পৃষ্ঠা:Mor Sowarani.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিংশ শৰ্গ দুৱাৰ মুখ পাওঁতে টং কৰে এক বাজিল। মই লৰালৰিকৈ আসন লৈ উমানে উমানে শিক্ষক কৰ্তব্যত ধৰিলে। সময় বৰ লেহেম, বাকী কেইঘণ্টা নাষায় দুপুৱায় যেন লাগিল। সি ষি হওক, আবেলি খৰ খোজেৰে উলটি আহি বহাৰ দুৱাৰ মুখ পাওঁতেই লগুৱা ল'ৰাটিয়ে আগবাঢ়ি আহি দু-আলীয়া কাকত অকণ মোৰ হাতত দিলেহি; তাত লিখা আছিল মাখোন “পালো। সেই দুটি আখৰকে পঢ়োতে কিন্তু মোৰ ভালেমান পৰ লাগিল। বাহিৰত থিয়ে থিয়ৈ ভালেমান পৰ ঘূৰাই ঘূৰাই পঢ়ি অন্ত পেলাব নোৱাৰি ভিতৰ সোমাই বহি লৈ আকৌ ঘূৰাই ঘূৰাই পঢ়িবলৈ ধৰিলো। পঢ়ি পঢ়ি তাৰ মৌকোহ চুহি যি পালো তাক এই কবিতা কেইশাৰীৰে আঁজলি পাতি ধৰি অনতি-পলমে সেই “পালো”ৰ গৰাকিনীলৈ পঠিয়াই দিলো : “পালো” জয়ে জয়ে ফৰমুটি চিঠি সামৰণি; সমিধান আশা পালিছিলো ক্ষণগণি এপৰ দুপৰকৈ ক্ৰমে তিনিপৰ, মনে মনে পাৰ কৰি লাগিছিলে। ঠৰ, আশঙ্কাৰ গুণনিয়ে লগাই বিষম, মুহৰ্তক কৰিছিল অতিকে পলম। ভাবিলো সিটিৰ যেন নিকৰুণ চিত; নুবুজি কৰিলে কিবা হিতে বিপৰীত! থাকোতে ইভাবে হয় চাটিফুটিকৈ স্থিৰভাবে আঁচি “পালো” পঠালা বান্ধই প্ৰথমে প'ৰে ফুলাই মুদিত পদুম ’-কাৰে আকুল কৰি দিলা তাত উম, ‘-’ কাৰে সাবটি ধৰি ‘ল’-ৰে কৰি লয় প্ৰিয়তমা ফেঁটি ললা প্ৰাণ বিনিময়। এই কবিতাকণ ৰচি উঠি তেতিয়াই পঠিয়াই দিলো যাৰ প্ৰাপ্য তেওঁ পাওক বুলি। অলপ পৰৰ পাচতে বাহকেও ওলটা বতৰা দিলেহি পালে বুলি। সেইদিনা কথা সিমানতে। তাৰ পাচৰপৰা ক্ৰমাৎ চিঠিৰ ফৰমুটিয়ে নিতে সুৱদি পকা আম একোটিকৈ সৰোৱাই আনিবলৈ ধৰিলে। তাৰে পাচলৈ দিনে এটিৰ ঠাইত দুটি, দুটিৰ ঠাইত তিনিটি, আৰু কেতিয়াবা ততোধিক ফল লাভ হবলৈ ধৰিলে; মোৰ ভগা-ছিগা মন-প্ৰাণ আকৌ ক্ৰমাৎ জোৰা লাগি আহিল। মই আকৌ আনভাবে মাপোন-পাহৰা হলো, ভিতৰি বৈৰাগ্য ভাৰৰ ঠাই এক নতুন সাংসাৰিক ভাবে অতৰ্কিতে অধিকাৰ কৰিলেহি। পিচে এইভাৱে আপোন-পাহৰা হৈ থাকোতেই জানোবা সিফালে আভাসত বিৰিদি উঠা দৰেই আন