পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৫
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ৰামৰাই কৃপাল॥ এই সাত কুৰি ভক্ত গাই থাকে নাম। শঙ্কৰক আবৰিয়া থাকে অবিশ্ৰাম॥ এসম্বাৰ পদৰেণু অৱিলাস মনে। একেবাৰে প্ৰণামোহো সবাৰ চৰনে॥”

 “ভকতৰ বান্ধৱ মাধৱদেৱ হৰি। কুসুমৰ ঘৰে আসি অৱতাৰ ধৰি॥ সংসাৰি লোকক কৃপা কৰিল অপাৰ। কৃষ্ণে সমে নাম ধৰ্ম্ম কৰিলা প্ৰচাৰ॥ হেনয় গুৰুৰ দুই অভয় চৰণ। কায় বাক্যে মনে তাত পশিলো শৰণ॥ অনাদি জনমে জাক কৰ্ণে নুশুনিলো। হেনয় দুৰ্লভ বস্তু হাততে লভিলে॥ গুৰুৰো পৰম গুৰু দেৱতাৰো দেৱ। তোমাৰ চৰণে লক্ষ কোটী বাৰ সেৱ॥ দামোদৰ দাসৰো দাসৰো তাৰ দাস। ৰাম ৰাম ঘুসিও-”*


  • পুৰণি জীৰ্ণ সাঁচীপতীয়া সৰু পুঠি এখন আমি আমাৰ শ্ৰদ্ধাস্পদ সুহৃদ শ্ৰীযুক্ত

হেমচন্দ্ৰ গোস্বামী ই, এ, চি, ডাঙৰীয়াৰপৰা পাইছিলো। সেই পুথিখন দামোদৰীয়া ভক্ত এজনৰ দ্বাৰাই যে ৰচিত সেই কথা এই টোকাৰে দ্বিতীয় ডোখৰ পঢ়িলেই বুজিব পাৰি।

-গ্ৰন্ঠকাৰ।