পৃষ্ঠা:Mor Sowarani.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্দশ সৰ্গ সাপেক্ষ গতিকে তাৰ আলোচনা সেইদিনা সিমানতে এৰা হল; ময়ৰী একো মাতিবলৈ নহল। তাৰপৰা সাদিনৰ পাচত, ‘অসম চেণ্টেল প্ৰেছ কোম্পানীৰ ঘাই সভাৰ এখন সাধাৰণ অধিবেশন বহিল। তাত প্ৰেছৰ মেনেজাৰ আৰু প্ৰস্তাৱিত কাৰুতৰ সম্পাদক কমে ভবানী- চৰণ ভট্টাচাৰ্য আৰু মথুৰামোহন বৰুৱাক নিযুক্ত কৰাৰ লগে লগে কাকতখনৰ নামকৰণ বিষয়ক আলোচনা পুনৰুত্থাপিত হল। ইতিপুৰ্বে কাৰ্যনিৰ্বাহক সভাৰ বৈঠকত প্ৰস্তাৱিত হোৱা কেউটা নামৰ উপৰি আৰু গোটাদিয়ে নাম প্ৰস্তাৱ কৰা হয়। কিন্তু সভাই তেতিয়ালৈকে তাৰ এটাও মনোনীত নকৰা দেখি, মই মোৰ প্ৰস্তাৱ আগবঢ়ালো; আমাৰ সংকল্পিত কাকতখনিৰ নাম “বন্তি” হব লাগে বুলি। নামটি তেতিক্ষণে উপস্থিত সমজুৱাসকলৰ মনত লাগি গ'ল। সেই নামটিয়েই সৰ্বসম্মতিক্ৰমে গৃহীত হয়, মাথোন জয়দেৱ শৰ্মা পণ্ডিত- দেৱৰ প্ৰস্তাৱ অনুসৰি তাৰ লগতে “অসম” শব্দটি যোগ দি কাকতৰ পুৰ্ণ নাম “অসম বস্তি” ৰখা হয়। তাৰ পাচত চিন্তা হল “অসম বন্তি” কাকতৰ সম্পাদকীয় কাৰ্যৰ গুৰুত্ব লৈ। কাৰণ আমাৰ নতুন সম্পাদক তেতিয়ালৈকে অসমীয়া সাহিত্য ক্ষেত্ৰত সমুলি নতুন, ঘৰূপত তেতিয়ালৈকে তেওঁ অসমীয়া প্ৰবন্ধাদি লিখিবলৈ কাপ ধৰাই নাছিল, মাথোন তেতিয়ালৈকে তেওঁ কলিকতা, এলাহাবাদ, লাহোৰ, বোম্বাই প্ৰভৃতি ঠাইৰপৰা প্ৰচাৰিত হোৱা খনচেৰেক ইংৰাজী বাতৰিকাকতৰ এজন ইংৰাজী প্ৰবন্ধলেখক আছিল; আৰু সেই কামত তেওঁ সুনাম লাভ কৰি উঠিছিল। গতিকে আমাৰ ভিতৰত ভিতৰুৱাকৈ কাৰ্যনিৰ্বাহক সভাৰ আলোচনা চলিবলৈ ধৰিলে। দেখা গ'ল সেই বিষয় জনাজাতকৈ সাধাৰণ সভাৰ দ্বাৰাই আলোচিত হবলৈ গলে অন্যতম সুদক্ষ সম্পাদক এজন কাকতখনৰ অসমীয়া অংশত সুকীয়াকৈ নিযুক্ত কৰি যুটীয়া সম্পাদক নিয়োগ কৰিবলগীয়া হয়। তাৰ নিমিত্তে আকৌ দুটা লেঠাৰ দুখন দেওনা ডেব লগাত পৰে , এটা আৰ্থিক অভাৱ, আনটো তাকৰীয়া বানচেৰে সুযোগ্য অসমীয়া লেখক পাবলৈ টান। এই সমস্যা লৈ একেৰাহে কেইবাদিনো কাৰ্যনিৰ্বাহক সভাৰ কেইবাটাও বৈঠক বহিল, কিন্তু এটায়ো কোনো এটা সিদ্ধান্তত উপস্থিত হবগৈ নোৱাৰিলে। সদৌশেহত মই এটা ভিতৰ বিশ্বাসী প্ৰস্তাৱ দাঙ্গি ধৰিলো। সেইটি এই—“অসম বন্তি” কাকতৰ ইংৰাজী এচিঠা (চাৰিস্তম্ভ) পৃথকাই ধৰি সম্পাদকে প্ৰকাশ্যে সুকীয়াকৈ সম্পাদিত কৰিব, বাকী অসমীয়া অংশৰ (২৪ স্তম্ভ) সম্পাদকীয় ভাগ (৬ স্তম্ভ) প্ৰকাশ্যে সম্পাদকৰ নামে আৰু অপ্ৰকাশ্যে মই সম্পাদিত কৰিম; প্ৰাপ্তনামি প্ৰবন্ধাদিৰ অংশ (৬ স্তম্ভ) শ্ৰীযুত কমলাকান্ত ভট্টাচাৰ্যৰ দ্বাৰাই লিখিত হব; দেশী বাতৰি, বিবিধ বাতৰি আৰু নানা তৰহৰ কথা গোপনীয় আৰু প্ৰকাশ্যভাবে অন্যান্য উপাদেয় সঙ্কলিত হব। গুপ্ত আৰু প্ৰকাশ্যৰ অৰ্থ আৰু উদ্দেশ্য ভাঙ্গি নকলেও বোধকৰোঁ বুজোতাই বুজিব। মোৰ এই প্ৰস্তাৱ গকৈ গমি-পিটি চাই, কাৰ্য- নিৰ্বাহক সমিতিৰ ভিতৰ বিশ্বাসৰ সৰু সমিতিয়ে আনন্দেৰে গ্ৰহণ কৰিলে। আৰু সেই অনুযায়ী সম্পাদক মথুৰামোহন বৰুৱা, সহযোগী নেতা শ্ৰীযুত কমলাকান্ত ভট্টাচাৰ্য আৰু মই ‘অসম বন্তি’ৰ সম্পাদকীয় কাৰ্যত যুটীয়াকৈ লাগি গলোহঁক। সম্পাদনৰ সমস্যা পাৰ হৈ .