৺কেশৱ নাৰায়ণ দত্ত, ৺ভৱানন্দ দত্ত, ৺প্ৰেমনাৰায়ণ দত্ত প্ৰধান। ‘পাতাল পুৰী’ৰ লিখক ৺হৰগোবিন্দ শৰ্ম্মা অসমৰ প্ৰথম শিশু ঔপন্যাসিক। অসমৰ সংবাদ সাহিত্যৰ জয়যাত্ৰাত মাইলৰ খুটি স্থাপন কৰোঁতা ‘আৱাহন’ আৰু ‘পাৰিজাত’ৰ সুযোগ্য সম্পাদক ডাঃ দীন নাথ শৰ্ম্মা বজালীৰে ব্যক্তি। ৺হৰেন্দ্ৰ নাথ শৰ্ম্মায়ে ‘পখিলা’ নামৰ শিশু আলোচনী এখন কলিকতাৰ পৰা সম্পাদনা কৰিছিল। ‘পখিলা’ অসমীয়া সাহিত্যৰ প্ৰথম শিশু আলোচনী। পাঠশালাৰ ‘বাণীপ্ৰকাশ’ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত ‘বিহুৱান’, ‘সংলাপ’ আৰু ‘সংজ্ঞা’ নামৰ আলোচনীয়ে চিন্তাবিদ সমাজৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।
ইংৰাজে অসম লোৱাৰ সময়ত বজালী ন খন মৌজাৰ সমষ্টি আছিল। যথা— উত্তৰ বজালী, পূব বজালী, সৰিহ, পাকা, মাণিকপুৰ, হস্তিনাপুৰ, নমাতি, নামবৰভাগ আৰু দক্ষিণ বজালী। ১৯০৫ চনত নমাতি আৰু নামবৰভাগ গুৱাহাটী মহকুমালৈ, পাকা আৰু হস্তিনাপুৰ (বৰ্ত্তমানৰ হস্তিনাপুৰ মৌজা নহয় — এইখন আছিল সৰিহ মৌজাৰ গাতে লগা দক্ষিণে) বৰপেটা চাৰ্কললৈ যায়। বৰ্ত্তমানে বজালী চাৰ্কলত ছয়খন মৌজাহে আছে। ১৯৭০ চনত বিজনী আৰু হস্তিনাপুৰ মৌজাক ফালি নি সুকীয়া চাৰ্কল গঠন কৰা হয়।
বজালীৰ উত্তৰে ভোটান, পূবে বাস্কা, নমাটি আৰু বৰভাগ মৌজা, দক্ষিণে পাকা মৌজা আৰু পশ্চিমে সৰুপেটা চাৰ্কল। ১৯৭১ চনৰ লোকপিয়ল অনুসৰি অবিভক্ত বজালীৰ (সৰুপেটা চাৰ্কলসহ) মুঠ জনসংখ্যা ২০৬৯৮৯ জন।
বজালীৰ অনেক প্ৰাচীন কীৰ্ত্তি-চিহ্ন, ফলি, নথিপত্ৰ আদি অনাদৰ অৱস্থাতে নষ্ট হৈছে। কিছুমান ধোঁৱাচাঙতে আজিও ভেঁকুৰি আছে। তথাপি সপ্তম শতিকাৰ পৰা আহোম ৰাজত্বৰ শেষলৈকে বজালীৰ বহুতো তথ্য, কিংবদন্তি, নথিপত্ৰ, পেৰাকাকত, ফয়চলা, পঞ্জাপত্ৰ, জেংকাকত আদি যি পোৱা গৈছে, সিয়েই বজালীৰ প্ৰাচীনতাৰ নিৰ্ভৰযোগ্য প্ৰমাণ দিয়ে।