পৃষ্ঠা:Mor Sowarani.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাদশ সৰ্গ - বলাল ঘেদেৱা পয়লাখ ঘৰৰপৰা উলটি আহি বৰ উলাহেৰে মই মোৰ হাতত পৰা পঢ়াশলীয়া গুগঢ়া নৰ্মাল স্কুলখনৰ উন্নতিকল্পে একাণপতীয়া মনোযোগেৰে লাগি গলো। মোৰ ‘শিক্ষাবিধি পুথিখন ছপা হৈ কলিকতাৰপৰা আহি পোৱাৰ আগলৈকে ময়ো পূৰ্বত বালা ভাষাত লিখা ‘শিক্ষা- প্ৰণালী' নামে সেইকালৰ বঙ্গল। পাঠ্যপুথিৰপৰা টোকা ধৰি মোৰ গুৰু-ছাত্ৰবৰ্গক শিক্ষাদান কৰিছিলোঁ। তাৰ পাচৰপৰা মোৰ নিজৰ প্ৰণীত অসমীয়া ভাষাৰ পাঠ্যপুথি ‘শিক্ষাবিধি নিজে পঢ়বলৈ পাই মই পৰম উৎসাহেৰে তেজপুৰ নৰ্মাল বা গুৰু-ট্ৰেইনিং স্কুলত সেই বিষয়ত শিক্ষাদান কৰিবলৈ ধৰিলে। তাৰ লগে লগে সিবিলাকক অসমীয়া সাহিত্য বিষয়ত বিশেষ ৰাপ লগাই শিক্ষা দিয়াত মোৰ বিশেষ মনোযোগ বহিল। গণিতাদি অন্যান্য বিষয়ক শিক্ষাতত চকুত লগাকৈ মোৰ স্কুলখনে ক্ৰমাৎ বিশেষত্ব লাভ কৰি উঠিল। কিন্তু ফলিতাৰ্থত তেজপুৰতে কহিমাৰ দৰে স্কুলৰ উন্নতিয়ে পাক লগাই হিতে বিপৰীত ঘটোৱাৰ লক্ষণ দেখুৱাবলৈ ধৰিলে। মই সেই বিষয়ে তৎ ধৰাত পলম নহল। অনতিপলমে তাৰ প্ৰতিকাৰ কৰিবলৈ চিন্তালোচনাত ধৰিলো। কিন্তু কহিমাৰ নিচিনাকৈ তেজপুৰত সেই চিন্তালোচনা সহজে কাৰ্যত ফলিয়াই ঠিল, বৰঞ্চ তাতে হিতে বিপৰীত ঘটাৰহে আভাস পোৱা গ'ল। বাহিৰত বঙ্গালী সমাজৰ মাজত মোৰ বিৰুদ্ধে ফুচফুচুনিৰ অবৈধ চৰ্চা আৰম্ভ হ'ল। সেই সময়তে মই অসমৰ সদৌ অসমীয়া সাহিত্য সভা বিলাকক কলিকতাৰ মূল সভা ‘অ, ভা, উ, সা, সভা’ৰে সৈতে একে নামী কৰি অসমীয়া সাহিত্য-চৰ্চা সুচল কৰাৰ উদ্দেশ্যে ‘তেজপুৰ অসমীয়া ভাষা আলোচনী সভা খনৰ সেই নামকৰণ কৰাই লৈ অসমীয়া সাহিত্য চৰ্চাত অসমীয়া ভাষাৰ বন্ধুসকলৰ ৰাপ আক উদ্যম একেকঠি কৰাৰ উদ্দেশ্যে ক্ৰমাৎ তাৰ বহুল উন্নতি সাধিবলৈ ধৰিলে। কিন্তু সেই কাৰ্যে চকুচৰহা বঙ্গালী এদলৰ বুকুত বিষমকৈ বিন্ধিবলৈ ধৰিলে; সিবিলাকে তলে তলে তাৰ অযথা প্ৰতিকাৰৰ চেষ্টাত নধৰাকৈ নেৰিলে। এনেকি সিবিলাকৰ মাজত “বঙ্গাল খেদা পদ্মনাথ” নামৰ ঢৌ এটা তুলি দি, গুপুতে মোক তেজপুৰৰপৰা খেদিবলৈ ষড়যন্ত্ৰ ক সম্ভেদ পাবলৈকো বাকী নৰ'ল। দৰাচলতে কিন্তু মই সেই অপবাদৰ ভাগী নহওঁ, মই বহাল খেদিবলৈ কোনো ষত্ব কৌশলত ধৰা নাছিলো, মাথোন মোৰ মাতৃভাষা বলা ভাষাৰ অপভ্ৰংশ বোলা অপবাদ খণ্ডাবৰ অৰ্থে মোৰ ভাগৰ কৰ্তব্য মই কাৰৰ অহিত চিম্বা নকৰাকৈ পালন কৰিছিলো। এনেতে এদিন ডেপুটী ইনস্পেক্টৰ হান বাবু মোৰ স্কুল পৰিদৰ্শন কৰিবলৈ আহে। তেওঁ মোক তু নিদিয়াকৈয়ে আহিছিল। আহিয়েই ভমক কৰে মোৰ গাৰ কাষত তেওঁ থিয় দিলেহি। মই কিন্তু চমক খাবলৈ নহ'ল। মই বহি থকা ভাগেই ওপৰলৈ চাই তেওঁক চকুৱে চকুৰে চেলামী জ্ঞাপন কৰি মেজৰ অপৰ পতিত পাতি থোৱা খালি মাচিয়াখনতে বহিবলৈ সঙ্কেত দিলে। তেওঁ কিন্তু এজন আত্ম-