পৃষ্ঠা:Mor Sowarani.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একবিংশ সৰ্গ ১৩৯ হৃদয় পণ্ডিতদেৱৰ অসম সাহসিক কৈফিয়তৰ বাণেৰে সেই অভিযোেগ কাটি হিন্দি ওফৰাই পঠিওৱা গ'ল। তাৰ পাচত শত্ৰুপক্ষে সোপাকে বলে নোৱাৰি আপাকে নানা ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। তাৰে এটা উদাহৰণ চমুকৈ দিয়া যায়-তেজপুৰ ৰেভিনিউ অফিচৰ কেলেঙ্কাৰী নামে এখন চিঠি ‘বন্তিত প্ৰচাৰিত হয়। তাত সেই সময়ৰ বাণী চিৰস্তাদাৰজনৰ স্বাৰ্থপৰতা আৰু পক্ষপাতিতা আলিয়াই কিছুমান কেলেঙ্কাৰী আঁচি দেখুওৱা হৈছিল। সেইবাবে নতুন ডেপুটী কমিচনাৰ মিঃ কেমিয়ে চাহাবৰ হতুৱাই তেওঁৰ বলালৈ সম্পাদক পণ্ডিদেৱক মতাই নিয়াই ভয় প্ৰদৰ্শনেৰে সোধাইছিল, সেই পত্ৰলেখকজন কোন? কিন্তু নিৰ্ভীক-হৃদয় অসম সাহসী পণ্ডিত সম্পাদকে মোৰ গুপ্ত দিহামতে ডেপুটী কমিচনাৰৰ বহলালৈ গৈ তেওঁৰ আহ্বান পালন কৰিলে। পোনতে সম্পাদকদেৱক আথে-বেথে বহুৱাই লৈ ডেপুট কমিচনাৰে সদালাপত ধৰিলে, তাৰ পাচত আলাপৰ ছলত তেখেতৰপৰা পত্ৰলেখকৰ নাম উলিয়াবলৈ প্ৰয়াস পালে। কিন্তু চাহাবৰ উদ্দেশ্য সিদ্ধি নহল, সম্পাদকদেৱে নামৰ সলনি এই সমিধান দিলে যে ডেপুটী কমিচনাৰৰ নিচিনা এজন বিজ্ঞ শিক্ষিত লোকে বাতৰি কাকতৰ সংবাদ- দাতাৰ সন্ধান সেইভাৱে লোৱাটো নিতান্ত অবিধি হৈছিল। আৰু তেওঁৰ এনে অনুৰোধ ৰাখিবলৈ গলে সম্পাদকে ধৰ্মবিৰুদ্ধ কাৰ্য কৰা হব; এতেকে সেই বিষয় সিমানতে এৰি পৈলোৱাই ভাল। সেই কথাত চাহাব কষ্ট হৈ সম্পাদকৰ প্ৰতি কটুৱ। আচৰণলৈ উদ্যত হ'ল। সেই আচৰণত পণ্ডিতদেৱে বিৰক্তিত ৰা হৈ উঠি ডেপুটী কমিচনাৰক এই বুলি সমিধান দি গুচি আহিবলৈ উঠিলে, “চাহাব! আপুনি মোক মাতি আনি এইভাৱে অপমানিত কৰাটো অভদ্ৰাচৰণৰ উপৰি নীতিবিগৰ্হিত কাম হৈছে। এই কথা ততালিকে মোৰ কাকতত প্ৰকাশ কৰি লৈ পাচত যথাবিহিত কৰা যাব।" চাহাব তবধ। পক। পণ্ডিতৰ মূৰ্তি দেখি তেওঁৰ চুৰ্তি হেৰাল। শেহত মিঠা মুখেৰে বিস্তৰ অনুৰোধ কৰি পণ্ডিতদেৱক মান্তি কৰালে যে, ঘি হল হল, সেই বিষয়ে যেন কাকতত প্ৰচাৰিত নহয়। সদৌশেহত পণ্ডিত জয়দেৱ শৰ্মা সম্পাদকদেৱে এই বুলি সমিধান দি গুচি আহিল, “বাৰু মোৰ কাকতত এই কথা প্ৰকাশ কৰা নহব।” পিচে সেইদিনাই মই ইংৰাজীতে ‘টাইম অব অসম’ কাকতলৈ সেই বিষয়ক হুবহু বিবৰণ লিখি পঠিয়ালে। আৰু যথাসময়ত সি প্ৰচাৰিত হৈ গল। তাৰ ফলত, মি: কেমিয়েছে কিৰূপে গৱৰ্ণমেণ্টক কৈফিয়ৎ দিব লগা হৈছিল, সেই বিষয়ে কবলৈ গলে সি বহুত হয়। বাস্তৱতে সেই কালত ৰাইজীয়া মত বা public opinion গৱৰ্ণমেন্টে সমান কৰিছিল। যি হওক, এই ঘটনাই শত্ৰুৰ মুখত ছাই পেলাই ‘বন্তিক কিছুকাললৈ আকৌ নিজঞ্জলীয়াকৈ জলিবলৈ এটি বৰ ভাল ছেগ দিলে। .