পৃষ্ঠা:Chalachitra.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘শাখা-প্ৰশাখা’ ছবিৰ মাজু বোৱাৰীয়েকৰ চৰিত্ৰ, ‘কাঞ্চনজংঘা’ ছবিৰ মাকৰ চৰিত্ৰ, ‘সীমাবদ্ধ’ ছবিৰ পত্নীৰ চৰিত্ৰ, ‘গণশত্ৰু’ ছবিৰ ডাক্তৰৰ পত্নী আৰু কন্যাৰ চৰিত্ৰ আদিৰ মাজতো প্ৰকাশ পাইছে। ‘জন-অৰণ্য’ ছবিৰ নায়কৰ নবৌয়েক আৰু ‘শাখা-প্ৰশাখা’ ছবিৰ মাজু বোৱাৰী— যিগৰাকী সৰু পুত্ৰৰ নবৌয়েক আৰু দেওৰেকৰ সম্পৰ্কৰ মাজত স্পষ্ট হৈ বন্ধুত্বৰ সম্পৰ্ক আৰু আছে নবৌয়েকে দেওৰেকৰ প্ৰতি প্ৰকাশ কৰা Protective আৰু মাতৃসম আচৰণ। সত্যজিত আৰু তেওঁৰ মাকৰ মাজত থকা সম্পৰ্কৰ মূল Spirit এনেদৰেই বিভিন্ন চৰিত্ৰৰ মাজেৰে বিভিন্ন ৰূপত প্ৰকাশিত হৈ আহিছে।

 ‘সত্যজিৎ ছবি’ৰ অধিকাংশ সমালোচকে দ্বিধাহীনভাবে কয় যে অপুৰ চৰিত্ৰটি সত্যজিতৰ বাহিৰে আন কোনো নহয়। অপুৰ জীৱন, ভাৱনা, চিন্তা আৰু আচৰণ সত্যজিতৰ জীৱনৰ লগত ইমানেই মিলি যায় যে বিভূতিভূষণ সৃষ্ট এই চৰিত্ৰটি সত্যজিতৰ কেমেৰাত, অবিস্মৰণীয়ভাবে জীৱন্ত হৈ উঠিছে। শ্যাম বেনেগালৰ সৈতে হোৱা কথোপকথনত সত্যজিৎ ৰায়ে কৈছে—

 Shyam : Was there a kind of autobiographical resonance in this film (APORAJITA)?

 Ray : Well, not in 'Pather Panchali' frankly, because I know hardly anything about village. I was a city-born and city-bred person and I did not know the village at all till the age of thirty-twenty five of thirty- but in the second part the fact of Apu's adolescence and the mother being a widow- the mother and the son relationship that can have autobiographical elements in it certainly because I was in a similar situation.

 Benegal : Did you identify with APU?

 Ray : I suppose one does. One has to do, particularly when you deal with a character through three films right from the childhood to adulthood. You do identify. Otherwise the no getting under the skin of the character.

 অপুৰ মনৰ জগতখনৰ লগত সাদৃশ্য বিচাৰি পোৱা সত্যজিতে অপুৰ

১৬