সেই দশাই এতিয়া হৈছেগৈ জে. পি. দত্তাৰ। চিত্ৰ পৰিচালক হিচাপে ঈৰ্ষণীয় দক্ষতা প্ৰদৰ্শন কৰাৰ পাছতো জে. পি. দত্তাৰ কেইবাখনো ছবিয়ে বক্স-অফিছত কোনো আলোড়নৰ সৃষ্টি কৰিব পৰা নাছিল। এওঁৰ শেহতীয়া ছবি পাঁচ কোটি টকা ব্যয়ৰ ‘ক্ষত্ৰিয়’ই লাভৰ মুখ দেখুৱাবলৈ আৰম্ভ কৰিছিল। ছবি ৰিলিজ হোৱাৰ আগতেই পৰিবেশকৰ লগত হোৱা লেনদেনতেই ছবিখনে অৰ্থনৈতিক সফলতাৰ প্ৰতিশ্ৰুতি বহন কৰিছিল।
ছবিখনে মুত্তিলাভ কৰাৰ পাছতো দৰ্শকৰ প্ৰতিক্ৰিয়া আছিল আশাব্যঞ্জক। বিদ্যা ভাৰতীৰ অকাল বিয়োগে ছবিখনৰ সাফল্যৰ গতি ক্ষিপ্ৰ কৰিব বুলি ভবা হ’ল। ‘ক্ষত্ৰিয়’ত দিব্যাই এটি ‘ফুলদানি চৰিত্ৰ’ত অভিনয় কৰিছিল। দিব্যাৰ মৃত্যুৰ লগে-লগে ‘ক্ষত্ৰিয়’ৰ নতুন পোষ্টাৰ ছপাই বিতৰণ কৰা হ’ল।
কিন্তু! ইয়াকেই হয়তো ভাগ্য বোলে। অবৈধভাৱে এ.কে. ৫৬ নামৰ আগ্নেয়াস্ত্ৰ এটা লগত ৰখা বাবে সঞ্জয় দত্তক টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ লগে-লগেই ‘ক্ষত্ৰিয়’ৰ ভাগ্যপাট হঠাৎ সলনি হৈ গ’ল। ‘ক্ষত্ৰিয়’ৰ মূল চৰিত্ৰত অভিনয় কৰিছিল সঞ্জয় দত্তই। ছল্লিছ লাখ টকা পাৰিশ্ৰমিক লোৱা সঞ্জয় দত্তই এই ছবিৰ সাফল্যত সহায় কৰিব বুলি ভাবি সকলো ধৰণৰ প্ৰচাৰত তেওঁৰ ছবি বিশেষভাৱে প্ৰচাৰ কৰা হৈছিল। কিন্তু সঞ্জয়ৰ ওপৰত উঠা সকলো খং প্ৰকাশৰ বাবে ‘ক্ষত্ৰিয়’কে বাছি লোৱাৰ ফলত সঞ্জয়ৰ কুকৰ্মৰ ফল বহন কৰিবলগীয়া হ’ল জে. পি. দত্তাই; সফলতাৰ সলনি সাময়িক ক্ষতি আৰু অনিশ্চিত ভৱিষ্যতক আমন্ত্ৰণ কৰি আনিলে সঞ্জয় দত্তই। ইয়াৰ পাছতো ভাগ্যৰ ওচৰত আত্মসমৰ্পণ নকৰি উপায় কি?
সঞ্জয় দত্তক গ্ৰেপ্তাৰ কৰা হয় বেআইনী অস্ত্ৰ নিজৰ লগত ৰখাৰ বাবে আৰু বোম্বাইৰ বোমা বিস্ফোৰণৰ লগত জড়িত লোকৰ বিষয়ে তথ্য উদ্ধাৰৰ বাবে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে বোমা বিস্ফোৰণেৰে বোম্বাইক ধ্বংস কৰিবলৈ ওলোৱা দলটোৰ লগত সঞ্জয় দত্তৰ সম্পৰ্ক
আছে। বোমা বিস্ফোৰণৰ লগত সঞ্জয়ৰ কি সম্পৰ্ক তাক আৰক্ষী