বুকুৰ মাজৰ জপৰ বস্তু কৰি ৰাখোঁতে ৰাখোঁতে ৰজাদিনীয়া বহুতো তাম্ৰপত্ৰ, পেৰাকাকত আদি ক্ৰমে নষ্ট হৈ গৈ আছে। এইবোৰৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে একোখন বিজ্ঞান- সন্মত ইতিবৃত্ত প্ৰণয়ন কৰি উলিওৱা অতীব প্ৰয়োজন। কাৰণ, পিচলৈ উভতি চোৱাৰ অৰ্থই হ'ল সন্মুখলৈ আগবাঢ়ি যোৱাৰ প্ৰেৰণা লাভ কৰা।
এনে এটি উদ্দেশ্যত প্ৰণোদিত হৈয়েই আমি ‘ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত’ এখন প্ৰণয়নত প্ৰবৃত্ত হৈছিলোঁ। ডুবিৰ দেৱদাসী সম্বন্ধে আজি কিছু বছৰৰ পৰা কাকতে-পত্ৰই দুই-এটা আলোচনা প্ৰকাশ হৈছে যদিও, সি মূলতঃ জনশ্ৰুতিৰ ওপৰত প্ৰতিষ্ঠিত। গৱেষণাৰ মনোভাব লৈ কোনোজনে সম্পূৰ্ণ দেৱালয়খনৰ ইতিবৃত্ত উদ্ধাৰত আগবাঢ়ি অহা নাই। কিংবদন্তি, জনশ্ৰুতি, প্ৰাচীন ধ্বংসা- ৱশেষ আৰু সংশ্লিষ্ট মহলৰ দুই-চাৰি সহৃদয় ব্যক্তিৰ পৰা পোৱা সাহায্যকে পাথেয় স্বৰূপে লৈ ইতিবৃত্ত সংকলনৰ কামত আগবঢ়া হৈছে। অৱশ্যে আমাৰ প্ৰচেষ্টা কলৰ ভূৰ সাজি মহাসাগৰ অতিক্ৰম কৰাৰ দুঃসাহস বুলিয়ে কব লাগিব নিশ্চয়। কলম্বচে ভাৰত আবিষ্কাৰ কৰিবলৈ গৈ আমেৰিকাকে ভাৰত বুলি ভাবি লোৱাৰ দৰে, আমিও যদি উদ্দেশ্যৰ পথত সামান্যভাৱে দিগ্ নিৰ্ণয়ত সমৰ্থ হৈছোঁ, তেনেহলে আমাৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। ইয়াৰে লেজুত ধৰি পৰৱৰ্ত্তী অনুসন্ধিৎসু ব্যক্তিয়ে আৰু অগ্ৰসৰ হবলৈ প্ৰয়াস কৰক, এয়ে আমাৰ আশা থাকিল।
দেৱালয়ৰ তথ্য বিচাৰি আমি বিভিন্ন ব্যক্তিৰ সৈতে যোগাযোগ কৰিবলগীয়া হৈছে। কেতিয়াবা একেটা সাধাৰণ কথাৰ বাবে অহা- যোৱাৰ ‘তাঁত-বাটি’ কাঢ়িব লগাত পৰিছোঁ। কেতিয়াবা আকৌ একেটা তথ্যৰে একে সময়তে দুজন লোকৰ দুটা মত আমি পাইছোঁ। এইবোৰৰ শুদ্ধাশুদ্ধ নিৰূপণ কৰি উলিওৱা বৰ দুৰূহ। দেৱদাসী নৃত্য সম্পৰ্কেও তেনে মতদ্বৈধতা পোৱা হৈছে। ইতিমধ্যে দেৱালয়