পৃষ্ঠা:Bilati Pitha.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মোৰ কথা—

 এই সৰু কিতাপখনিত থকা সাধুকেইটি মই মোৰ শৈশৱতে ভাঙনি কৰিছিলো। সেই সময়তে সাধুকেইটা পঢ়ি স্বৰ্গীয় মিত্ৰদেৱ মহন্ত বৰদেউতা আৰু স্বৰ্গীয় ডিম্বেশ্বৰ নেওগ পিতাদেৱে কণ কণ ল'ৰা-ছোৱালীয়ে পঢ়ি ভাল পাব বুলি ভাবি কিতাপৰ আকাৰে ছপা কৰি উলিয়াবলৈ মোক উৎসাহিত কৰিছিল। পুথিখনিৰ দুটি তাঙৰণ ইতিমধ্যে প্ৰকাশ হৈ গৈছে। পাঠকৰ অভূতপূৰ্ব সঁহাৰিৰ প্ৰমাণ পাইছিলো— অতি কম সময়ৰ ভিতৰতে আকৌ ছপাব লগা হোৱা বাবে। পিচে, বহুতো কাৰণত কিতাপখনিৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰা হোৱা নাছিল।

 এতিয়া মোৰ সৰু ভনীটি শ্ৰীমতী জীৱন মাধুৰীয়ে নিজে প্ৰকাশ কৰিবলৈ লোৱাত আৰু মোৰ সৰু-মাজু ভনীটি শ্ৰীমতী সপোন মাধুৰীয়ে নানান অসুবিধাৰ মাজতো ভিতৰৰ ছবিখিনি আঁকি দিয়াত তেওঁলোক দুয়োলৈ মোৰ আন্তৰিক শলাগ জনালোঁ।

মাণিকি মধুৰি বৰদলৈ (নেওগ)
গণেশগুৰি: গুৱাহাটী