পৃষ্ঠা:Mor Sowarani.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ সেৱৰণী কৌতুহল ভাগি যোৱা হযত মন পুলকিত হৈ উঠিল। উলট চাওঁ যে এটা প্ৰকাণ্ড পৰ্বত এৰাই আহিলো মনত হল সেয়ে যিগিৰি নেকি? মোৰ সেয়ে প্ৰথম টানেল (tunnel) দেখা। পিচদিনা পুৱা গোদাবৰী নৈৰ পাৰত ৰেল অলপ পৰ ৰৈছিল, ৰওঁতেই মোৰ মনত এনে ধাউতি হৈছিল, যেন নামি গৈ সেই পুৰাণ প্ৰসিদ্ধ পৱিত্ৰ নৈৰ পানী এচলু মূৰত লৈ হৃদয় শীতল কৰে। পিচে তাৰ নিমিত্তে ৰেল জিৰণিৰ সময় নহলগৈ। তাৰ পাচত ৰেলত লৰি লৰি আবেলি পৰত নাগপুৰ ৰেল ষ্টেচন পালোগৈ। আমি ৰেলৰপৰা নামিবলৈ সষ্টম হৈছোঁ, এনেতে ডিৰেক্টৰ জেনেৰেল মিঃ মনৰে চাহাবৰ আদেশত আগবাঢ়ি যোবা চকাৰী চাপৰাচী দুটাই মোৰে সৈতে দুটা-চাইটা কথা পাতি আমাক চিনি লৈ আথে-বেথে নমাই আনি, সাজুকৈ থোৱা দুখন বলদী টা গাড়ীত তুলি মাল-বস্তুৰে সৈতে এটাই মোৰ শিক্ষাৰ্থী-শিক্ষকেজনক বাজে বাজে যথা ঠাইলৈ লৈ গল, ইটোৱে মোক ইখন গাড়ীৰে নি নৰ্মাল ফুলৰ চুপাৰিণটেনডেন্টৰ বঙ্গত উপস্থিত কৰালেগৈ। চুপাৰিণটেনডেন্ট এজন মহাৰা ভলোক। সেইসময়ত তেওঁ ঘৰৰপৰা ক্ষন্তেকমান আঁতৰ হৈছিল গতিকে তেখেতৰ সহধৰ্মিনীয়ে দুতলাৰপৰা নামি আহি মোক বৰ আদৰ-সাদৰকৈ তুলি নি মান সৎকাৰেৰে বহুৱাই লৈ চাহ-জলপানেৰে শুশ্ৰুষা কৰি থাকোতেই গৃহস্থ চুপাৰিণটেনডেন্টজন পালেহি। তেতিয়াও সেই পৰ্দানশিনী মুকলিমনা মুকলিমূৰীয়া সুশিক্ষিত মহাৰাজ মহিলা গৃহিণী গৰাকীয়ে ভালেমান পৰলৈ সুধালাপ কৰি মোক মোহিত কৰি আছিল। এই হেগতে নাগপুৰীয়া জলপানৰ সুৱদিৰকম একণ মোৰ সোঁৱৰণীত কালমাৰি লাগি ৰ'ল। দাক্ষিণাত্যৰ প্ৰায় সদৌ ঠাইতে ব্যবহৃত জলপানৰ চানেকিস্বৰূপ সেইদিনাৰ নাগপুৰীয়া নতুন মৰ জলপানটি পৰম তৃপ্তিৰে উপভোগ কৰিলোঁ; কিন্তু আৰ্যাবৰ্তীয়া জলপানৰ সোৱাদৰ কম তাত নাই। দাক্ষিণাত্যীয়া জলপানৰ সমলবোৰ কৰ্কৰীয়া, মৰ্মৰীয়া, জৰ্জৰীয়া, নীল, গোটা,-আৰ্যাবৰ্তীয়া জলপানৰ দৰে কৰ্কৰীয়া, লেৱা জুলীয়া নহয়— অসমীয়া আখৈ, কড়াই, তিলপিঠা, বৰপিঠা ইত্যাদিৰ লগত অলপ মিলে,-সন্দেশ, ৰসগোল্লা, পানতোৱা, লুচী, পুৰী তাৰ মাজত নাই। চাহ পিয়াৰ ৰীতি সেই অঞ্চলত নাই। তাৰ ঠাই মিঠা চৰবতে পুৰায়। ফলাহাৰৰ ভিতৰত কলমৌ আৰু মধুৰিয়াম প্ৰচুৰ। কিন্তু প্ৰথমছোৱা আলাপতে সেই সাদৰী গৃহিণী গৰাকীয়ে মোৰ চিনাকিৰ আভাস পাই থৈছিল মই অসমদেশৰ অসমীয়া মানুহ বুলি। অসম দেশ যে চাহৰ বাবেই প্ৰখ্যাত এই কথাও তেখেতৰ মুখেই ব্যক্ত হৈছিল। গতিকে চৰত গিলাচ আগবঢ়াই দিওঁতেই তেখেতে আপোনা-আপুনি অলপ পৰ গমি চাই মোৰ প্ৰতি হাঁহি হাঁহি এই বুলি সাদৰেৰে সুধিলে, “আপুনি চাহখোৱা দেশৰ মানুহ গতিকে চাহ এটুপিৰে এষা কৰিব পাৰিলেহে বেশি তৃপ্তি পাব বোধকৰোঁ?” মই সেই সাদৰী প্ৰশ্নৰ সাদৰী সমিধান দিবলৈ নৌ পাওঁতেই তেখেত গিৰিসাই উঠি ভিতৰলৈ সোমাই গ'ল; আৰু এখনমান তামোল খোৱা পৰৰ পাচত এখন চকচকীয়া পাগৰৰ থালৰ ওপৰত এটা আঁচী যেন ফটফটীয়া বগা কাচৰ বাটিৰে এটি তৈয়াৰী চাহপানী এখনি ৰূপৰ চামুচে সৈতে নিজহাতে আনি মোৰ আগত দাঙ্গি ধৰিলে; মই আখে-বেখে হাত পাতি লৈ ৰে সৈতে তেখেতৰ 1,