পৃষ্ঠা:Chalachitra.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 I am sure there is a lot of me in him, but I can't tell you to what extent. সত্যজিতৰ নিজৰ লগত ফেলুদাৰ সাদৃশ্য, ফেলুদাৰ লগত সৌমিত্ৰৰ সাদৃশ্য, সৌমিত্ৰৰ লগত সত্যজিতৰ সদৃশ্য— এই বৃত্তিয় সম্পৰ্কৰ পৰা সহজেই প্ৰতীয়মান হয় যে সত্যজিতে নিজকে প্ৰকাশ কৰাৰ বাবে সৌমিত্ৰকে নিৰ্বাচন কৰিছিল অথবা সৌমিত্ৰৰ মাজৰেই সত্যজিতে পৰ্দাত আবয়বিক ৰূপত আত্মপ্ৰকাশ কৰিছিল।

 কলাগত দিশৰ সীমিত সাফল্যৰ বাবে ‘নায়ক’ ছবিখন প্ৰায়েই আলোচনাৰ বাহিৰত ৰৈ যায়। সংলাপ প্ৰধান এই ছবিখনত Ray's magic, the simple poetry of his images and their emotional impact (Martin Scorses) বিচাৰি পোৱা নাযায়। অথচ এই ছবিখনে বিশেষ তাৎপৰ্য বহন কৰে চিত্ৰনিৰ্মাতা সত্যজিৎ ৰায়ৰ শৈল্পিক জীৱনৰ চিন্তা-ভাৱনা-আশা-আকাংক্ষা-হতাশা-ক্ষোভ আদিৰ প্ৰকাশ হিচাবে। চলচিত্ৰ জগতখন পৰ্দাৰ ওপৰত আৰু ভিতৰৰ মানুবোৰৰ প্ৰতি, তেওঁলোকৰ কাম- কাজৰ প্ৰতি সত্যজিতৰ কি ধাৰণা তাক প্ৰকশ কৰাৰ বাবেই যেন এই ছবিখন নিৰ্মাণ কৰিছিল।

 নয়ক’ ছবিৰ মূল চৰিত্ৰ বা নায়ক অৰিন্দম মূলতঃ ব্যৱসায়িক ছবিৰ লগত জড়িত। গতিকে স্বাভাৱিকভাৱেই ছবিৰ ব্যৱসায়িক জগতৰ বিভিন্ন দিশে আহি ‘নায়ক’ত ভিৰ কৰিছেহি। ছবিজগতত সত্যজিৎ ৰায়ৰ অৱস্থান বিপৰীত মেৰুত হ’লে ‘নায়ক’ ছবিখনৰ ক’তোৱেই তেওঁ ব্যৱসায়িক ছবি জগতক ব্যঙ্গ কৰা নাই, সমালোচনা কৰা নাই অথবা ক্ষুদ্ৰ ৰূপতো প্ৰদৰ্শন কৰা নাই। মাথোন বাহিৰৰ যিবোৰ অনুঘটকে আহি ব্যৱসায়িক ছবি জগতৰ ভিতৰখন কলুষিত কৰি পেলাইছে সেইবোৰৰ প্ৰতিহে তেওঁ নিৰ্মম দৃষ্টি নিক্ষেপ কৰিছে।

 ব্যৱসায়িক আৰু জনপ্ৰিয় ছবিৰ প্ৰতি সত্যজিতে কেতিয়াও বিৰোধ মনোভাৱ প্ৰকাশ কৰা নাই। তেওঁ নিজে দৰ্শকৰ মনোৰঞ্জন কৰি অৰ্থাগম সহজ কৰিব পৰা ছবিৰ পৃষ্ঠপোষকতা কৰি আহিছে, সেই আদৰ্শৰে নিজেও ছবি নিৰ্মাণ কৰিছে। কিন্তু ছবিক শিল্পৰ পৰা পণ্যবস্তুৰ সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ মানসিকতাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে, জনপ্ৰিয় ছবিৰ

নিৰ্মাতা-কুশীলৱসকলক অইন সুবিধাভোগী মানুহে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে

১৯