পৃষ্ঠা:Mor Sowarani.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫• মোৰ সোঁৱৰণী ছেগতে সিবিলাকে হয়তো মোৰ অনুপস্থিতিত মোক অভিযোগ জুটিত পেলাবলৈ ফাহ পভাত সুচল হোৱাটোও সেই হাঁহিৰ আন এটা কাৰণ। পিচে তাৰ কেদিনমানৰ পাচতে অসমৰ শিক্ষা বিভাগৰ ডিৰেক্টৰ মিঃ বুথ চাহাব আহি তেজপুৰত উপস্থিত। অন্ধ বিদ্যাৰ পাতনি আঁচনিত বিভোগ সেই অগাধ পণ্ডিত পুৰুষজনৰ দুনাই চিনাকি দিয়াৰ সকাম নাই। এওঁৰ মূৰটো বোলে চৰকাৰে দহহাজাৰ টকাত কিনি থৈছিল। কিন্তু পুৰুষজন ভোলানাথ। অলপ অকৰা চানেকীয়া বুলিলেও বঢ়াই কোৱা নহব বলা। তেওঁ যেতিয়াই যি বুলি যি বাট চকু মুদি ধৰাদি ধৰে তাৰপৰা তেওঁক আনটীয়া কৰাৰ সাধ্য নাই,আপদ-বিপদৰ খাল-নাদ থাকিলেও জঁপিয়াই-লফিয়াই তাক চেৰাই যোৱা তেওঁৰ দৰ। কোনোজনে কেনেবাকৈ নিজৰ ফলীয়াকৈ তেওঁক বাট লগাই দিব পাৰিলে যদি সেইজনে কম সাধিলে বুলি ধৰিব পাৰি। তেওঁৰ উদ্দেশ্য অনায়াসে সিদ্ধি হয়। এই ধৰণৰ মনমেজী শোক আছিল ভিক্টেৰ ডাক্তৰ বুথ চাহাব। দ্বিতীয়দিনা তেওঁ আহিল মোৰ ফুল (নৰ্মাল) চাবলৈ। লগতে পিচ লাগি ডেপুটী ইনস্পেক্টৰ হাৰান বাবুও আহিছিল। এবং ডাক্তৰ বুথ চাহাবে স্কুল সোমায়েই মোৰ কাষ চাপি গৈ আঁত হাতেৰে ভেজনি লৈ চাপৰি মোৰ সৈতে সমান চাপৰ হৈ লৈ জুই যেন চকুঘোৰ পৰিপুৰকৈ মেলি মোৰ মুখৰ ওচৰত মুখ দি হকি মাৰি সুধিলে, “who you?” ময়ো হুকিত হুহকি নপৰি আৰু Toron aperto forfatto che forcont, “I am Headmaster of your this school, sir.* মোৰ জবাবত তুষ্ট হোৱাৰ চিন দেখুৱাই ৰেখ এটিমান মিচিকিয়াই (ডাক্তৰ বুথৰ হহি দেখিবলৈ বিৰলৰৰ বিৰল) গিৰিপ কৰে পোন হৈ পোন চাটে গৈ মোৰ সোহাতে পাৰি থোকা চখিনত হষ কৰে বহি, এই বুলি পৰিদৰ্শন আৰম্ভ কৰিলে, “well, Head- master, what can I do for you?” চৰী যেনকৈ দুৱাৰদলি ৰখীয়া হৈ থিয় দি থকা ডেপুটা হাৰানচন্দ্ৰ দাসগুপ্ত বাবুৱে সেই ছেগতে চোচা মাৰি চাপি গৈ মেজৰ ওপৰত থকা স্কুলৰ ৰেজেক্টৰী বহীবোৰৰ মাজৰপৰা শিক্ষক হাজিৰা বহীখন চাহাবৰ আগত মেলি দি গুণ-গুণীয়াকৈ দু-আষাৰমান এইভাৱে কলে যে হেড মাষ্টৰে স্ব-ইচ্ছাৰে কেতিয়া আহে, কেতিয়া যায়, কেই ঘণ্টা পঢ়ায়, ইয়াৰপৰাই বুজা যাৰ। পৰিদৰ্শনত চাই যাওঁতেই সততে পোনেই আসেৱাতহে চকু পৰে। এদিন সোনকালে স্কুল ছুটী দিয়াৰ আসোঁৱাহ ধৰি ডিৰেক্টৰে মোক টান মুখীয়াকৈ সুধিলে, সেইদিনা কিয় সিমান সোনকালে স্কুল এৰি গৈছিলো মই। মই ততালিকে উত্তৰ দিলো, ভেপুটী কমিচনাৰে পতা দৰবাৰ মিটিং এখনত মই উপস্থিত হবগৈলগীয়া হৈছিল কাৰণে। টৌ যেন বৰমূৰা বুথ পৰি আঁকি গৰ্গৰাই উঠিল, “what business you had with Durbar! সেই দ্বিতীয় ছেগত আৰু এফেৰি উচৈ পাই corettet stace to getcu, "He himself holds his Durbars every day in this room, on this table.” এই বুলি মোৰ মোৰ ওপৰৰ মটিং কাগজ ঢাকনিচটা গালি চাৰলৈ তেওঁ সঙ্কেত দিলে। সেই অনুসৰি ভাৰু বুথে ঢাকনিখনত হাত দিছে, এনেতে উপায়ান্তৰ হৈ মধ্যে টান মূয়াকৈ এই বুলি মাতি উঠিলো, “I take strong exception