দণ্ড কৰিবলৈ হুকুম দিলে। ৰজাৰ চাউদাং দূত সকলে শঙ্কৰদেৱক বিচাৰি আহি ধুৱাঁহাটত তেওঁৰ ঘৰত ওলালহি। চাউদাংহঁতক দেখি শঙ্কৰদেৱ ঘৰৰ ভিতৰ সোমালত, আঠোটা চাউদাঙে শঙ্কৰদেৱক ধৰিবৰ মনেৰে ঘৰৰ ভিতৰত তেওঁক হাতেৰে বেঢ়া দিলে। শঙ্কৰদেৱে ততালিকে সিহঁতক ঠেলা মাৰি মাটিত পেলাই দি একেচোচাই ঘৰৰপৰা ওলাই গৈ বাৰীত সোমাল গৈ। চাউদাহঁতে উঠি, তেওঁৰ পিছে পিছে খেদা ধৰিলে।লৰি যাওঁতে বাটত বাইশ হাত বহল মৰি নৈৰ খাল এটা শঙ্কৰদেৱে একে জাঁপেই পাৰ হৈ গল। চাউদাংহঁতে ঘুৰি গৈ খালটো পাৰ হওঁতেই শঙ্কৰদেৱ চকুৰে-নেদেখা আঁতৰ হৈ পৰিল। ইয়াৰ পিছত সিহঁতে ভালেমান পৰ বিচাৰি শঙ্কৰদেৱক নৈৰ গৰাৰ তলত দেখি “ধৰ ধৰ" বুলি খেদি গল। শঙ্কৰে এইখিনি সময়তে তেওঁৰ উত্তৰি উলিয়াই আৰু হাতত গীতা শাস্ত্ৰখন লৈ কলে যে “তহঁতে মোক কিয় ধৰিব খুজিছ, মই দ্বিজ। চাহঁকচোন মোৰ হাতত পুথি আৰু গাত উত্তৰি আছে।” এই কথা শুনি চাউদাংহঁতে ভালকৈ চাই দেখিলে যে সঁচা, তেওঁ কোনোবা দ্বিজ হে, শঙ্কৰ নহয়। ইয়াকে থিৰাং কৰি সিহঁতে তেওঁক তাতে এৰি আন ঠাইত বিচাৰি ফুৰিবলৈ ধৰিলে। শঙ্কৰক সিহঁতে কতো বিচাৰি নাপাই উভতি যাওঁতে, বাটত মাধৱদেৱক আৰু শঙ্কৰৰ জোৱাঁয়েক হৰিক দেখা পালে। তেওঁলোক কোন কলৈ যায় বুলি চাউদাহঁতে তেওঁলোকক শুধিলত, মাধৱদেৱে উত্তৰ দিলে, “আমি শঙ্কৰৰ ভক্ত; তেওঁৰে সৈতে দেখা কৰিবলৈ যাওঁ।" এই কথা শুনি চাউদাংহঁতে তেওঁলোক দুজনকে ধৰি লৈ গ'ল। চাউদাহঁতে তেওঁলোকক নি প্ৰধান মন্ত্ৰী সন্দিকৈ বৰবৰুৱাৰ আগত থিয় কৰি দিলত, বৰবৰুৱাই তেওঁলোকক শুধিলে “তোমালোকে কি কৰা? আৰু তোমালোক কোন আছে?" মাধৱদেৱে উত্তৰ দিলে, “আমি শঙ্কৰৰ ভক্ত;নাম-গুণ গাই থাকোঁ। মোৰ কেওঁ নাই।” হৰিয়ে কলে তেওঁৰ পৰিবাৰ আছে। সন্দিকৈয়ে তেওঁলোকক ৰজাৰ আগত হাজিৰ কৰি দি কলে শঙ্কৰ পলাল, তেওঁক ধৰিব পৰা নগল, এওঁলোক শঙ্কৰৰ ভকত। এজন বৰাগী, তেওঁৰ কোনো নাই, আনজন গৃহস্থী, তেওঁৰ পৰিবাৰ আছে।” ৰজাই এইকথা শুনি কলে, মই যেতিয়া প্ৰতিজ্ঞা কৰিছোঁ, ইহঁতক এতিয়াই কাটব লাগিব। কিন্তু যিটো বৰাগী, তাক কাটলে কি হব, তাক এৰি দিয়া; কাৰণ তাক কাটলে তাৰ শোকত