পৃষ্ঠা:Mor Sowarani.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ মোৰ সোঁৱৰণী মাহ-মৰা দেখাও মোৰ জীৱনত সেয়ে প্ৰথম। হলিৰাম সৰু আইৰ কোলাত ঢুকাতে জীৱ বাক হবৰ বেলিকা মই তাৰ চকুলৈ চাই আছিলো, চকু দুটি কলমতিৱাৰ ঠাতে! এ পত্ৰিকা বা সোঁৱৰ ঘিণাৰাম গোহাঞিবৰুৱা দেউতা আৰু লক্ষ্মী দেবী আইতাৰ পৰম পবিত্ৰ মিলনৰ ফল অৰূপ উত্তৰ লক্ষীমপুৰৰ নাৰী মৌজাৰ নাৰী গাৱঁত ১৭৯৩ শকৰ ২৯ আঘোণত মঙ্গলবাৰে মাঙ্গ-নিশা মোৰ জন্ম বুলি মোৰ সেঁৱৰণী বা জন্ম পত্ৰিকাত লিখা আছে , তাতে কন্যা- শিখিত পদ্মনাথ বুলি মোৰ নামকৰণ লিপিবদ্ধ হৈছে। পিতৃমাতৃ মোৰ পিতৃদেউতাৰ জন্মস্থান পুৰণি ৰংপুৰ চহৰৰ জঙ্গি অঞ্চলৰ জকাইচুক মৌজাৰ শিমলুগুৰি গাওঁ। তেওঁ থাওক বুঢ়াগোহাঞি ডাঙৰীয়াৰ দ্বিতীয় পুত্ৰ, মৰাণ ডেকাবৰুৱা ফৈদৰ মূল মানুহ, কুনকাই (ওৰফে বকুল) গোহাঞিবৰুৱাৰ সদেশেহতীয়া বংশধৰ। পিতৃদেউতা চমনীয়া কালতে ঘটনাচক্ৰত উত্তৰ লক্ষীমপুৰলৈ আহি থিতাপিত হয়। সেই মহকুমাতে তেওঁ ৪ টকীয়া দৰ্মহাৰ পৰা আৰম্ভ কৰি বিবিধ চৰ্কাৰী চাকৰিত সুখ্যাতি লাভ কৰে। সদৌশেহত মোৰ জন্ম শকত তেওঁ মৌজাদাৰ বিষয়া হয়। আক, অন্তিম কাললৈকে বৰ প্ৰতিপত্তিৰে সৈতে সেই মৌজাদাৰী বিষয়-বাব ভোগ কৰি ১৮২৯ শকৰ শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথিত ৮৩ বছৰীয়া বয়সত মোৰ পিতৃদেউতা স্বৰ্গী হয়। মোৰ মাতৃদেৱী বোৱৰ বংশজ নেওগ ফুকনৰ ঘৰৰ জীয়াৰী। এখেতৰ আঁতি-গুৰিৰ বিষয়ে ওপৰতে উনুকিয়াই অহা হৈছে। ১৮৪৭ শকৰ vশশীসৰস্বতী পুজাৰ দিনা পঞ্চমী তিথিত, ৯১ বছৰীয়া বয়সত মোৰ মাতৃদেবী স্বৰ্গী হয়। আমাৰ আগৰ পৰিয়াল মোৰ ভালকৈ মনত পৰালৈকে মোমাইদেউ তিনি গৰাকী আমাৰ সৈতে একেলগে একেটা চতে খোৱ একেটা পৰিয়ালৰ ভিতৰ হৈ আছিল। তেতিয়া সদৌলি আমি ডেৰকুৰিমান মানুহ একেটা চকতে খোৱা এটি আনন্দময় পৰিয়াল হৈ আছিলো। সেই চৰুৰ গৰাকিনী আৰু ওই বোৱৰীহঁতৰ ওপৰত কৰ্তৃত্ব চলোৱা শাহ আছিল মোৰ “সক আই” আৰু সেই পৰিয়ালৰ মূল মানুহ আছিল মোৰ দেউতা। বৰ মোমাইদেৱ আৰু মাজিউ মোমাইদেৱৰ বিয়া মোৰ জন্মৰ পুৰেই হৈছিল , সৰু মোমাইদেৱৰ বিয়াৰ কথা অলপ-অচৰপ মোৰ মনত পৰে। কালত লৰা-ছোৱালীৰে সৈতে সিবিলাকৰ সুকীয়া সুকীয়া পৰিয়াল শকত হৈ উঠাত, মোৰ দেউতাই সিবিলাকক বেলেগাই ঘৰ-বাৰী কৰাই দি, তিনিওকে তিনি ঠাইত, সুকীয়া সুকীয়াকৈ পাতিলে। বং তিৰি সিমানলৈকে মোৰ পিতৃদেউতাৰ ওপৰে আমাৰ উপৰি-পুৰুষৰ বিষয়ে মই ভালকৈ জনা নৌহওঁ। মাখোন, মাজে সময়ে জাজিৰপৰা কাৰাম গোহাঞিবৰুৱা নিচাওৰে আমাৰ