পৃষ্ঠা:Chalachitra.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৃত্য, অভিনয়, আলোকসম্পাত, স্থিৰচিত্ৰ আদিৰ সূক্ষ্ম জ্ঞান। ইয়াৰ অভাব সহজেই চিত্ৰ নিৰ্মাণত প্ৰতিফলিত হয়। অসমীয়া ছবি একোখনৰ নিৰ্মাণ বাজেট নিৰ্ধাৰণ কৰা হয় অতি কম পৰিসৰৰ মাজত। এই তাকৰীয়া বাজেটো কাৰিকৰী নৈপুণ্য প্ৰকাশৰ এটি অন্তৰায় বুলি বহুতে ধাৰণ কৰে।

 সীমাবদ্ধতা থাকিলেও অসমীয়া ছবিৰ জগতখন স্পন্দিত কৰি ৰখাত সহায় কৰি আহিছে কেইগৰাকীমান চিত্ৰ-পৰিচালকে। এই তালিকাৰ প্ৰথমটো নাম ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।

 নাটক ৰচনা, লগতে পৰিচালনা আৰু গদ্য-সাহিত্য ৰচনাত ড॰ শইকীয়াই আত্মপ্ৰকাশ কৰিছিল প্ৰায় একে সময়তে আৰু নিৰৱচ্ছিন্নভাৱে এই দুয়োটাৰে সাধনা অব্যাহত ৰখিছে। এই কাৰ্যই পৰিচালক ড॰ শইকীয়াক কেনেদৰে সহায় কৰিছে তাক আলেচনাৰ আগতে প্ৰথমেই চকু ফুৰাই লওঁ অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ তেওঁ আগবঢ়োৱা অৱদানখিনিত।

 অসমীয়া ছবিক অসমৰ বাহিৰলে লৈ যোৱা, ৰাষ্ট্ৰীয় পুৰস্কাৰ, দূৰদৰ্শন যোগে প্ৰিমিয়াৰ, ইণ্ডিয়ান পেনোৰামাত অংশগ্ৰহণ, বিদেশৰ চলচ্চিত্ৰ মহোৎসৱ ইত্যাদি ধাৰণাবোৰ ড॰ শইকীয়াৰ ছবিৰ লগে লগেই অসমত পৰিচিত হৈ পৰে। অসমৰ বাহিৰতো যে অসমীয়া ছবিৰ বজাৰ এখন থাকিব পাৰে, বা বজাৰ এখন সৃষ্টি কৰি ল’ব পাৰি, সেই সম্ভাৱনাৰ দুৱাৰ ড॰ শইকীয়াই মুকলি কৰি দিয়ে। ফলস্বৰূপে অসমীয়া ছবি-উদ্যোগৰ সংকটৰ কালতো ড॰ শইকীয়াই নিয়মিতভাৱে ছবি নিৰ্মাণ কৰি গৈছে। ড॰ শইকীয়াই এতিয়ালৈকে পৰিচালনা কৰা ছবি কেইখন হ’ল সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৰু আৱৰ্ত্তন (এতিয়াও মুক্তি লাভ নকৰা বাবে আৱৰ্ত্তনক এই আলোচনাৰ বাহিৰত বখা হ’ল); আৰু আছে দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা হিন্দী ছবি দৰ্পহৰণ আৰু ‘ক্ষুদ্ৰ সঞ্চয় বিভাগ’ৰ বাবে নিৰ্মাণ কৰা এখন প্ৰচাৰমূলক চুটিছবি।

 ড॰ শইকীয়াৰ ছবি মূলতঃ কাহিনীপ্ৰধান আৰু বৰ্ণনাত্মক। সন্ধ্যাৰাগ

পৰা সাৰথিলৈকে এই পাঁচোখন ছবিতেই ড॰ শইকীয়াই ছবিৰ

২৭