পৃষ্ঠা:Khojar Xabda.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘আমাৰ পইচা পইচা নহয় নেকি অ’আনৈ? নগদ দহ টকা দিম, দে গোটেইখিনি, ‘হৰগাসিখৌবৗ।’

 ‘লাঙা বুংদী নঙা।’ আবৌৱে ভেকাহি মাৰিলে।

(গল্পৰ শিৰোনাম : ‘বাৰদৈ-চিখ্ৰা’, পৃষ্ঠা নং ৬৪,
সংকলনৰ নাম ‘তাই কাপোৰ নিপিন্ধে’)

X  X  X

 টাপলি মৰা কাপোৰ পিন্ধা জধলা ল’ৰাটোৰ ‘কোৱাই’ৰ সেলেঙী বোৱা মুখখনত যেন এক যুদ্ধ জয়ৰ ভাবহে ফুটি উঠিল। সি ক’লে, ‘গুৱাহাটী। গুৱাহাটী যায়েগা ম’। খোল খোল'। হম খাৰা, দৰ’ মত ম'।... প্লি খে... লেইট ছেদিন প্লেম। ... চং চুখ ম’!

(গল্পৰ শিৰোনাম : ‘দখাৰ’, পৃষ্ঠা নং ২২, সংকলনৰ নাম ‘দখাৰ')

X  X  X

 ‘খেত মজুৰ?’

 ‘কোন, ওমৰা দুজন?’ চূণ ধঁপাতেৰে ডাঠ হৈ পৰা বিচিত্ৰ ৰঙী পাণৰ পিকখিনি ছিটিককৈ দূৰলৈ আছাৰি জামালুদ্দিনে ক’লে, ‘ন’ গ’ দাস বাবু; নাহয় নাহয়, ওমৰা দুজন মোৰ সোদেৰ ভাই, বাইগুনবাৰীৰ মোৰ পিসাৰ (পেহাৰ) বেটা, ভাই।'

 ‘কেম্পৰপৰা আইসবেৰ সপ্তাহখানেক হৈছে।' শৈলেন ৰায়ে যোগ দিলে।

(গল্পৰ শিৰোনাম : ‘ঘঁৰিয়ালডাঙাৰ কথা’,
একে নামৰ সংকলনৰ পৃষ্ঠা নং ১৯০ )

X  X  X

 বিপুল খাটনিয়াৰৰ এনেধৰণৰ পৃথক ভাব-ভংগীৰ নৃগোষ্ঠীয় বৈচিত্ৰ্য আৰু বৈশিষ্ট্যধন্য গল্পবোৰ পঢ়ি গ’লে এনে ভাব মনত জন্মে জানোচা পূৰ্বাঞ্চলৰ এনে এখন ঠাই নাছিল য’লৈ তেওঁ যোৱা নাছিল। ততোধিক, এনে এটা জনগোষ্ঠী নাছিল যিসকলৰ ভাষা, কথনভংগী, জীৱনচৰ্যা আয়ত্ত কৰাৰ কষ্ট স্বীকাৰ কৰাই নহয় বৰঞ্চ তেওঁলোকৰ জীয়া সমস্যা, জীৱন-সংগ্ৰামৰ বুজ লৈ নিজৰ গল্পত তেওঁ চিত্ৰায়িত কৰিছিল অনবদ্য বিচক্ষণতা, সমৃদ্ধ ভাব-ভংগী আৰু অভাৱনীয় বিশ্বাসযোগ্যতাৰে। বিষয়বস্তুৰ এনে সীমাহীন বৈচিত্ৰ্য, ভাব-ভংগীৰ সৰ্বদা পৃথক অভিনৱত্বৰ লগতে

৮৬॥ খোজৰ শব্দ