ত শ্ৰীৰামচন্দ্ৰই ভাগ বঁটাই লক্ষ্মণৰ ভাগ তেওঁৰ হাতত দিওঁতে ‘ধৰা বুলি কয়, ‘খোৱা বুলি নকয় কাৰণে লক্ষ্মণে সদায় তেওঁৰ ভাগৰ ফলাহাৰ হাতত লৈ পিচফালে থৈ গৈছিল হেনো। তাৰে নিদৰ্শন সেই দ’মটি। সেই ত্ৰিমূৰ্তি সমন্বিতে সেই নিমজ টিলাটিকে ‘ৰামটেক’ বদলে। যি পঞ্চবটী বনৰপৰা ৰাৱণে সীতাক হৰণ কৰিছিল, যি নাগপুৰৰ উত্তৰ প্ৰাষেদি লঙ্কালৈ যোৱা পৰ্বতীয়া পথত লগ পাই জটায়ুয়ে সীতাহৰণত প্ৰতিবন্ধকতা জন্মাইছিল সেই পুণ্যস্থান দৰ্শন কৰিবলৈ মোৰ ধাউতিয়ে মোক ভিতৰি উত্ৰাৱল কৰিবলৈ ধৰিলে। কিন্তু বৰ আক্ষেপ বিষয় নাগপুৰ বসতিৰ অন্তলৈকে বহুষত্ব কৰিও সেই প্ৰাণৰ বাসনা পুৰাবলৈ সুবিধা কৰি উঠিবগৈ পৰা নহল। পঞ্চবটী বন চীফ কমিচনাৰৰ টিলাৰপৰা চাই পঠিয়ালে তিনি-চাৰি মাইলৰ ভিতৰতে যেন লাগে, কিন্তু বাট ধৰি খোজ কাঢ়ি গলে সি ন-দহ মাইলতকৈও দূৰৈ। যাত্ৰীয়ে বলদী টাৰে সৈতে গৈ অন্ততঃ এৰাতি নখপিলে যাত্ৰাৰ সাৰ্থক কৰি আহিবগৈ নোৱাৰে। সেই অসুচলকে চেৰাব নোৱাৰা হেতুকেই, “দিনৰ পৰ্বত ৰাতিৰ জুই, তাক নেখেদি থাকিবা এই” বোলা যোজনালৈ ধিয়াই প্ৰাণৰ ধাউতি প্ৰাণতে মাৰ নিয়াই গুচি আহিবলগীয়া হল। নাগপুৰীয়া হাট নৰ্মাল স্কুলৰ বহল মুকলি চাপৰিটোৰ এভোখৰত এখন বৰ ডাঙ্গৰ হাট বহে। নানাফালৰ পৰা নাগপুৰীয়া নিজাপী প্ৰজাই বলদী টা, গৰুগাড়ী আৰু উটৰ পিঠিত বোজা দি বিবিধ বস্তু- বেহানি বেহাবলৈ আহে, এই হাট বেহোৱা লোকৰ পক্ষে সেই অঞ্চলৰ নিজাপী লোকৰ আৱ- ভাৱ, চলন-ফুণ, আচাৰ-ব্যৱহাৰ, আকৃতি-প্ৰকৃতি বিষয়ক চমু ধাৰণা মনত আঁকিবলৈ উজু হৈ পৰে; গতিকে হাট বহিলেই মই দিনটোৰ ভিতৰত একাধিকবাৰ হাটৰ ভিতৰত সোমাই বস্তুৰ দৰভাৱ সুধি ঘূৰি ফুৰেগৈ। কাপোৰ-কানি আৰু অন্যান্য সাধাৰণ বৰু-বেহানিৰ বেহাত বৰ বিশেষত্ব নেদেখিলেও মাছ আৰু ফলাহাৰ বেহাত বিশেষত্ব দেখা পাওঁ। সিমান ডাৰ মাগুৰ মাছ সিমান সস্তা বেচত ( খামোচা নোপোৱা মাগুৰ মাছ পইচাত ৩টাকৈ) ক'ত কেতিয়াও কিনিবলৈ পোৱা নাই। কাৰণ নাগপুৰৰ ফালে মানুহৰ মাহত ৰাপ নাই।